■ ৬ June 2025
ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডি.আই.ই.টি)ৰ উদ্যোগত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু মিচিং আগম কৌবাঙৰ যুটীয়া সহযোগত বিশেষ প্ৰশিক্ষণ কাৰ্য্যসূচী।

২ জুনৰ পৰা ৫ জুন ২০২৫ তাৰিখলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু মিচিং আগম কৌবাঙৰ যুটীয়া সহযোগত ধেমাজি জিলাৰ ৭১খন মিচিং মাধ্যম বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে।

উক্ত প্ৰশিক্ষণে মিচিং মাধ্যমৰ শিক্ষা জগতখনলৈ এক নতুন ৰেঙণিৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
২ জুনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মিচিং মাধ্যমিক শিক্ষাৰ গুণগত মানোন্নয়নত চৰকাৰৰ দৃঢ় অংগীকাৰৰ কথা প্ৰকাশ কৰে অসম অসামৰিক সেৱা বিষয়া (ACS), ধেমাজীৰ অতিৰিক্ত জিলা উপায়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষা মৌচুমী বৰুৱা বৰদলৈ, জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকা, মিচিং আগম কৌবাঙৰ সভাপতি হৰিনাৰায়ণ পেগু, সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্টাক, প্ৰাক্তন সভাপতি গোবিন্দ টাইদ।
সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিম্বেশ্বৰ ডলে, ডা: অনিল পেগু, হেমন্ত টায়ে, নৰেশ পেগু, ড° দীপক দলে।
■ প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ দিশসমূহ–
১/ ভাষা আৰু গণিতৰ নৱীন কৌশল, প্ৰশিক্ষণ প্ৰদান কৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা উদ্ধিপ্তা গোস্বামীয়ে।
২/ মিচিং বৰ্ণমালা শিক্ষণ পদ্ধতি, পাঠদান কৌশল আৰু প্ৰাথমিক গণিত আকৰ্ষণীয় শিকন-পদ্ধতি প্ৰয়োগিক ধাৰণা, বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰবক্তা দীপমণি ফুকনে।
■ ভাষাৰ সুস্থিৰতা, মিচিং ভাষাৰ বানন পদ্ধতিৰ সৈতে গভীৰ পৰিচয় আৰু পাঠ্যপুথিৰ কাৰ্যকৰী ব্যৱহাৰ দক্ষতা অৰ্জন।
৩/ বহুভাষিক সমন্বয়, ডি.আই.ই.টি, শিক্ষাৰ্থীৰ মাতৃভাষা (মিচিং), অসমীয়া আৰু ইংৰাজীৰ মাজত শিক্ষণমূলক সংগতি স্থাপন কৌশল বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে জ্যেষ্ঠ প্ৰবক্তা কাকলী পেগুৱে।
৪/ বুনিয়াদী সাক্ষৰতাৰ গুৰুত্ব, বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক জ্ঞান (FLN)ৰ ৰাষ্ট্ৰীয় গুৰুত্ব আৰু কাৰ্যকৰী পদ্ধতি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে সমগ্ৰ শিক্ষাৰ পৰামৰ্শদাতা ৰশ্মি দলেয়ে।
■ শিক্ষকসকলৰ অৰ্জন আৰু অঙ্গীকাৰ, প্ৰশিক্ষণে শিক্ষকসকলক দিয়ে–
১/ পাঠদানৰ নৱীন আৰু ফলপ্ৰসূ কৌশল।
২/ পাঠ্যসূচীৰ গভীৰ দহন আৰু আত্মবিশ্বাস।
৩/ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ সক্ষমতা ।
৪/ মিচিং ভাষা আৰু সংস্কৃতি সংৰক্ষণৰ দায়িত্ববোধৰ নতুন চেতনা।
৫ জুনৰ সমাপ্তি অনুষ্ঠানত শিক্ষকসকলে প্ৰশিক্ষণৰ ব্যৱহাৰিক উপযোগিতা আৰু শ্ৰেণীকোঠাত প্ৰয়োগ কৰাৰ সপোনৰ কথা উত্থাপন কৰে।
ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ইন্দ্ৰজিৎ গাম আৰু প্ৰবক্তা ভাইটি শইকীয়াৰ সুচাৰু সমন্বয়ত উক্ত অনুষ্ঠানটি সফলতাৰে সম্পন্ন হয়।
■ মিচিং শিক্ষাৰ ভৱিষ্যতলৈ আহ্বান- “এই প্ৰশিক্ষণে কেৱল জ্ঞানৰ ভঁৰাল সমৃদ্ধ নকৰে, বৰঞ্চ আমাক মিচিং ভাষাৰ বাহক হিচাপে মহান দায়িত্বৰ প্ৰতি সজাগ কৰে।
প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত এই নৱীন দৃষ্টিভংগী প্ৰয়োগ কৰিলেহে আমাৰ মিচিং ভাষা-সংস্কৃতিৰ অমৰণীয় জ্যোতি উজ্বলাই ৰাখিব পাৰিব।
শিশুৰ মনত মাতৃভাষাৰ প্ৰতি থকা মৰম আৰু সাক্ষৰতাৰ দৃঢ় ভেটি গঢ় দিয়াটোৱেই হ’ব আমাৰ প্ৰশিক্ষণৰ সাৰ্থকতা।”
প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com