
■ ০৬/১১/২০২৪ তাৰিখে গুৱাহাটীৰ কন্যাধাৰাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ সচিব গোবিন মোহনক সাক্ষাৎ কৰি মিচিং স্বায়ত্বশাসিত পৰিষদক সাংবিধানিক মৰ্য্যদা প্ৰদান আৰু জাতীয় বিভিন্ন সমস্যা সমাধাসূত্ৰে স্মাৰক পত্ৰ প্ৰদান কৰে 
মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

সাক্ষাৎকালত উপস্থিত থাকে অধ্যক্ষ সুনীল কুমাৰ পেগু, TMPKৰ কেন্দ্ৰীয় সভাপতি তিলক দলে, সম্পাদক চান পাংগিং আৰু অন্যান্য বিষয়ববীয়া।
■ ০৮/১১/২০২৪ তাৰিখে জনাই বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ বাবে অসম চৰকাৰৰ উদ্যোগত আৰু মিচিং স্বায়ত্বশাসিত পৰিসদৰ সহযোগত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পোনপ্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ নেতৃত্বাধীন অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, 
জ’নাই মহকুমাৰ মহকুমাধিপতি আনন্দ মালহোট্ৰা, মিচিং লোক সংস্কৃতিৰ সাধক তথা সংগীত নাটক অকাডেমী বঁটা প্ৰাপক তৰাৱতী মিলি, জ’নাই মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ দলে, জ’নাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, MAKৰ প্ৰাক্তন সভাপতি ড° বিদ্যেশ্বৰ দলে, MAKৰ সম্পাদক সোমেশ্বৰ কপ্তাক, পৰিষদৰ কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, কাৰ্য্যবাহী সদস্য নৰেশ্ব কুম্বাং, সাধাৰণ সদস্যদ্বয় পদুম ৰায়, ববিকান্ত পেগু, TMPKৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, TMPK সভাপতি তিলক দলে, গণশক্তি, MMK, TMMK আৰু TMPKৰ বিষয়ববীয়া।
■ ০৭/১১/২০২৪ তাৰিখে বিহালী স্নাতক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আদৰণী জনোৱাৰ লগতে মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু গণশক্তিৰ প্ৰতিনিধিয়ে উক্ত সমষ্টিত চলোৱা নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কে অৱগত কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, দেৱৰঞ্জন মৰাং, উমা পাথৰি, গণশক্তি আৰু জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।

আনহাতে, সাংসদ ৰঞ্জিত দত্ত বাসগৃহত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰৰ বিষয়ে বিশেষ আলোচনাত মিলিত হয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্যৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ বৰ্গই।
■ ০৯/১১/২০২৪ তাৰিখে সোৱণশিৰি উপত্যকাত পশুপালন আৰু কৃষক সমাৰোহ অনুষ্ঠিত কৰে।

সমাৰোহ খনিত সভাপতিত্ব কৰে মিচিং আগম কেবাঙৰ উপ-সভাপতি কালিনাগ পাংগিঙে।
উক্ত সমাৰোহত “সম্ভাৱনা, সমস্যা আৰু সমাধান” শীৰ্ষক আলোচনাচক্ৰত সমল ব্যক্তি হিচাবে উপস্থিত থাকি বক্তব্য প্ৰদান কৰাৰ লগতে ভৰতচুক, কমান চাপৰি আৰু ৰেগন চাপৰি গাঁৱৰ গাহৰি, ছাগলী, ব্ৰয়লাৰ, মুগা, মীন পালক আৰু তিল খেতিয়ক সকলৰ বিভিন্ন সমস্যা সম্পৰ্কে মত বিনিময় কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উল্লেখ্য যে, সমাৰোহত কৃষক সকলৰ সমস্যা সমাধানৰ বাবে ক্লাষ্টাৰ পদ্ধতিৰে “সোৱণশিৰি উপত্যকা কৃষক পশুপালক ও কৃষক সমিতি”ৰ আহ্বায়ক সমিতি গঠন কৰে।
সমাৰোহত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্যা ইন্দিৰা কুম্বাং, TMPKৰ প্ৰাক্তন সম্পাদক পদ্মলোচন দলে, দিপেণ দলে, ৰাজীৱ টাইদ, গণশক্তি, MMK, TMMK , TMPKৰ বিষয়ববীয়াৰ লগতে স্থানীয় কৃষক ৰাইজ।
■ ১০/১১/২০২৪ তাৰিখে বিহালীৰ বিহমাৰী মিচিং গাঁৱত ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য জহান দলে, পুৰুষোত্তম দলে, প্ৰশান্ত বড়ি, দেৱৰঞ্জন মৰাং, সাধাৰণ সদস্য দিলীপ পেগু আৰু বিহালী বিহমাৰীৰ স্থানীয় ৰাইজ।
■ ০৩/১১/২০২৪ তাৰিখে গোগামুখ চুমনি গাঁৱত নিৰ্মাণ কৰি থকা মিচিং স্বায়ত্বশাসিত পৰিষদৰ স্থায়ী সচিবালয়ৰ নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন কৰে পৰিষদৰ বিষয়া কৰ্মচাৰী আৰু কাৰিকৰীৰ এটা দলে।
Sangita Dutta Editor in Chief Rnewsindia24.com