"Kapé MAC" - R News India 24
Skip to content
■ ২৭/০৯/২০২৫
লখিমপুৰ জিলাৰ বগিনদীস্থিত চেঃদি মেঃল লত্তাত আদি মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱম সংখ্যক “চলুং উৎসৱ” উদযাপন।
পতাকা উত্তোলন কৰে AMBKৰ সভাপতি নৰেশ্ব কুম্বাঙে।
অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
চলুং আখ্যানৰ বিষয়ে বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই AMBKৰ সাধাৰণ সম্পাদক নাৰ্মি তানি ময়ঙে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি তথা পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
উল্লেখ্য যে, উক্ত অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উপস্থিত থাকে ABKৰ সম্পাদক নাৰ্মি অ’নি দাৰং, MAKৰ সভাপতি হৰিনাৰায়ন পেগু, AdiSUৰ সভাপতি জিৰবৌ জামহ, TMMKৰ সভানেত্ৰী তথা জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, MDKৰ সভাপতি অশ্বিনী দলে, GMCCৰ সভাপতি কেনিয়ম দাবি, TMPKৰ সভাপতি তিলক দলে, পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে- যজ্ঞেশ্বৰ কুটুম, দেৱৰঞ্জন মৰাং, বিজু পেগু, অনিল পায়েং, প্ৰশান্ত কুমাৰ বড়ি, সাধাৰণ সদস্য ক্ৰমে- প্ৰতাপ টায়ে, দিলীপ পেগু, ৰাজু পেগু, লাৱণ্য মিলি, নিভা পেগু মিলি, AMBK, MBK, MAK, MMK, MDK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিকৰ বিষয়ববীয়া, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, গাম সকল আৰু স্থানীয় ৰাইজ।
■ ২৭/০৯/২০২৫
গোগামুখ আবুতানি প্ৰেক্ষাগৃহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি নাট্যকৰ্মী হৰিচন্দ্ৰ কামানৰ প্ৰযোজনা আৰু সৰ্বেশ্বৰ কুটুমৰ পৰিচালনাৰে নিৰ্মিত নতুন বোলছবি GOMMANG (বাকৰূদ্ধ)ৰ শুভ উন্মোচন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
বিশিষ্ট নাট্যকাৰ দিবাকৰ পেগুৱে প্ৰস্তুত কৰা চিত্ৰনাট্যখনে অসমীয়া সমাজত অতি উদ্বেগজনক ভাবে বৃদ্ধি হোৱা বাল্যবিবাহকেন্দ্ৰিক স্পৰ্শকাতৰ কাহিনীয়ে নৱ-প্ৰজন্মৰ মাজত এক ইতিবাচক সজাগতা সৃষ্টি কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
আনহাতে সকলো ৰাইজক বোলছবি খন উপভোগ কৰিবলৈ বিনম্ৰ আহ্বান জনোৱাৰ লগতে ছবিখনৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেটা, অভিনেত্ৰী আৰু কলা-কুশলি সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
■ ২৮/০৯/২০২৫
মিচিং জনগোষ্ঠীৰ হেঁপাহৰ তথা প্ৰাণৰ “গুমৰাগ নৃত্য” বিশ্ব দৰবাৰত উজ্বলাই তোলাৰ উদ্দেশ্যেৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত মেগা গুমৰাগ আয়োজন সম্পৰ্কীয় কাৰিকৰী বিষয়ত এখনি বিশেষ সভা অনুষ্ঠিত কৰে।
সভাৰ শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
সভাপতিত্ব কৰে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে।
উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সভাৰ বিষয়বস্তুৰ ওপৰত বহু গুৰুত্বপূৰ্ণ তথা সাৱলীলভাৱে বক্তব্য প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি, দঃঞি পঃল য়েলাম কৗবাঙৰ সভাপতি একলব্য গাম, MAKৰ সভাপতি হৰিনাৰায়ন পেগু, উপ-সভাপতি কালিনাথ পাংগিং, সম্পাদক সোমেশ্বৰ কপ্তাক, MBKৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, MDK ৰ সভাপতি অশ্বিনী কুমাৰ দলে, TMMK সম্পাদিকা শৰ্মিলা পায়েং, TMPK সম্পাদক চান পাংগিং, ছয় মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু গুমৰাগ নৃত্যৰ অন্যান্য বিশেষজ্ঞ সকল।
■ ২৮/০৯/২০২৫
TMMK পূৱ ঢকুৱাখনা আঞ্চলিক কমিটিৰ উদ্যোগত বান্দানাস্থিত TMPK আঞ্চলিক সমিতিৰ কাৰ্য্যালয়ত গেজিক গেৰঃ আৰু চৃঃচাং অতচুৰ গঠনৰ উদ্দেশ্যে এখনি প্ৰতিনিধি সভাত অনুষ্ঠিত কৰে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে TMMK ৰ প্ৰাক্তন সভানেত্ৰী তথা উপদেষ্টা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া নন্দিতা পেগু।
উপস্থিত থাকে TMMK কেন্দ্ৰীয় সদস্যা সৰলা পেগু দলে, প্ৰাক্তন সভানেত্ৰী ভানুমতী পেগু দলে, নিলিমা দলে, মোহন পেগু, বৃগেন দলে, অমৰজিৎ দলে, গীতা মিলি, মেনকা মিলি, MMK, TMMK, TMPK ৰ জিলা, আঞ্চলিকৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
■ ২৯/০৯/২০২৫
আগন্তুক মিচিং স্পৰ্টচ কাৰ্নিভেলত বিভিন্ন বিষয়ৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰিবলগীয়া গোগামুখ মহাবিদ্যালয়, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি অন্যান্য খেলপথাৰসমূহ পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
পৰিদৰ্শন কালত সংগ দিয়ে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, TMPK সহকাৰী সম্পাদক হৰিশ্চন্দ্ৰ কামান, ধেমাজি জিলাৰ TMPK ৰ সভাপতি – সম্পাদককে ধৰি মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
লগতে Facebook Page –
YouTube Channel –
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।