Mising Autonomous Council

Kapé MAC

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Mising Autonomous Council

■ ১৫/১১/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত গোগামুখ চেতিয়া গাঁৱস্থিত গ্ৰাম্য জীৱন জীৱিকা সমল কেন্দ্ৰত ধৰ্তি আবা বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী বৰ্ষ “জনজাতীয় গৌৰৱ দিৱস সমাৰোহ” অনুষ্ঠিত কৰে।

 

সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিৰছা মুণ্ডাৰ সংগ্ৰামী জীৱন যাত্ৰাৰ বিষয়ে বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সমূহ কাৰ্য্যবাহী সদস্য/সদস্যা, সাধাৰণ সদস্য/সদস্যা, গণশক্তি, MMK, TMMK, TMPK, ৰ বিষয়ববীয়া।

Mising Autonomous Council

■ ১৫/১১/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২২ নং খেৰকটা দাংধৰা সমষ্টি অন্তৰ্গত বলাইচুকৰ পৰা নিউ জিলি চাৰিআলিলৈকে নৱনিৰ্মিত ১ কিলোমিটাৰ পথ শুভ উদ্ধোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

Mising Autonomous Council

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদ অধ্যক্ষ সুনীল কুমাৰ পেগু, সাধাৰণ সদস্যা বিউটি পেগু, MMK ৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, আৰু জাতীয় সংগঠনৰ বিষয়ববীয়া ।

উক্ত পথ টি নিৰ্মাণ কৰাৰ ফলত বাৰিষা কালত সৃষ্টি হোৱা নৰক যন্ত্ৰণাৰ পৰা স্থানীয় ৰাইজ মুক্ত হব বুলি মন্তব্য প্ৰকাশ কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

■ ১৬/১১/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত পৰিষদৰ ৩৫ তম সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰে।

Mising Autonomous Council

সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, সমূহ কাৰ্য্যবাহী সদস্য/সদস্যা, সাধাৰণ সদস্য/সদস্যা।

সাধাৰণ পৰিষদৰ সভাত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ ক্ৰমে –

১/ MACৰ উদ্যোগত কৃষি, পশুপালন, মীন পালন, হস্ততাঁত শিল্প আৰু দক্ষতা বিকাশ ক্ষেত্ৰত প্ৰশিক্ষিত ও আৰ্থিক সাহাৰ্য্য লাভ কৰা ব্যক্তিসকলৰ সফলতা আৰু বিফলতা সম্পৰ্কে বিশেষজ্ঞৰ দ্বাৰা মূল্যায়ন কৰা হ’ব।

২/ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আচঁনি সমূহ ৰূপায়ন সৈতে জড়িত প্ৰশাসনিক প্ৰক্ৰিয়া নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

৩/ সকলো সহযোগী দল-সংগঠনৰ অংশগ্ৰহণেৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আচঁনি নিৰ্বাচনৰ বাবে প্ৰি-বাজেত বৈঠক আহ্বান কৰা হ’ব।

৪/ মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাবে প্ৰয়োগ কৰাৰ সমগ্ৰ প্ৰক্ৰিয়া পৰিচালনা কৰাৰ বাবে দহজনীয়া “মিচিং ভাষা শিক্ষা কোষ” নামেৰে এখন বিশেষ সমিতি গঠন কৰা হ’ব।

৫/ বিগত দহ বছৰীয়া সাফল্য MAC এলেকাৰ চুকে-কোনে মবাইল ভান’ৰ জৰিয়তে চলন্ত প্ৰচাৰ কৰিবলৈ প্ৰতি সমষ্টিত প্ৰচাৰ পৰিচালনা সমিতি গঠন কৰা হ’ব।

■ খেল-ধেমালিয়ে মানুহৰ দেহ-মন সতেজ কৰি ৰখাৰ লগতে মানসিক স্বাস্থ্য শক্তিশালী কৰি আত্মবিশ্বাস বৃদ্ধি কৰে।

Mising Autonomous Council

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী তথা সবল নেতৃত্বত ক্ৰীড়া জগত খনলৈ আন এক নতুন বাৰ্তা কঢ়িয়াই আনিছে।

ৰাজ্যৰ চুকে-কোণে থকা সুপ্ত প্ৰতিভাসমূহক এখন বৃহৎ মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে আয়োজন কৰা “খেল মহাৰণ”ৰ অংশ স্বৰূপে ১৪/১১/২০২৪ তাৰিখে মহৰীকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প খেলপথাৰত অনুষ্ঠিত কৰা “খেল মহাৰণ” কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আয়োজক সমিতি আৰু বিভিন্ন দায়িত্বত থকা বিষয়াসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰতিযোগিতাৰ সফল সামৰণি কামনা কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে ।

উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

■ ২৯ নৱেম্বৰ পৰা ১ ডিচেম্বৰ ২০২৪ তাৰিখলৈকে গোগামুখত অনুষ্ঠিত হ’বলগীয়া “মিচিং অলিম্পিক”ৰ মাণ্ডলিক্ ফুটবল প্ৰতিযোগিতাৰ বাবে অনুশীলন কৰি থকা ধেমাজি জিলাৰ খেলুৱৈ দলটোক ১৪/১১/২০২৪ তাৰিখে সাক্ষাৎ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।Mising Autonomous

লগতে অনুশীলন কৰা খেল উপভোগ কৰি খেলুৱৈ সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু।

■ ১৩/১১/২০২৪ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত “নিবনুৱা যুৱক-যুৱতীৰ জীৱন-জীৱিকাৰ সম্ভাৱনা আৰু আমাৰ দায়িত্ব” বিষয়ৰ ওপৰত কেন্দ্ৰীয় কৰ্মশালা অনুষ্ঠিত কৰে।

Mising Autonomous Council

কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি উক্ত বিষয়ৰ ওপৰত বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

Mising Autonomous Council

কৰ্মশালাত উপস্থিত থাকে সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় উপদেষ্টা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, গণশক্তিৰ উপ-সভাপতি হিৰণ্য দত্ত, জহান দলে, সাধাৰণ সম্পাদক (প্ৰসাশনিক) ৰমা পাইট, সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, কেন্দ্ৰীয় নাৰী শক্তিৰ সভানেত্ৰী ভৱানী দুৱৰা, সম্পাদিকা নিভা পেগু মিলিৰ লগতে গণশক্তিৰ সমূহ কেন্দ্ৰীয় বিষয়ববীয়া।

■ ১২/১১/২০২৪ তাৰিখে সন্মিলিত গণশক্তি অসমৰ জ’নাই জিলা শক্তিৰ উদ্যোগত আৰু জ’নাই খণ্ড শক্তিৰ সহযোগত চিমেন চাপৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত “ৰাজনৈতিক আৰু দলীয় সাংগঠনিক কৰ্মশালা” অনুষ্ঠিত কৰে।

Mising Autonomous Council

কৰ্মশালা খনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জ’নাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, সন্মিলিত গণশক্তি অসমৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

উপস্থিত থাকে সন্মিলিত গণশক্তি অসমৰ উপ-সভাপতি হিৰণ্য দত্ত, কেন্দ্ৰীয় নাৰী শক্তিৰ সভানেত্ৰী ভৱানী দুৱৰা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ্ব কুম্বাং, TMPK ৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, কেন্দ্ৰীয় শ্ৰমিক শক্তিৰ সম্পাদক অতুল পেগু, জ’নাই খণ্ডশক্তিৰ সভাপতি পদুম ৰায়, জ’নাই জিলাশক্তি, খণ্ডশক্তিৰ বিষয়ববীয়া আৰু MMK, TMMK, TMPK ৰ নেতা কৰ্মীৰ লগতে স্থানীয় ৰাইজ।

■ ১২/১১/২০২৪ তাৰিখে উজনি চিচি কোলাজান CFC ত সন্মিলিত গণশক্তি অসমৰ চিচি টঙানী খণ্ডশক্তি, নাৰী শক্তি, শ্ৰমিক শক্তি আৰু কৃষক শক্তিৰ যৌথ কৰ্মী সভা অনুষ্ঠিত কৰে।

Mising Autonomous Council

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে জ’নাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু সন্মিলিত গণশক্তি অসমৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যোগেশ্বৰ কুটুম, কাৰ্য্যবাহী সদস্য জহান দলে, সন্মিলিত গণশক্তি অসমৰ উপ-সভাপতি হিৰণ্য দত্ত, চিচি টঙানীৰ খণ্ডশক্তি, নাৰী শক্তি, শ্ৰমিক শক্তি আৰু কৃষক শক্তিৰ সভাপতি/সম্পাদকৰ লগতে MMK, TMMK, TMPK ৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

আপুনি আপোনাৰ বহুমূলীয়া তথা মূল্যবান সময় খৰচ কৰি আমাৰ প্ৰতিবেদনটি পঢ়াৰ বাবে Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *