Mising Autonomous Council Assam Flood

বানত সৰ্বস্বান্ত হোৱা ৰাইজৰ কাষত MACৰ প্ৰাক্তন CEM পৰমানন্দ চায়েঙীয়া।

Spread the love

Assam Flood

■ Tuesday 3 Jun 2025

প্ৰজন্মৰ পিছত প্ৰজন্ম নিঃশেষ হৈ গৈছে, কিন্তু শেষ নহয় অসমৰ বানপানীৰ সমস্যা।Mising Autonomous Council

এই সমস্যাত প্ৰত্যেক বছৰে অসমবাসীয়ে দুৰ্ভোগ ভুগি আহিছে। Mising Autonomous Council

বহু লোকে হেৰুৱাইছে আপোনজনৰ লগতে মাটি সম্পত্তি।

বহু কষ্টৰে সজাই লোৱা হেঁপাহৰ ঘৰখন নিজ চকুৰ সন্মুখতে বানে উটুৱাই লৈ যায়।

বৰ অসহনীয়!

Mising Autonomous Council

বৰ্তমান লাহে লাহে বহু ঠাইত পানী শুকাইছে কিন্তু বন্যাৰ্তৰ চকুপানী এতিয়াও শুকোৱা নাই।

বৰ্তমানলৈকে ৰাজ্যৰ ২১খন জিলাত ১,৫০৬ খন গাঁও বানত অতিকৈ ক্ষতিগ্ৰস্ত হৈছে। Mising Autonomous Council

বানপীড়িতৰ সংখ্যা ৬ লাখ ৩৩ হাজাৰ ১১৪ জন।

এতিয়াও ১৪,৭৩৯.৩৩ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে।

৫১১টা আশ্ৰয় শিবিৰত প্ৰায় ৩৯ হাজাৰ ৭৪৬জন বন্যাৰ্তই আশ্ৰয় লৈছে।

এই প্ৰলয়ংকৰী বানত প্ৰাণ গৈছে ১২জন লোকৰ।Mising Autonomous Council

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে “নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত” এষাৰি মাত দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য তথা সন্মিলিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়াই।Mising Autonomous Council

১ জুন ২০২৫ বৰ্ষৰ প্ৰথমটো বানত অৰ্থাৎ ৰঙানদী জলবিদ্যুৎ প্ৰকল্প বান্ধৰ পানী এৰি দিয়াৰ ফলত বিধ্বস্ত হোৱা পশুমৰা আহোম, ন ভগনীয়া, পূৱ পোতাবিল, শান্তিপুৰ, পূৱ কুন্দু ,পাথৰিচুক, আমতলা, মলোৱাল আদি গাওঁ সমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজৰ সৈতে মতবিনিময় কৰে প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

Mising Autonomous Council

৩ জুন তাৰিখে নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং আৰু ২ নং পাঁচনৈ, পূৱ কুন্দু আৰু পাঠৰিচুক গাঁৱৰ দুৰ্দশাগ্ৰস্ত ৰাইজক তিৰপাল বিতৰণ কৰাৰ সমান্তৰালভাৱে ক্ষয়-ক্ষতিৰ বুজ লয় আৰু প্ৰয়োজনীয় বান সাহাৰ্য্য, বিশুদ্ধ খোৱা পানী, পশু ধনৰ খাদ্য, প্ৰাথমিক চিকিৎসা সেৱা আদি যাৱতীয় ব্যৱস্থাৰ বিষয়ে স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হয় পৰমানন্দ চায়েঙীয়া।Mising Autonomous Council

আনহাতে, পূৱ-তেলাহি সমষ্টিৰ অন্তৰ্গত ন-আলি গাঁৱত সোৱণশিৰি নদীৰ গৰা খহনীয়াৰ ফলত ঘৰ-ভেটি হেৰুৱাই স্থানান্তৰিত হোৱা আৰু বানাক্ৰান্ত ১০০ টা পৰিয়ালক তিৰপাল বিতৰণ কৰাৰ লগতে বানপীড়িত ৰাইজৰ সৈতে বিশেষভাৱে মতবিনিময় কৰি আৰ্থিক সাহাৰ্য্যৰ আশ্বাস প্ৰদান কৰে প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।Mising Autonomous Council

উক্ত কাৰ্য্যসূচী সমূহত প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীক সংগ দিয়ে সন্মিলিত গণশক্তি অসমৰ উপদেষ্টা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ সুনীল কুমাৰ পেগু, প্ৰাক্তন কাৰ্যবাহী সদস্য বিজু পেগু, দেৱৰঞ্জন মৰাং, সাধাৰণ সদস্য অনিল পায়েং, ৰাজু পেগু, TMPK ৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান দঞি পাংগিং,TMMK সম্পাদিকা শৰ্মিলা পায়েং আৰু গণশক্তি, জাতীয় সংগঠনৰ বিভিন্ন বিষয়ববীয়াই।

Mising Autonomous Council

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ পাই থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট rnewsindia24.com

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *