MAC-SL সাফল্যৰ আন এক খোজ !
■ 10 June 2025 :-
স্পেইনৰ মাৰ্বেলা আন্তঃৰাষ্ট্ৰীয় ফুটবল একাডেমীৰ প্ৰশিক্ষণলৈ নিৰ্বাচিত MAC Super League দ্বিতীয় সংস্কৰণৰ ২ প্ৰতিভাৱান খেলুৱৈ।
MAC-SL ৰ জৰিয়তে নিৰ্বাচিত হৈ বহু কেইগৰাকী উদীয়মান খেলুৱৈ ঝাড়খণ্ড বোকাৰোস্থিত SAIL Football Academy ত বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে ৰাজ্যিক-আন্তঃৰাজ্যিক পৰ্য্যায়ৰ বিভিন্ন ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আকৰ্ষণীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ নেতৃত্বত আৰু ক্ৰীড়া বিভাগৰ কাৰ্য্যবাহী সদস্য প্ৰভাত বসুমতাৰীৰ তত্বাৱধানত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ক্ৰীড়া বিভাগে MAC অঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাসম্পন্ন উদীয়মান ফুটবল খেলুৱৈ সকলক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে প্ৰতিবছৰে MAC SL অনুষ্ঠিত কৰি আহিছে।
উল্লেখ্য যে, পৰিষদে ছোৱালী ফুটবল খেলুৱৈ সকলৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি ২০২৩ বৰ্ষত ১৭ অনুৰ্ধ্ব ছোৱালী SL অনুষ্ঠিত কৰে।
স্পেইনৰ মাৰ্বেলা আন্তঃৰাষ্ট্ৰীয় ফুটবল একাডেমীৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে MAC Super League দ্বিতীয় সংস্কৰণ C Zone ৰ বিমান দলে আৰু ৰিপু নাৰ্জাৰী।
“বৰদলৈ ট্ৰফী” ১৯ অনুৰ্ধ্ব প্ৰদৰ্শনৰ ভিত্তিত উক্ত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে উদীয়মান দুয়ো গৰাকী ফুটবল খেলুৱৈ।
আনহাতে, স্পেইনৰ মাৰ্বেলা আন্তঃৰাষ্ট্ৰীয় ফুটবল একাডেমীৰ প্ৰশিক্ষণলৈ
অসমৰ পৰা ১৭ গৰাকী খেলুৱৈ নিৰ্বাচিত কৰা হৈছে।
নিৰ্বাচিত প্ৰতিগৰাকী খেলুৱৈক Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আগন্তুক দিনত স্বকীয় ক্ৰীড়া প্ৰতিভাৰে প্ৰতিষ্ঠিত হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনি যুৱ প্ৰজন্মৰ আদৰ্শ হওঁক তাৰে কামনা কৰিলোঁ।
প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন আমাৰ ৱেবছাইট Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com