সদৌ অসম পেঞ্চাক চিলাট চেম্পিয়নশ্বিপ ২০২৫।
■ ১১ জুলাই ২০২৫
অসমৰ উদীয়মান খেলুৱৈ তথা উঠি অহা প্ৰজন্মৰ বৰ্তমানৰ অতি প্ৰিয় ক্ৰীড়া হৈছে পেঞ্চাক চিলাট।

তাৰে উৎকৃষ্ট নিদৰ্শন প্ৰতিফলিত হৈছে এই চেম্পিয়নশ্বিপত।

লখিমপুৰ জিলাৰ ত্যাগ ক্ষেত্ৰৰ খেলপথাৰত অসম পেঞ্চাক চিলাট সন্থাৰ উদ্যোগত আজিৰে পৰা অৰ্থাৎ ১১ ৰ পৰা ১৩ জুলাই তাৰিখলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে “সদৌ অসম পেঞ্চাক চিলাট চেম্পিয়নশ্বিপ ২০২৫” অনুষ্ঠিত কৰিছে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে সদৌ অসম আৰু উত্তৰ-পূব পেঞ্চাক চিলাটৰ প্ৰতিষ্ঠাপক সভাপতি তথা সন্মিলিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়াই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য বিজু পেগু, অসম পেঞ্চাক চিলাটৰ প্ৰতিষ্ঠাপক সম্পাদক তথা কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলেৰ লগতে তেওঁৰ সহযোগী সমূহ প্ৰশিক্ষক, বিচাৰক মণ্ডলী, বিভিন্ন জিলাৰ খেলুৱৈ আৰু অসম পেঞ্চাক চিলাটৰ বিষয়ববীয়া, জিলা পেঞ্চাক চিলাটৰ বিষয়ববীয়া আৰু খেলুৱৈ সকলৰ অভিভাৱক, লখিমপুৰ জিলাৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া।
প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
আমাৰ Facebook Page আৰু YouTube Channel Follow – Subscribe কৰিব নাপাহৰিব।
ধন্যবাদ।
https://www.facebook.com/share/1G1192Mw8f/
https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC


