Mising Autonomous Council

“Kapé MAC”

Spread the love
■ ১২/০৮/২০২৫

গোগামুখ আবুতানি লত্তা প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ অভিলাষী আঁচনি জীৱন জীৱিকা অভিযানত বাচনিভুক্ত হোৱা হিতাধিকাৰীক সাহাৰ্য্যৰ অন্তিমটো কিস্তি আনুষ্ঠানিকভাৱে বিতৰণ।Mising Autonomous Council

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জীৱন জীৱিকা অভিযানৰ সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তৱ্য প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

অধ্যক্ষ সুনীল কুমাৰ পেগুৱে জীৱন জীৱিকা অভিযানৰ হিতাধীকাৰী তথা আদৰ্শ কৃষক সকলক শুভেচ্ছা জনোৱাৰ লগতে কৃষকক লৈ পৰিষদৰ ভবিষ্যত পৰিকল্পনাৰ বিষয়ে বক্তৱ্য আগবঢ়াই।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে- যজ্ঞেশ্বৰ কুটুম, পুৰুষোত্তম দলে, জহান দলে, দেৱৰঞ্জন মৰাং, উমা পাথৰি, বিজু পেগু, প্ৰশান্ত বড়ি, অনিল পায়েং, কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, ৰেখা কুটুম, সাধাৰণ সদস্য ক্ৰমে- নিলকান্ত দলে, মুকুল পেগু, বাণীকান্ত দলে, ৰাজু পেগু, কনক দলে, লিভা পেগু, নিভা পেগু, লাৱণ্য মিলি, বিউতি পেগু, গণশক্তিৰ উপ-সভাপতি হিৰণ্য দত্ত, সাধাৰণ সম্পাদক ৰমা পাইট, পৰিষদৰ সচিব যাদৱ পেগু, বিভাগীয় বিষয়া কৰ্মচাৰী,

মিচিং জাতীয় সংগঠন MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া, ৭ শতাধিক জীৱন জীৱিকা অভিযানৰ হিতাধীকাৰী।

■ ৮/০৮/২০২৫

মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে ২৪ নং ৰঙানদী সমষ্টিৰ অন্তৰ্গত আহোমণি গাঁৱত নিৰ্মান কৰা CFC ৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

আনহাতে CFCৰ সভাকক্ষত মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু মিচিং জাতীয় সংগঠনৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰে।

উক্ত বৈঠকত মিচিং স্বায়ত্বশাসিত পৰিষদে ২০১৩ চনৰপৰা বৰ্তমানলৈ ৰূপায়ন কৰা আৰু ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া আঁচনি সমূহৰ বিষয়ে পৰ্যালোচনা কৰাৰ ওপৰিও অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ জনমুখী আঁচনি সমূহৰ বিষয়ে বিশেষভাৱে আলোচনা কৰে।

বৈঠকত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী আৰু সাধাৰণ সদস্য-সদস্যা, মুখ্য সচিব, অন্যান্য বিষয়া কৰ্মচাৰী, মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় সভাপতি/সম্পাদকৰ লগতে বিভিন্ন বিষয়ববীয়া।

■ ৮/০৮/২০২৫

মিচিং স্বায়ত্বশাসিত পৰিষদ বাসীৰ বাবে এক ঐতিহাসিক দিন।

Mising Autonomous Council

মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া ১৫৯ খন বিদ্যালয়ৰ শ্ৰেণীকোঠা

আৰু বিভিন্ন আন্তঃগাথঁনি উন্নীতকৰণৰ কাম ৪০ খন পৰিষদীয় সমষ্টিত আজি অৰ্থাৎ একেদিনাই শুভাৰম্ভণি কৰে।

উক্ত অনুষ্ঠানৰ অংশস্বৰূপে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই মিংমাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বাঁহবাৰী প্ৰাথমিক বিদ্যালয়, উজনি ওখমাটি প্ৰাথমিক বিদ্যালয়, সৰিয়নী প্ৰাথমিক বিদ্যালয়, কচুতলী উচ্চ মাধ্যমিক বিদ্যালয়, মহৰীকেম্প উচ্চ মাধ্যমিক বিদ্যালয় মুঠ ৫ খন বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু আন্তঃগাথঁনিৰ আধাৰশিলা স্থাপন কৰে।

আনহাতে, অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ২১ নং বৰনৈ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়, নেমুটেঙানি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়, ভোমাজাৰণি উচ্চ মাধ্যমিক বিদ্যালয়, বাঞ্জিচাপৰি প্ৰাথমিক বিদ্যালয়, নামনি আমলখি দাংধৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়, কেঁকুৰী বিল্লাম উচ্চ মাধ্যমিক বিদ্যালয় মুঠ ৬ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ সমান্তৰালভাৱে সমূহ কাৰ্য্যবাহী আৰু সাধাৰণ সদস্য/সদস্যাৰ লগতে মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াই সমষ্টিসমূহত অনুষ্ঠিত কৰা অনুষ্ঠানত উপস্থিত থাকি পূৰ্ণ সহযোগীতা আগবঢ়াই।

■ ৫/০৮/২০২৫

১৭নং মিংমাং পৰিষদীয় সমষ্টিৰ ৬ খনকৈ বিদ্যালয় পৰিদৰ্শন মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।

পৰিদৰ্শন কালত বিদ্যালয়ৰ পৰিচালনা সমিতি, প্ৰধান শিক্ষক সকলৰ সৈতে আলোচনাত মিলিত হয় আৰু বিদ্যালয়ত থকা সমস্যাসমূহ অতি সোনকালে

সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।

মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীক সংগ দিয়ে TMPKৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলি, ধেমাজি জিলা TMPKৰ‌ সভাপতি সনাতন দলে আৰু MMK, TMPK, TMMKৰ অন্যান্য বিষয়ববীয়াই।

 

■ ৪/০৮/২০২৫

মিচিং জাতীয় সংগ্ৰামৰ অন্যতম জেষ্ঠ সংগ্ৰামী নেতা, MMKৰ কেন্দ্ৰীয় সদস্য, মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্যা, টাকাম মিচিং মিমৗ কৗবাঙৰ সভানেত্ৰী, তথা মৰনৈ সোৱণশিৰি জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাঙৰ স্বামী প্ৰয়াত যোগেশ কুম্বাঙক একাঁজ্বলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।Mising Autonomous CouncilMising Autonomous Council

লগতে আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰা তেওঁৰ অন্তোষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰে।Mising Autonomous Council

অন্তোষ্টিক্ৰিয়া কাৰ্যসূচীত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য- পুৰুষোত্তম দলে, অনিল পায়েং, সাধাৰণ সদস্য – ৰাজু পেগু, লাৱণ্য মিলি, দঞি পঃল য়েলাম কৗবাঙৰ সভাপতি একলব্য গাম, MBKৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMPKৰ সভাপতি তিলক দলে, সম্পাদক চান পাংগিং, TMMKৰ উপ-সভানেত্ৰীদ্বয় মমতা দলে আৰু বন্তিবালা পেগু, সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং, ক্ৰীড়া সম্পাদিকা দ্বীপশিখা দলে, নাৰী শক্তিৰ সম্পাদিকা নিভা পেগু আৰু ৰনিতা দলেকে ধৰি গণশক্তি, ছয় মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।

■ ০৬/০৮/২০২৫

অসম চৰকাৰৰ উদ্যোগত ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে “মুখ্যমন্ত্ৰীৰ নিযুত মইনা” আঁচনিৰ দ্বিতীয় সংস্কৰণ শুভ মুকলি।

তাৰে অংশস্বৰূপে ধেমাজি জিলাৰ গোগামুখ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা প্ৰ-পত্র বিতৰণ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰী সকলক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক ভাষণ আগবঢ়াই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা।

 

■ ১১/০৮/২০২৫

ধেমাজি জিলা পৰিষদৰ নৱনিৰ্বাচিত সভাপতি ভুপেন চেতীয়া, উপ-সভানেত্ৰী খ্যমালী দৈমাৰী আৰু সমূহ জিলা পৰিষদ সদস্য/সদস্যাৰ আদৰণি অনুষ্ঠান।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমূহ পঞ্চায়ত প্ৰতিনিধিক আগন্তুক কাৰ্যকাল আৰু ৰাজনৈতিক জীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে পঞ্চায়তীৰাজ ব্যৱস্থাক সামৰি বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই সন্মিলিত গণশক্তি অসমৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে ১৪ নং জীয়াঢল পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য বানিকান্ত দলে, ১৩ নং চিচিকলঘৰ সমষ্টিৰ সাধাৰণ সদস্যা লাৱণ্য মিলি, ধেমাজি জিলা উন্নয়ন প্ৰাধিকৰণৰ তুলন কোঁৱৰ, জিলা কাৰ্য্যবাহী বিষয়া বিতুপন দেউৰী, ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, নাৰী শক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা ৰনিতা দলে, TMMKৰ উপ-সভানেত্ৰী তথা জিলা পৰিষদ সদস্যা বন্তিবালা পেগু, প্ৰাক্তন জিলা পৰিষদ সভাপতি মোহন গগৈ, জিলা শক্তিৰ সম্পাদক মাধৱ দলে, ধেমাজি খণ্ড শক্তিৰ সভাপতি দেৱ কছাৰী, সম্পাদক বৈদ্যনাথ য়েইন, ITDP ৰ অধ্যক্ষ জীৱন চন্দ্ৰ পায়েং, মিচিং আগম কৗবাঙৰ সম্পাদক সোমেশ্বৰ কপ্তাক, TMPKৰ কেন্দ্ৰীয় উপ-সভাপতি টুনিৰাম পাংগীং, আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষা কুহিমা কাৰ্দং, পঞ্চায়ত সভাপতি/সভানেত্ৰী, গণশক্তি মিত্ৰজোঁট, MMK, TMMK, TMPK বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

■ ১১/০৮/২০২৫

গুৱাহাটী খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম চৰকাৰ আৰু অসমৰ সাতখন স্বায়ত্তশাসিত পৰিষদ ক্ৰমে- মিচিং, ৰাভা-হাছং, তিৱা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী আৰু বড়ো-কছাৰী)ৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক Orientation Camp অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত ভাৰত চৰকাৰৰ নতুন আঁচনি- ধৰতী আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান (DAJGUA) আৰু সমগ্ৰ শিক্ষাই আগবঢ়োৱা ব্যৱস্থাৱলীৰ বিষয়ে আলোচনা কৰে।

অনুষ্ঠানত শিক্ষা আৰু ভৈয়াম জনজাতি বিভাগীয় মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখিত দুয়োখন আঁচনি সফল ৰূপায়নত স্বায়ত্বশাসিত পৰিষদ সমূহে গ্ৰহণ কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিশ সমূহৰ বিষয়ে বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই।

লগতে অহা ১৫ নৱেম্বৰ, ২০২৫ তাৰিখে পৰিষদসমূহৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে তথা আড়ম্বপূৰ্ণভাৱে “জনজাতীয় গৌৰৱ দিৱস” উদযাপন কৰাৰ প্ৰস্তুতি আৰু কাৰ্যপন্থা সম্পৰ্কে পৰ্যালোচনা কৰে।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ হৈ উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য যজ্ঞেশ্বৰ কুটুম, পুৰুষোত্তম দলে, জহান দলে, দেৱৰঞ্জন মৰাং, নৰেশ্ব কুম্বাং, উমা পাথৰি, কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, সাধাৰণ সদস্যা নিভা পেগু।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন বিভিন্ন কাৰ্য্যসূচী সমূহৰ লগতে অন্যান্য খবৰৰ বাবে

অসমৰ Facebook Page-

https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel-

https://www.facebook.com/share/1CPt4foZn4/

Follow আৰু Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *