Mising Autonomous Council

“Kapé MAC”

Spread the love
■ ১০/০৯/২০২৫

মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত অন্তৱৰ্তীকালীন সমিতিৰ পঞ্চমখন কাৰ্যবাহী বৈঠক অনুষ্ঠিত কৰে।

উক্ত বৈঠকত পৰিষদৰ অভিলাষী অভিযান জীৱন-জীৱিকা, স্বাস্থ্য, ৰাজহ আৰু উন্নয়নৰ ওপৰত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

ক্ৰমেঃ

১/ গাহৰি পালনৰ বাবে ২৭০০ গৰাকী

 ২/ মৎস্য পালনৰ বাবে ৯১৫ গৰাকী

 ৩/ ছাগলী পালনৰ বাবে ৩৩০ গৰাকী

 ৪/ দুগ্ধ উৎপাদনৰ বাবে ৪২ গৰাকী

 ৫/ কুকুৰা পালনৰ বাবে ৭১ গৰাকী

 ৬/ কেশকাৰ ১৫৯ গৰাকীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পৰিষদে।

তাৰোপৰি উদ্যান শস্যৰ লগত জড়িত নিম্নোক্ত কৃষিপদ্ধতি সমূহৰ বিষয়েও প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ।

ক) তামোল খেতিৰ বাবে ২২১ গৰাকী

 খ) নেমু খেতিৰ বাবে ১৫৫ গৰাকী

 গ) নাৰিকল খেতিৰ বাবে ১৮ গৰাকী

ঘ) অমিতা খেতিৰ বাবে ৪০ গৰাকী

ঙ) আপেল বগৰি খেতিৰ বাবে ১২ গৰাকী

 (চ) কেচুসাৰ প্ৰস্তুতকৰণৰ বাবে ৩৯ গৰাকীক প্ৰশিক্ষণ প্ৰদান কৰিব।

উক্ত প্ৰশিক্ষণসমূহ পৰ্যায় ক্ৰমে যোৰহাট কৃষি বিশ্ববিদ্যালয়, পশুধনৰ বাবে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, মৎস্য পালনৰ বাবে কদম চিয়াজুলিৰ মধুকুল্য একুৱেটিক ফাৰ্ম আৰু কেশকাৰ সকলৰ বাবে গোগামুখত দিয়াৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে, মিচিং জনগোষ্ঠীৰ সশস্ত্ৰ সংগ্ৰামী সংগঠন LDCM ৰ পৰা মূলসুতিলৈ ঘূৰি আহি অৰ্থনৈতিকভাৱে উৎপাদনমুখী কৰ্মৰ লগত জড়িত হ’ব বিচৰা সদস্য সকলকো এই প্ৰশিক্ষণ অন্তৰ্ভূক্ত কৰা হৈছে।

■ ১২/০৯/২০২৫

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষ্যে গোগামুখ টিঙিৰি গাঁৱত আয়োজন কৰা অনুষ্ঠানত বুটমাহ খাই গোগামুখ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ব্যক্তিসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীক সংগ দিয়ে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে।

■ ১৪/০৯/২০২৫

দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটী কৗবাঙৰ সৈতে মিচিং বাঃনৗ কৗবাঙৰ গুৰুত্বপূৰ্ণ বৈঠক।

উক্ত বৈঠকত মিচিং বাঃনৗ কৗবাঙৰ আহ্বান ক্ৰমে ২০১৫ চনত অনুষ্ঠিত কৰা মিচিং জাতীয় অধিৱেশনত গৃহীত গোগামুখ ঘোষণা অনুসৰি আলি আঃয়ে লৃগাং উদযাপনৰ নিয়মাৱলী সম্পৰ্কে আলোচনা কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি তথা পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং বাঃনৗ কৗবাঙৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং।

উপস্থিত থাকে গুৱাহাটী মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া।

■ ১৫/০৯/২০২৫

মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত যোৰহাটস্থিত I-CARD ৰ Jeewan Enterpreneurship Training Institute (জীৱন উদ্যোগীকৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান)ত ২০২৫-২৬ বৰ্ষৰ ৫ মহীয়া Computer Education, English Speaking Course, Personality development ৰ প্ৰথম ৩০ জনীয়া গোটৰ প্ৰশিক্ষণ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাং, I-CARDৰ পৰিচালক Fr. Anton Tharakan, সহ পৰিচালক হৰেণ ৰিচং, মনোজ দলে, I-CARD ৰ শিক্ষক, কৰ্মচাৰীসকল।

■ ১০/০৯/২০২৫

মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত পৰ্যালোচনামূলক বৈঠক।

বৈঠকত কাৰিকৰী কৰ্মচাৰী আৰু বিভাগীয় সহায়ক সকলৰ সৈতে জীৱন-জীৱিকা খণ্ডত আগন্তুক প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে লাভ কৰা প্ৰ-পত্ৰ দাখিলৰ তালিকা মূল্যায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

■ ১৩/০৯/২০২৫

ঢকুৱাখনা সম জিলাৰ মাতমৰা পঞ্চায়তৰ খেৰকটা মহাবিদ্যালয়ৰ ২২ সংখ্যক নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু।

মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভোলানাথ গগৈ, পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ হেমেশ্বৰ পেগু, সদৌ অসম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ অশোক দলে, TMPK ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক অমৰজিৎ দলে, মাতমৰা আঞ্চলিকৰ সভাপতি ভূপেন দলে, মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকল।

■ ১২/০৯/২০২৫

TMPK লখিমপুৰ জিলা সমিতিৰ উদ্যোগত MMK আৰু TMMK জিলা সমিতিৰ সহযোগত লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নাগৰিক সভা।

উক্ত সভাত সাম্প্ৰতিক সময়ত ব্যাপক ৰূপত বৃদ্ধি হোৱা মদ, ভাং, ড্ৰাগছ, বাল্য বিবাহ আৰু সমাজৰ কু-সংস্কাৰ সমূহ নিৰ্মূল কৰি এখন সুস্থ সমাজ গঢ়াৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰে।

সভাত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, বিজু পেগু, MBK, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ বিষয়ববীয়া।

■ ১৩/০৯/২০২৫

TMPK MMK আৰু TMMK ৰ মাজুলী জিলা সমিতিৰ সহযোগত এখনি যৌথ কাৰ্যকৰী সভা অনুষ্ঠিত কৰে।

সভাত গোগামুখত অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া Mising Sports Carnival ৰ বিষয়ে আলোচনা কৰে।

উক্ত সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয় পুৰুষোত্তম দলে, উমা পাথৰি, সাধাৰণ সদস্য মুকল পেগু, TMPK কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক ৰাজীৱ দলে, মাজুলী জিলা সমিতিৰ সভাপতি/ সম্পাদক তথা বিষয়ববীয়া সকল।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page –

https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel –

https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *