Chandraprava Saikiani

অসমীয়া নাৰী সমাজৰ পথ প্ৰদৰ্শক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ চমু জীৱনযাত্ৰা

Spread the love

 

 

যুগে যুগে সমাজত স্ব-নাম আৰু স্ব-জাতিৰ বাবে নাম উজ্বলোৱা বহু কৃতবিদ্য পুৰোধাৰ জন্ম হয়৷
তেনে এগৰাকী মহীয়সী নাৰী আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী।

তেওঁ অসমৰ জাতীয় জীৱনৰ এগৰাকী বিদুষী নাৰীসত্তা, প্ৰখ্যাত মুক্তিযুঁজাৰু তথা স্বাধীনতা সংগ্ৰামী, বিশিষ্ট সাহিত্যিক আৰু সমাজ সংস্কাৰক।

অসমৰ নাৰীবাদী আন্দোলনক পথ প্ৰদৰ্শন কৰা চন্দ্ৰপ্ৰভাই নাৰী সমাজৰ কল্যাণৰ হকে সদৌ অসম প্ৰাদেশীক মহিলা সমিতি প্ৰতিষ্ঠা কৰাত অন্যতম বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷

যি সময়ত মহিলাসকলে ঘৰৰ পৰা ওলাই অহাটো কল্পনাতীত আছিল সেই সময়ত নিৰ্ভীকতাৰে অসমৰ নাৰীসকলৰ স্বাধীনতা মৰ্যাদা আৰু ৰাজনৈতিক, সামাজিক অধিকাৰৰ বাবে যুঁজ দিছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে।
তেনে কালত মহিলাসকলে প্ৰতিবাদ শব্দটো নাজানিছিল, শিক্ষাৰ ক্ষেত্ৰত ছোৱালীৰ বিৰুদ্ধে বৈষম্য চলিছিল, যাৰ বিৰুদ্ধে মাত মাতিছিল চন্দ্ৰপ্ৰভাই।

জানোঁ আহঁক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ চমু জীৱনীৰ বিষয়ে-

চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল ১৯০০ চনৰ ১৬ মাৰ্চ তাৰিখে তেতিয়াৰ বৰপেটা জিলাৰ বজালী অঞ্চল আৰু বৰ্তমান বজালী জিলাৰ দৈশিঙৰী গাঁৱত।
তেওঁৰ পিতৃৰ নাম আছিল ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম আছিল গংগাপ্ৰিয়া মজুমদাৰ।
ৰাতিৰাম মজুমদাৰ গাওঁবুঢ়া আছিল।
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্মৰ পাছত তেওঁৰ নাম আছিল চন্দ্ৰপ্ৰিয়া।
ৰামেশ্বৰী আছিল চন্দ্ৰপ্ৰিয়াৰ ভনীয়েক।
দুয়ো বাই-ভনীৰ নাম পিছলৈ চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা নামেৰে নামাংকিত হৈছিল।

চন্দ্ৰপ্ৰভাৰ মাকে দুই সন্তানক শিক্ষিত কৰিবলৈ নিজৰ গাঁৱত পঢ়াশালি নথকাৰ বাবে ওচৰৰে ভালুকী গাঁৱৰ মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক বিদ্যালয়ত পঢ়া-শুনা কৰিবলৈ দিছিল। সেই স্কুলৰ পৰাই ১৯০৭ চনত ১১ বছৰ বয়সত প্ৰাথমিক স্তৰৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হয়।
সেই সময়ত, বিদ্যালয় পৰিদৰ্শকে ছমাহৰ মূৰে মূৰে বিদ্যালয়লৈ আহি শিক্ষাৰ্থীসকলৰ পৰীক্ষা লৈ প্ৰমোচন দিছিল।
প্ৰধান শিক্ষক কৃষ্ণকান্ত দত্তই চন্দ্ৰপ্ৰিয়া (চন্দ্ৰপ্ৰভা)ক তেওঁৰ মেধাৰ বাবে ৰূপৰ পদকেৰে সন্মানিত কৰিছিল।
উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ হাবিয়াস থকাৰ পাছতো, তাৰ কোনো উপায় নাপাই মাক-দেউতাকৰ অনুমতিত দৈশিঙৰী গাঁৱৰ কাষৰে অকয়া গাঁৱত চন্দ্ৰপ্ৰভাই সেইকণ শিক্ষাকে সাৰথি কৰি এখনি বালিকা বিদ্যালয় গঢ়ি তোলে।
কিন্তু ১৯১৪ চনত তেতিয়াৰ বিদ্যালয় পৰিদৰ্শক নীলকান্ত বৰুৱাৰ কাণত কথাটো পৰাত তেওঁ চন্দ্ৰপ্ৰভাক নগাঁৱৰ মিছন স্কুলত পঢ়াৰ পৰামৰ্শ দিয়ে আৰু দুয়ো বাই-ভনীয়ে ১৯১৫ চনত নগাঁৱত শিক্ষাজীৱন আৰম্ভ কৰে।
আন এক তথ্যমতে, চন্দ্ৰপ্ৰভাই ইয়াৰ পাছত মজলীয়া বিদ্যালয়ৰ পঢ়াৰ বাবে কঁঠালগুৰি এম.ভি. বিদ্যালয়ত নাম লগাইছিল।
বহু দূৰ বাট খোজ কাঢ়ি বিদ্যালয় লৈ যাব লগা হৈছিল।
শেষত দুই বাই-ভনীয়ে এম.ভি. পাছ কৰে।
বিদ্যালয় উপ-পৰিদৰ্শক নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ পঢ়াৰ প্ৰতি থকা ধাউতি দেখি বৃত্তি দিয়াই নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিয়ে।
আৰু সেই নগাঁও মিছন স্কুলতে চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ নাম সলনি কৰি ক্ৰমে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা কৰা হয়।

নগাঁৱৰ মিছন স্কুলত শিক্ষা আৰম্ভ কৰিয়েই চন্দ্ৰপ্ৰভাই তেওঁৰ বিপ্লবী জীৱনৰ আৰম্ভণি হৈছিল বুলি ক’ব।
মিশ্যন স্কুলত দুয়ো বাই-ভনীক হিন্দু ধৰ্মাৱলম্বী হোৱাৰ বাবে ছাত্ৰীনিবাসৰ এটা সৰু কোঠাত থাকিবলৈ দিছিল।
প্ৰথমাৱস্থাত বিশেষ একো ভবা নাছিল যদিও পিছত আন এগৰাকী হিন্দু ধৰ্মাৱলম্বী ছোৱালী বিদ্যালয়ত ভৰ্তি হোৱাত থকা ঠাইৰ অভাৱ দেখুৱাই তেওঁক নিবাসৰ গুদাম ঘৰত থাকিবলৈ দিছিল।
খ্ৰীষ্টান ধৰ্ম লোৱাহেঁতেন তেওঁলোক আটায়ে আনৰ লগত একেলগে ভাল কোঠাত থাকিবলৈ পালেহেঁতেন বুলি কথাটো জানিবলৈ পাই বিদ্যালয়ৰ সকলো ছাত্ৰীকে একগোট কৰি সেই অন্যায়ৰ বিৰুদ্ধে চন্দ্ৰপ্ৰভাই মাত মাতিলে আৰু নিবাসৰ দায়িত্বত থকা মিছ লঙক তেওঁৰ এই পক্ষপাতমূলক ব্যৱস্থা উঠাই ল’বলৈ বাধ্য কৰালে।
সেইয়াই আছিল চন্দ্ৰপ্ৰভাৰ প্ৰথম বিদ্ৰোহ আৰু তাৰ সফলতা।

চন্দ্ৰপ্ৰভাই ১৯১৮ চনত পঢ়া শেষ কৰি নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰথমে কাম কৰে।
ইয়াৰ পাছত তেজপুৰৰ এখন মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্ত হয়।
এইখিনি সময়তে তেওঁ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, গান্ধীবাদী নেতা, শিক্ষাবিদ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী অমিয় কুমাৰ দাস আৰু বহু স্বাধীনতা সংগ্ৰামীৰ সান্নিধ্য লাভ কৰে।
স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক জ্যোতিপ্ৰসাদ আগৰৱালাই চন্দ্ৰপ্ৰভাক স্বেচ্ছাসেৱিকাসকলৰ ’কুচকাৱাজ’ শিকোৱাৰ দায়িত্ব দিছিল।
তেতিয়াৰ পৰাই চন্দ্ৰপ্ৰভাই বিভিন্ন সামাজিক কামত মনোযোগ দিবলৈ আৰম্ভ কৰে।
ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ লগতে তেখেতে নাৰী জাগৰণৰ বাবে কাম কৰিছিল।
পৰ্দাপ্ৰথা, পতিতাবৃত্তি আৰু দেৱদাসীপ্ৰথা নিবৃত্তিও নাৰী কল্যাণৰ কামসমূহৰ অন্তৰ্গত আছিল।
তেওঁ অসমত মহিলা সমিতি পাতি মহিলাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ বাবে সংগঠিত ৰূপত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
কেৱল স্ত্ৰী-শিক্ষাৰ আৰু নাৰীৰ সংস্থাপনৰ বাবে কাম নকৰি, তেওঁলোকে শিশু-কল্যাণ আৰু শাৰীৰিক ভাৱে অক্ষম লোকৰ হকেও কাম কৰিছিল।
কুটিৰ শিল্প স্থাপন, মাদক দ্ৰব্য নিবাৰণ, নাৰ্ছাৰী স্কুল আৰু পুথিভঁৰাল স্থাপন, বোৱাকটা কেন্দ্ৰ, চিলাই আৰু উল গোঁথাৰ প্ৰশিক্ষণ কেন্দ্ৰ, কাৰ্পেট বোৱা আৰু মৰাপাটৰ সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ কেন্দ্ৰ আদি স্থাপন কৰি তেওঁলোকে সমাজৰ উন্নতিৰ হকে যথেষ্ট কাম কৰিছিল।

১৯২০ চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ কানিৰ বিৰুদ্ধে অগ্নিগৰ্ভা ভাষণ আগবঢ়াইছিল।
১৯২৫ চনত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নগাঁও অধিৱেশনত মহিলাসকলক স্বাধীনতা যুঁজৰ সেনানী হ’বলৈ আহ্বান জনাইছিল।
ইয়াৰ ফলশ্ৰুতি ৰূপে অসম মহিলা সমিতি গঠন হয় আৰু চন্দ্ৰপ্ৰভাই এই সমিতিৰ সম্পাদিকাৰ কাৰ্যভাৰ গ্ৰহণ কৰে।
একেৰাহে তেওঁ সাত বছৰ এই পদবীত অছিল।

চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৩ চনত ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান আৰু ১৯৪৩ চনত দুবাৰ কাৰাবাস খাটিব লগীয়া হৈছিল।
কিছুকাল কৃষক সভাৰো সভানেত্ৰী আছিল।
১৯৫৭ চনত তেওঁ বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হৈ পৰাজিত হয়।
১৯৬৯ চনৰপৰা স্বাস্থ্য অৱনতি ঘটাত তেখেতে সামাজিক কাৰ্যৰপৰা অব্যাহতি লয়।
১৯৪৫ চনত জাতিৰ পিতা মহাত্মা গান্ধী আৰু ১৯৬৩ চনত মহাত্মা গান্ধীৰ প্ৰধান শিষ্য বিনোৱা ভাৱে অসমলৈ আহোঁতে চন্দ্ৰপ্ৰভাই তেওঁলোকৰ ভ্ৰমণত সংগ দিছিল।

১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯২০-২১ চনৰ অসহযোগ আন্দোলনত শইকীয়ানীয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।
বিধানসভাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি স্বাধীন ভাৰতৰ ৰাজনীতিত আগভাগ লোৱা প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে পৰিগণিত হৈছিল।
তেওঁৰ ভনীয়েক ৰজনীপ্ৰভা আছিল অসমৰ প্ৰথমগৰাকী মহিলা এম বি বি এছ।

তেজপুৰত থকা কালতে চন্দ্ৰপ্ৰভাই সাহিত্যিক দণ্ডিনাথ কলিতাক লগ পায়।
দুয়ো দুয়োৰে প্ৰতি আকৰ্ষিত হৈ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।
কিন্তু ৰক্ষণশীল সমাজৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ এই প্ৰেমক স্বীকৃতি নিদিলে।
ফলত, গন্ধৰ্ব প্ৰথা মতে চন্দ্ৰপ্ৰভা দণ্ডিনাথ কলিতাৰ লগত বিবাহপাশত আৱদ্ধ হয়।
কিন্তু সমাজে সেই বিয়াকো স্বীকৃতি দিয়া নাছিল।
দণ্ডিনাথ কলিতা সমাজৰ ওচৰত হাৰ মানি আঁতৰি গ’ল, আৰু তেওঁলোকৰ মিলনত এটি পুত্ৰ সন্তান জন্ম হয়।
সাহসিকতাৰে তেওঁ বিবাহ বহিৰ্ভূত সন্তানক জন্ম দি অকলেই ডাঙৰ কৰাৰ সংকল্প লৈ পুনৰ পিতৃভিঠা বজালীলৈ উভতি আহিল।

১৯৭২ চনৰ ১৬ মাৰ্চ তাৰিখে চন্দ্ৰপ্ৰভা শইকীয়ানী কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ কেইমাহমান পূৰ্বে ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক “পদ্মশ্ৰী” সন্মান প্ৰদান কৰে।
২০০২ চনত ডাক বিভাগৰ অধীনত যেতিয়া সমাজ সংস্কাৰক সকলৰ নামেৰে স্মাৰক ডাক টিকট জাৰী কৰা হৈছিল, তেতিয়া তেখেতকো সন্মান জনাই তেওঁৰ নামতো এটা ডাক টিকট জাৰী কৰিছিল ।
উত্তৰ-পূব ভাৰতত মহিলাশিক্ষাৰ প্ৰচাৰৰ বাবে ২০০৯ চনত গুৱাহাটীৰ চৰকাৰী ছাত্ৰী পলিটেকনিক তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল।
তাৰ বাহিৰেও তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁৰ নামত চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিছিল।

চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেওঁৰ জীৱনকালত তিনিখন উপন্যাস লিখিছিল যদিও ‘পিতৃভিঠা’ নামৰ উপন্যাসখনেহে প্ৰকাশিত হয়।
বাকী ‘শেষ আশ্ৰয়’ আৰু ‘অপৰাজিতা অসম্পূৰ্ণ ৰূপত উদ্ধাৰ হয়।
ইয়াৰ ভিতৰত ‘পিতৃভিঠা’ উপন্যাসখন নাৰীবাদী উপন্যাস ৰূপে বহুচৰ্চিত।
উপন্যাসৰ উপৰি তেখেতে গল্প, নাটক আৰু কবিতাও লিখিছিল।
তেখেতৰ কবিতা পুথিখনৰ নাম হৈছে “মোৰ কবিতা”।
অসম প্ৰাদেশিক মহিলা সমিতিৰ অস্পৃশ্যতা নিবাৰণ বিভাগে প্ৰকাশ কৰা ‘মুক্ত মানব’ কবিতা সংকলনতো তেওঁৰ কিছু কবিতা আছে।
‘অভিযান’ আৰু ‘অভিযাত্ৰী’ আলোচনীৰ তেওঁ সম্পাদিকা আছিল আৰু গান্ধীজীয়ে অস্পৃশ্যতা নিবাৰণৰ ওপৰত দিয়া সকলো ভাষণ, কিতাপ, প্ৰবন্ধ অনুবাদ কৰি দুয়োখন আলোচনীতে প্ৰকাশ কৰিছিল।

তেওঁৰ নামত চাৰিখন জীৱনীগ্ৰন্থ নথিভুক্ত কৰা হৈছে- পুষ্পলতা দাসৰ অগ্নিস্নাতা চন্দ্ৰপ্ৰভা (১৯৯৮) অচ্যুত কুমাৰ শৰ্মাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী (২০০১) হিৰণ্ময়ী দেৱীৰ মুক্তিসংগ্ৰামী চন্দ্ৰপ্ৰভা (২০০২) আৰু অঞ্জলি শৰ্মাৰ চন্দ্ৰপ্ৰভা (২০১১)

‘অভিযাত্ৰী’ হৈছে নিৰুপমা বৰগোঁহাঞিৰ ৰচিত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰত আধাৰিত এখন উপন্যাস।
উপন্যাসখনে ১৯৯৬ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।
পিছলৈ প্ৰদীপ্ত বৰগোহাইয়ে ‘অভিযাত্ৰীঃ ৱান লাইফ মেনি ৰিভাৰ্ছ’ নাম দি উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰে।

অসমৰ সমাজ জীৱনলৈ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে জীৱনজোৰা সাধনাৰে নাৰী সমাজলৈ আৰু অসমীয়া ভাষা-সাহিত্যলৈ যিখিনি অমূল্য অৱদান আগবঢ়াই থৈ গৈছে সেইয়া যুগ যুগান্তৰলৈ স্মৰণীয় হৈ থাকিব।
তেওঁৰ আদৰ্শ‌‌‌ তথা কৰ্মৰাজী কোনো কালে অসমীয়া নাৰী সমাজে পাহৰিব নোৱাৰে।

 

 

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *