ভাৰত ৰত্ন

ভাৰত ৰত্ন !

Spread the love

স্বদেশপ্ৰেম, অসাধাৰণ ব্যক্তিত্বৰ গৰাকী আৰু এক অনন্য দূৰদৰ্শিতাৰে আমাৰ প্ৰাণৰ দেশখনক সমৃদ্ধ কৰা ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হোৱা স্বনামধন্য ব্যক্তি সকল-

“ভাৰত ৰত্ন” দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।
জাতি, ধৰ্ম, বৰ্ণ, বৃত্তি, পদবী বা লিংগ নিৰ্বিশেষে “উচ্চতম স্তৰৰ ব্যতিক্ৰমী সেৱা তথা কাৰ্য্যক্ষমতা”ৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়।
এই বঁটা কলা, সাহিত্য, বিজ্ঞান, সমাজসেৱা আৰু ক্ৰীড়া আদি ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে প্ৰদান কৰা হয়।

এই বঁটা বা সন্মান টি ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে প্ৰৱৰ্তন কৰিছিল।
প্ৰথম অৱস্থাত অৰ্থাৎ ১৯৫৪ চনৰ জানুৱাৰী মাহত মৰোণত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ ব্যৱস্থা নাছিল।
এই কাৰণতেই হয়তো মহাত্মা গান্ধীক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা নহ’ল।
১৯৫৫ চনৰ জানুৱাৰীৰ পৰাহে মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।
পৰৱৰ্তী সময়ত সুভাষচন্দ্ৰ বসু সহ মুঠ ১২ জনক মৰোণত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হয়।
কিন্তু পাছত আইনী জটিলতাৰ বাবে সুভাষচন্দ্ৰ বসুৰ ভাৰত ৰত্ন ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰ বাধ্য হয়।
এইটোৱেই পুৰস্কাৰ প্ৰত্যাহাৰৰ একমাত্ৰ নিদৰ্শন।
১৯৭৭ চনৰ ১৩ জুলাইৰ পৰা ১৯৮০ চনৰ ২৬ জানুৱাৰী পৰ্যন্ত প্ৰায় তিনি বছৰ মোৰাৰজী দেশাই পৰিচালিত চৰকাৰৰ আমোলাত অন্যান্য পদ্ম পুৰস্কাৰৰ লগত ভাৰত ৰত্নও ৰদ কৰা হৈছিল।

২০১১ চনত ভাৰতৰ গৃহ মন্ত্ৰালয় আৰু ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে এই বটা প্ৰাপকৰ যোগ্যতাৰ মাপকাঠি সংশোধন কৰি ক্ৰীড়াবিদ সকললৈকো এই বঁটা প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰে।

জানো আঁহক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত হোৱাৰ দেশৰ যশস্বী ব্যক্তি সকল নাম-

১৯৫৪ চনৰ পৰা বৰ্তমানলৈকে ক্ৰমে – সৰ্বপল্লী ৰাধাকৃষ্ণণ, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, চন্দ্ৰশেখৰ ভেঙ্কটৰমণ, ভগৱান দাস, মোক্ষগুণ্ডম বিশ্বেশ্বৰায়, জৱাহৰলাল নেহৰু, গোবিন্দ বল্লভ পণ্ট, ধন্দ কেশৱ কৰ্ৱে, বিধান চন্দ্ৰ ৰয়, পুৰুষোত্তম দাস টেণ্ডন, ৰাজেন্দ্ৰ প্ৰসাদ, জাকিৰ হুছেইন, পাণ্ডুৰাংগ বমন কানে, লালবাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, বৰাহগিৰি ভেংকট গিৰি, কে কামৰাজ, মাদাৰ টেৰেছা, আচাৰ্য বিনোৱা ভাৱে, খান আব্দুল গফ্ফৰ খান, এম জি ৰামচন্দ্ৰন, বি আৰ আম্বেদকাৰ, নেলছন মেণ্ডেলা, ৰাজীৱ গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, মোৰাৰজী দেশাই, আবুল কালাম আজাদ, জে আৰ ডি টাটা, সত্যজিৎ ৰায়, গুলজাৰিলাল নন্দা, অৰুণা আছফ আলি, এ পি জে আব্দুল কালাম, এম এছ চুব্বালক্ষ্মী, চিদাম্বৰম সুব্ৰমনিয়াম, জয়প্ৰকাশ নাৰায়ণ, অমৰ্ত্য সেন, গোপীনাথ বৰদলৈ, ৰবি শংকৰ, লতা মংগেশকাৰ, বিছমিল্লাহ খান, ভীমসেন জোশী, চি এন আৰ ৰাও, শচীন তেণ্ডুলকাৰ, মদন মোহন মালৱীয়, অটল বিহাৰী বাজপায়ী, ভূপেন হাজৰিকা, নানাজী দেশমুখ, প্ৰণব মুখাৰ্জী, কৰ্পূৰী ঠাকুৰ, লালকৃষ্ণ আদৱানী, চৌধুৰী চৰণ সিং, পি ভি নৰসিংহ ৰাও, এম এছ স্বামীনাথন।

উল্লেখিত ব্যক্তি সকলৰ কৰ্মৰাজী তথা আদৰ্শৰে ভাৰতবাসী প্ৰতিপল অনুপ্ৰাণিত হওঁক তাৰে আমাৰ অন্তৰতম কামনা।

 

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট rnewsindia24.com

লগতে Facebook Page আৰু  YouTube Channel Follow – Subscribe কৰিবলৈ এই লিংকটোত ক্লিক কৰক।

ধন্যবাদ।

https://www.facebook.com/share/1G1192Mw8f/

https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

 

Leave a Reply

Your email address will not be published. Required fields are marked *