Mising Autonomous Council

“Kapé MAC”

Spread the love
■ ০৪/০৯/২০২৫

গুৱাহাটী পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত “অন্তৰংগ আলাপ” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে।Mising Autonomous Council

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতিৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী/সাধাৰণ সদস্য, বিশ্ববিদ্যালয়/মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্তব্যৰত মিচিং অধ্যক্ষ, অধ্যাপক/অধ্যাপিকা তথা শিক্ষক সমাজ, মিচিং জাতীয় সংগঠন MBK, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলাৰ বিষয়ববীয়া।

■ ০৫/০৯/২০২৫

মিচিং জাতীয় সংগ্ৰামৰ শ্বহীদ অঞ্জনা পেগুৰ আদৰ্শ, সাহস তথা জাতিৰ প্ৰতি কৰা ত্যাগ আৰু প্ৰেমৰ বিষয়ে নৱ-প্ৰজন্মৰ মাজত প্ৰচাৰ-প্ৰসাৰ, সংবৰ্ধন সংৰক্ষণৰ হকে শ্বহীদ অঞ্জনা কাপ সমিতি আৰু মিংমাং আঞ্চলিক TMPKৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদৰ সহযোগত শিক্ষক দিৱস উপলক্ষ্যে ২০ আগষ্টৰ পৰা ৫ চেপ্টেম্বৰ তাৰিখলৈ
মিংমাংস্থিত কঠালগুৰি খেলপথাৰত শ্বহীদ অঞ্জনা কাপ ২০২৫ অনুষ্ঠিত কৰে

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য কাৰ্যসূচীৰে তথা চিত্ৰাংকন, কবিতা আবৃত্তি, বক্তৃতা, ভলীবল, কাবাডী প্ৰতিযোগিতা আৰু নৃত্য, খেল প্ৰদৰ্শন অনুষ্ঠিত কৰে।

শ্বহীদ অঞ্জনা কাপৰ চূড়ান্ত খেলখনত ঘূণাসুতি পল্লৱ FC V/S বদতি FC ৰ মাজত অনুষ্ঠিত হয়।
ঘূণাসুতি পল্লৱ FC য়ে বদতি FC ক ৩-০ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু।

উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, জিলা পৰিষদ সদস্যা জোতিপ্ৰভা দলে, TMPKৰ কেন্দ্ৰীয় উপ-সভাপতি টুনিৰাম পাংগিং, TMPKৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান পাংগিং, TMPKৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক দীপাঞ্জল দলে, শ্বহীদ অঞ্জনা পেগুৰ পৰিয়ালবৰ্গ, শ্বহীদ অঞ্জনা কাপৰ পদক আৰু বিভিন্ন সামগ্ৰীৰ দাতাসকল, মিচিং জাতীয় সংগঠন MMK, TMMK, TMPKৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

■ ০৭/০৯/২০২৫

ৰৗগৃঃ ৰৗগামৰ বাবে মেৰ গাঁৱৰ ৰাইজে দান কৰা দেৰশ বিঘা ভূমিৰ সীমা দাগ দিয়া ঐতিহাসিক ক্ষণত উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

অহা ২২ চেপ্তেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বাঃনৗ কৗবাঙৰ তৰফৰ পৰা উক্ত গাঁৱৰ ৰাইজক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰা হ’ব বুলি অৱগত কৰে মুখ্য কাৰ্য্যবাহী তথা বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page –
https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel –

https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

FollowSubscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *