Kapé MAC
■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ দ্বাৰা ২০২৩ চনৰ পৰা বৰ্ষৰ প্ৰথমখন পৰিষদীয় সাধাৰণ সভা পৰিষদৰ অন্তৰ্গত এখন গাঁৱত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত অনুসৰি ০৫/০১/২০২৫ তাৰিখে মাজুলী জিলাৰ কুলামুৱা স্থিত “দ্যা হামিং বাৰ্ড বিদ্যালয়”ৰ প্ৰেক্ষাগৃহত ২০২৫ বৰ্ষৰ প্ৰথম তথা ৩৭ সংখ্যক সাধাৰণ পৰিষদীয় সভা অনুষ্ঠিত কৰে।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সভাখনিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য-সদস্যা, সাধাৰণ সদস্য-সদস্যা উপস্থিত থাকে।
আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন গাম, প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে, মিচিং জাতীয় সংগঠন MBK, MMK, MDK , MAK TMMK, TMPK ৰ কেন্দ্ৰীয় সভাপতি/সাধাৰণ সম্পাদক ডাঙৰীয়া, দ্যা হামিং বাৰ্ড বিদ্যালয়ৰ পৰিচালন সঞ্চালক, গণশক্তি, গোৰ্খা ছাত্ৰ সন্থাকে ধৰি মাজুলী জিলাৰ জাতীয় সংগঠনৰ বিভিন্ন বিষয়ববীয়া।
উল্লেখ্য যে, উক্ত সভাত বিগত ১০ বছৰত ৰূপায়ন কৰা আৰু আগন্তুক ৫ বছৰত ৰূপায়ন কৰিবলগীয়া আঁচনি সমূহৰ বিষয়ে বিশেষ পৰ্যালোচনা কৰে।
■ ৫/০১/২০২৫ তাৰিখৰ পৰা ৬/০২/২০২৫ তাৰিখলৈ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত মিংমাং পৰিষদীয় সমষ্টিৰ মিংমাং ৰুপহী মিচিং পেনচাক্ চিলাট সমৰ ক’লা আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰত MAC Super League ৰ একমহীয়া প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে।
যোৱা ইংৰাজী ০১/০১/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই প্ৰশিক্ষণস্থলি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিকে ধৰি বিভিন্ন দিশৰ বুজ লয়।
পৰিদৰ্শন কালত সংগ দিয়ে TMPK ৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিয়ে।
■ ০৪/০১/২০২৫ তাৰিখে জেংৰাইমুখত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৪-২৫ বৰ্ষৰ আৱণ্টিত মুঠ পুঁজি ৮২ লাখ টকাৰ প্ৰথম কিস্তি ৪৩.১৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কুমাৰবাৰী ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি স্থানীয় ৰাইজৰ সৈতে মত বিনিময়ৰ জৰিয়তে বিগত আৰু আগন্তুক বৰ্ষত ৰূপায়ন কৰা-কৰিবলগীয়া বিভিন্ন আঁচনি সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য নিলকান্ত দলে।
উপস্থিত থাকে MMK ৰ কেন্দ্ৰীয় উপ-সভাপতি প্ৰেমধৰ দলে, মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সদস্য জগনাথ দলে, MMK ৰ কেন্দ্ৰীয় সদস্য চাপল দলে, TMMKৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী ইলাজ্যোতি কুম্বাং, কুমাৰবাৰী উন্নয়ন সমিতিৰ সভাপতি বিজয় পেগু, বৰপমূৱা গাওঁ উন্নয়ন সমিতিৰ সভাপতি নাৰায়ণ দলে, কুমাৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মেম্বৰ দলে, অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন দলে, সন্মিলিত গণশক্তি অসমৰ উজনি মাজুলী খণ্ড শক্তিৰ সম্পাদক দিলিপ বৰা, ৰাকেশ পাতিৰ, তুলসী পেগু, MMK, TMMK, TMPK ৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
উল্লেখ্য যে, ১৯৮৫ চনত অনুষ্ঠিত হোৱা জেংৰাইমুখ অধিবেশনত সদৌ মিচিং ছাত্ৰ সন্থাৰ পৰিবৰ্তে “টাকাম মিচিং পৰিণ কেবাং” নামেৰে নামাকৰণ কৰি মিচিং জনগোষ্ঠীৰ জাতীয় সমস্যা সমূহক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ভাৱে সংগ্ৰামী কাৰ্যসূচীৰ জৰিয়তে উত্থাপন কৰাৰ প্ৰস্তাৱ তথা কাৰ্য্যসূচী এইখন ঐতিহ্যমণ্ডিত ৰংগমঞ্চতে ৰূপায়নৰ শুভাৰম্ভণি কৰা হৈছিল।
সেইখন অধিবেশনতেই পোনপ্ৰথম বাৰৰ বাবে TMPK ৰ সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হোৱা তথা ছাত্ৰ ৰাজনীতিৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজীয়া হৈ পৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকী আৰু সমূহ জেঙেৰাইবাসী ৰাইজ।
■ ০৪/০১/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩১ নং ফুলনি জকাইবোৱা পৰিষদীয় সমষ্টিৰ কুলামুৱাত ২০২১-২২ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ আৱণ্টিত মুঠ পুঁজি ৪৯ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা “সামূহিক সুবিধা কেন্দ্ৰ” ৰ শুভ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰ খন উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য উমা পাথৰি, সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম, সাধাৰণ সদস্য নিলকান্ত দলে, MAK ৰ উপ-সভাপতি ৰঞ্জিত দলে, TMMKৰ জিলা সভানেত্ৰী কবিতা নৰহ মিলি, MMK ৰ উপ-সভাপতি প্ৰেমধৰ দলে, MAK ৰ কেন্দ্ৰীয় সদস্য ৰঞ্জিত গাম।
উল্লেখ্য যে, উক্ত সামূহিক সুবিধা কেন্দ্ৰখন পৰিচালনা কৰিবৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰাৰ পৰামৰ্শ আগবঢ়াই মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
■ ৩১/১২/২০২৪ তাৰিখে মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বাঃনে কেবাঙৰ সিদ্ধান্তৰ আধাৰত ‘গোগামুখ ঘোষনা’ সম্পৰ্কে চতুৰ্থ পৰ্য্যায়ৰ কৰ্মশালা খনি গুৱাহাটীত অনুষ্ঠিত কৰে।
উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
উপস্থিত থাকে মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি সকল।
■ জখলাবন্ধাৰ নতুনডাংগা গাঁৱত ১৯ জন সদস্যৰে গঠিত ‘ইনগাম’ আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত কাৰ্বি খাদ্য কেন্দ্ৰ ‘চৰান আহেম’ (খাদ্য গৃহ)ত উপস্থিত হৈ প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰি কাৰ্বি থলুৱা খাদ্য গ্ৰহণ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ত্ৰতাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত যোৱা ইংৰাজী ২৭/১২/২০২৪ তাৰিখে গ্ৰাম্যাঞ্চলৰ উদ্যোগী শিপিনী সকলৰ প্ৰস্তুতিত সামগ্ৰী আৰু ব্যৱসায়িক সম্প্ৰসাৰণ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ উদ্দেশ্যে গোগামুখ আবুতানি লত্তা প্ৰেক্ষাগৃহত “শিপিনী সমাৰোহ ২০২৪” অনুষ্ঠিত কৰে।
অনুষ্ঠানটি শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, পৰিষদৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্যা ইন্দিৰা চিন্তে কুম্বাং, লাদৈগড়স্থিত কেন্দ্ৰীয় মুগা-এৰি গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালক ড০ কাৰ্তিক নেওগ, বৈজ্ঞানিক মঞ্জু নাথ, পুলক ৰাভা, ধেমাজি হস্ততাঁত বিভাগৰ সহকাৰী সঞ্চালক অনুপ কুমাৰ ৰাভা, লখিমপুৰ জিলাৰ সম্প্ৰসাৰণ বিষয়া ডি এম হুছেইন, ৰূপক বৰা, গোগামুখস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰবন্ধক ৰুণুমী গগৈ, অসম গ্ৰামীণ বিকাশ বেংকৰ জয়ন্ত বৰুৱা, বন্ধন বেংকৰ বিপুল চুংক্ৰাং, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য-সদস্যা, সাধাৰণ সদস্য -সদস্যা, MMK, TMMK ৰ কেন্দ্ৰীয়, জিলাৰ সন্মানীয় বিষয়ববীয়া আৰু উদ্যোগী শিপিনী সকল।
MAC ৰ খবৰ সমূহ জানি নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com