■ 27 June 2025 –

২৭ জুন তাৰিখে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধিবৰ্গই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে বৈঠকত মিলিত হয়।
অসম সচিবালয়ত অনুষ্ঠিত হোৱা এই আলোচনা কালত সমগ্ৰ অসমৰ মুঠ ২৭ খন জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ ডায়েটৰ বিভিন্ন বিকাশমূলক কাৰ্যসূচী সম্পন্ন কৰে।
১৪ জনীয়া প্ৰতিনিধিবৰ্গৰ উপস্থিতিত শিক্ষামন্ত্ৰী গৰাকীয়ে জনাই যে, ডায়েটে শৈক্ষিক পলিচী ৰূপায়ণৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ শৈক্ষিক দিশবোৰ চৰকাৰক অৱগত কৰি তৃণমূল পৰ্যায়ৰ পৰা শিক্ষাৰ আচল ৰিপৰ্টিং আহিলেহে অসমৰ বিশেষকৈ বিদ্যালয় শিক্ষাৰ আচল প্ৰতিচ্ছবিখন উন্নীত কৰিব পৰা যাব।
এইক্ষেত্ৰত ডায়েট বিষয়া সন্থাই জনাই যে, এনে বিষয়ত ডায়েট সমূহে জিলা আৰু ৰাজ্যিক পৰ্যায়ত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে আৰু শিক্ষামন্ত্ৰী গৰাকীক পোনপটীয়াকৈও তথ্যসুত্ৰবোৰ জনাবলৈ প্ৰয়াস কৰিব।
ডায়েট বিষয়া সন্থাই নতুনকৈ অনুষ্ঠিত কৰিবলৈ লোৱা শিক্ষাবিদ টাবুৰাম টাইদ স্মাৰক বক্তৃতা কাৰ্যসূচীৰ বাবে শিক্ষামন্ত্ৰী গৰাকীয়ে সন্তোষ প্ৰকাশ কৰে।
লগতে বিভিন্ন ডায়েটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ, উদ্ভাৱনীমূলক পদক্ষেপ আদিবোৰৰ প্ৰতি সদ্ভাৱনা প্ৰকাশ কৰে।
বৈঠকত সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহ যুক্তিযুক্ত ৰূপায়ণৰ বাবেই আহ্বান জনাই।
অষ্টম দৰমহা আয়োগৰ আলোচনা আৰু বিশেষকৈ শৈক্ষিক পদসমূহৰ নতুন নামাকৰণ এক যুক্তিযুক্ত আহ্বান বুলি সন্থাই জানিবলৈ দিয়ে।
বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা- দুয়োটা স্তৰৰে এক যোগসূত্ৰ হিচাপে ডায়েটে ভূমিকা পালন কৰে।
এফালে বিদ্যালয় শিক্ষাৰ অন্তৰ্গত এচ চি ই আৰ টি, এন চি ই আৰ টি, শিক্ষক শিক্ষাৰ অন্তৰ্গত এন চি টি ই আৰু আনফালে উচ্চ শিক্ষাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শিক্ষক শিক্ষাৰ কোৰ্ছ গ্ৰহণ আৰু সম্প্ৰদান কৰাৰ ক্ষেত্ৰত সৰহ সংখ্যক ডায়েটে কাম কৰি আহিছে।
নিত্যনতুন উচ্চ শিক্ষানুষ্ঠানৰ লগত ডায়েটে সংহতভাৱে কাম কৰি আহিছে।
ডায়েটৰ কৰ্ম পৰিসৰ সংহত ৰূপৰ, এইক্ষেত্ৰত প্ৰতিখন ডায়েটে গুৰুত্ব আৰোপ কৰিছে বুলি সন্থাই জানিবলৈ দিয়ে।
ক্ষেত্ৰভিত্তিক শৈক্ষিক কৰ্ম, অধ্যয়ন, আনুষংগিক কৰ্ম আদিবোৰ কৰাৰ লগতে সমূহ শৈক্ষিক পদাধিকাৰীয়ে নিজস্ব প্ৰফেশ্যনেল দিশবোৰ উন্নত কৰি আহিছে।
কিন্তু সেই অনুপাতে এক বিশেষ পক্ষই কেৱল নিজস্ব পদোন্নতিৰ কথা ঠিকেই চিন্তা কৰে কিন্তু ডায়েটৰ এই পদাধিকাৰীসকলৰ পদৰ বিন্যাস উন্নীতকৰণ সীমাবদ্ধ কৰি ৰাখিবলৈ সদায় সষ্টম হৈ আছে বুলি সন্থাই জানিবলৈ দিয়ে।
এইক্ষেত্ৰত ভয় ভাবুকিৰ পৰিৱেশো পৰিলক্ষিত হয়।
ফলত ডায়েটৰ উৎসাহী পদাধিকাৰীসকলৰ মনোবল হ্ৰাস পোৱা বুলি শিক্ষামন্ত্ৰীক সন্থাই অৱগত কৰে।
বৈঠকত এক বিশেষ গ্ৰন্থৰ দোহাই দি মন্ত্ৰীগৰাকীয়ে সন্থাৰ প্ৰতিগৰাকী সদস্যক মনোবল অটুত ৰাখি শিক্ষাখণ্ডৰ উন্নতিৰ হকে কাম কৰি যাবলৈ আহ্বান কৰি সমস্যাৰ সমাধান আৰু পুনৰীক্ষণৰ আশ্বাস প্ৰদান কৰে।
ন্যায্য দাবীৰ সমৰ্থনত উপযুক্ত তথ্যাদি প্ৰদান কৰিবলৈ সন্থাক আহ্বান জনাই বুলি সন্থাৰ সভাপতি ইন্দ্ৰজিত গাম আৰু সাধাৰণ সম্পাদক ড° ৰিতুপৰ্ণ মহন্তই Rnewsindia24 ক জানিবলৈ দিয়ে।
প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com