Dr Himanta Biswa Sarma

লখিমপুৰবাসী লৈ ১১০ কোটি টকাৰ জনমুখী প্ৰকল্প আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে।

Spread the love

■ 16 June 2025

দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰ জিলাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

লখিমপুৰ জিলাৰ বড়িমূৰীৰ বাইপাছত নৱনিৰ্মিত জিলা পৰিষদৰ কাৰ্যালয় শুভ উদ্বোধন, আজাদৰ বেবেজীয়া কুমাৰটুপত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনিগৃহৰ শিলান্যাস আৰু ভূমিপূজন, চানমাৰিত নিৰ্মাণ হ’বলগীয়া ইক’ পাৰ্কৰ ভূমি পূজন, ত্যাগক্ষেত্ৰত নিৰ্মাণ হ’বলগীয়া পানী যোগান আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ভূমি পূজন, পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ আৰু ক্ৰীড়া পৰিসৰ‌ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত কৰা ৰাজহুৱা সভাত লখিমপুৰবাসী ৰাইজক সম্বোধন কৰি দিনটোতে ৰাইজলৈ আগবঢ়োৱা আঁচনি সমূহৰ বিষয়ে অৱগত কৰোৱাৰ লগতে লখিমপুৰ নগৰক লৈ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড° শৰ্মাই।

🛑 লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়-

🔸১.৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা অতিথিশালা।

🔸৪.৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন ইনড’ৰ ষ্টেডিয়াম।

🔸 শৰীৰ-চৰ্চা গৃহ আৰু কেণ্টিন গৃহ।

🔸ৰাষ্ট্ৰীয় গকুল অভিযানৰ অধীনত ৪.৫০ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা এটি বৃত্তিগত প্ৰশিক্ষণ কেন্দ্ৰ।

উক্ত মহাবিদ্যালয়খনে ৰাজ্যৰ পশুপালন, শিক্ষা আৰু গ্ৰাম্য অৰ্থনীতিত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি যোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

🛑 ত্যাগক্ষেত্ৰত নিৰ্মাণ হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পানী যোগান আঁচনিখনত উত্তৰ লখিমপুৰ পৌৰসভাৰ মুঠ ১২টা ৱাৰ্ড অন্তর্ভুক্ত কৰা হৈছে। 

৬৫ কোটি টকা ব্যয়েৰে ৰূপায়ণ হ’বলগীয়া এই পদক্ষেপৰ দ্বাৰা ৭,০১৩টা পৰিয়াল লাভান্বিত হ’ব।

উক্ত প্ৰকল্প সম্পূৰ্ণকৰণৰ বাবে ২ বছৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

🛑 উত্তৰ লখিমপুৰ চহৰত ১৬ বিঘা ভূমি সামৰি নিৰ্মাণ হ’ব ইক’ পাৰ্ক।

Blue-Green Infrastructure-ৰ আধাৰত ৪.২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই উদ্যানখনত উপলভ্য হ’বলগীয়া সুবিধাসমূহ হৈছে –

🔸হেৰুওৱা গছৰ সংগ্ৰহালয়। (Museum of Lost Trees)

🔸 আঞ্চলিক তথা বিশ্বব্যাপী দুর্লভ আৰু সংকটাপন্ন প্ৰজাতিৰ গছৰ এক সংগ্ৰহস্থল।

🔸মিয়াৱাকি পদ্ধতি ব্যৱহাৰ কৰি স্থানীয় গছৰ প্ৰজাতিসমূহৰ ঘন বননি প্ৰস্তুত।

🔸বিভিন্ন ধৰণৰ ফলমূলৰ গছ আৰু মছলা জাতীয় উদ্ভিদৰ সমাহাৰ।

🔸নিম, তুলসী আদিৰ দৰে স্থানীয় ঔষধি গছ আদিৰ এক আৰোগ্যকেন্দ্ৰিক বনাঞ্চল সৃষ্টি।

🔸বিভিন্ন প্ৰকাৰৰ বাঁহৰ প্ৰজাতিসমূহ প্ৰদৰ্শন কৰি গৃহ নির্মাণ, হস্তশিল্প আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব প্ৰদান।

🔸সামাজিক সমাৱেশ, সভা আৰু বিনোদনমূলক কাৰ্যকলাপৰ বাবে বৃহৎ সেউজ এলেকা নিৰ্মাণ।

🛑 অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনিগৃহ –

🔸মুঠ এলেকা :- ১৬ বিঘা।

🔸ব্যয় :- ২৫.৫০ কোটি টকা।

🔸 পি এম পোষণ আঁচনিৰ অধীনত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ যোগান।

🔸 G+1 এই ভৱনত ষ্টাফ প্ৰশিক্ষণ কেন্দ্ৰ আৰু বহুমুখী পেক্ষাগৃহ, প্ৰশাসনিক আৰু জ্যেষ্ঠ প্ৰৱন্ধকৰ আবাসগৃহকে ধৰি আন সুবিধাৰ সন্নিৱিষ্ট।

🔸নিৰ্মাণকাৰ্য সম্পূৰ্ণকৰণৰ লক্ষ্য :- অহা বছৰৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত।

🛑 ৪ কোটি টকা ব্যয় সাপেক্ষে তথা দুমহলীয়া অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নৱনিৰ্মিত কাৰ্যালয় প্ৰায় ৬৪৬.০৮ বৰ্গমিটাৰ এলেকাত বিস্তৃত।

এই ভৱনটোৰ নিৰ্মাণৰ ফলত অঞ্চলটোৰ উন্নয়ন আৰু জনসেৱাৰ গতি ক্ষিপ্ৰ গতি লাভ কৰাৰ আশা কৰা হৈছে।

উক্ত অনুষ্ঠানসমূহত উপস্থিত থাকে সন্মিলিত গণশক্তি অসমৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰনোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ক্ৰমে মানৱ ডেকা, নৱ কুমাৰ দলে, ড° অমিয় কুমাৰ ভূঞা, জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, কেইবাখনো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, সমাজকৰ্মী, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু লখিমপুৰবাসী ৰাইজ।

 

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *