Kapé MAC
■ ১৮/১১/২০২৪ তাৰিখে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৪০ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা ধেমাজি সম্বৰ্দ্ধনা আৰু মুখপত্ৰ “নাট্যপ্ৰজ্ঞা” উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
নিমন্ত্ৰণ জনোৱা আয়োজক সমিতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
■ ২০/১১/২০২৪ তাৰিখে সন্মিলিত গণশক্তি অসমৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে প্ৰতিটো খণ্ডত কৰ্মশালা অনুষ্ঠিত কৰে।
ঢকুৱাখনা খণ্ডশক্তিৰ উদ্যোগত অনুষ্ঠিত হোৱা
‘নিৱনুৱা যুৱক যুৱতীৰ জীৱন জীৱিকাৰ সম্ভাৱনা আৰু আমাৰ দায়িত্ব’ শীৰ্ষক কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু।
উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্যা বিউতি পেগু, MMK ৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMPKৰ সাংগঠনিক সম্পাদক যটিন পেগু, ঢকুৱাখনা খণ্ডশক্তিৰ বিষয়ববীয়া।
■ ২০/১১/২০২৪ তাৰিখে গোগামুখ আবুতানি লত্তাত TMPK ৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া Mising Sports Carnivalৰ Theme song আৰু Mascot উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্যা ইন্দিৰা কুম্বাং, MMK, TMMK, TMPK ৰ বিষয়ববীয়া।
আনহাতে, ২৪/১১/২০২৪ তাৰিখে অহা ২৮, ২৯, ৩০ আৰু ১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হবলগীয়া MISING SPORTS CARNIVAL, GOGAMUKH’ 24 অভ্যৰ্থনাৰ বাবে ‘GAME VILLAGE(খেলুৱৈ শিৱিৰ, ৰন্ধন শালা, ভোজনালয়, স্বেচ্ছাসেৱক শিৱিৰ, পয় প্ৰণালী, চিকিৎসা কক্ষ আৰু স্মৃতিস্তম্ভ)ৰ প্ৰস্তুতিৰ চৰজমিন পৰিদৰ্শন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
লগতে বিভিন্ন খেল সমূহ অনুষ্ঠিত কৰাৰ বাবে গোগামুখ মহাবিদ্যালয়, গোগামুখ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ চৌহদ খেলপথাৰ সমূহো পৰিদৰ্শন কৰে ।
■ ১৮/১১/২০২৪ তাৰিখে গোগামুখ চুমনি গাঁৱত নিৰ্মাণ কৰি থকা মিচিং স্বায়ত্বশাসিত পৰিষদৰ স্থায়ী সচিবালয়ৰ নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন কৰে MACৰ মুখ্য সহায়কৰ নেতৃত্বত যোৱা এটি বিষয়া দলে।
■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ১৫ সংখ্যক Mising Handloom Expo 2024 অহা ৪ ডিচেম্বৰ তাৰিখৰ পৰা ৮ ডিচেম্বৰলৈ ডিব্ৰুগড় বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব।
Sangita Dutta Editor in Chief Rnewsindia24.com