Mising Sports Carnival

মিচিং স্পৰ্টচ কাৰ্নিভেল ২০২৫ৰ প্ৰথম দিন।

Spread the love

মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাৰে গোগামুখত ২৩ অক্টোবৰ পৰা ২৬ অক্টোবৰ তাৰিখলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত “মিচিং স্প’ৰ্টছ কাৰ্নিভেল” অনুষ্ঠিত কৰিছে।

প্ৰথম দিন- পুৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰিয় বৃক্ষ ‘নাহৰ’ পুলি ৰোপনেৰে দিনটোৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে।
বৃক্ষৰোপণ কাৰ্য্যসূচীত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন চেতিয়া, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ভৱানী হাজৰিকা।

Game Village ৰ শুভ উদ্বোধন কৰে ধেমাজি জিলাৰ উপায়ুক্ত IAS বিষয়া ৰাহুল সুৰেশ জাভিৰে।

মূল প্ৰৱেশদ্বাৰ শুভ উদ্বোধন কৰে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক APS বিষয়া হিতেশ চন্দ্ৰ ৰয়ে।

তৃতীয় সংখ্যক মিচিং স্প’ৰ্টছ কাৰ্নিভেল”ৰ পতাকা উত্তোলন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
আনহাতে TMPK ৰ পতাকা উত্তোলন কৰে TMPK ৰ সভাপতি তিলক দলেয়ে।

মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় জেভেলিন খেলুৱৈ তথা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ পদক বিজয়ী ৰুণজুন পেগু আৰু ভাৰতীয় ক্ৰীড়াবিদ, ৰাষ্ট্ৰীয় অভিলেখ গঢ়োতা অম্লান বৰগোহাঁই।

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূবন গাম, থাউৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিঅ কুমাৰ ভূঞা, লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু।

উপস্থিত থাকে মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগু, সম্পাদক সোমেশ্বৰ কপ্তাক, মিচিং বাঃনৗ কৗবাঙৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, বিশিষ্ট লোকশিল্পী একলব্য গাম, মিচিং দৃৰবৃ কৗবাঙৰ সভাপতি অশ্বিনী দলে, সম্পাদক প্ৰশান্ত কুমাৰ বড়ি, টাকাম মিচিং মিমৌ কৗবাঙৰ সভানেত্ৰী তথা জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, সম্পাদিকা শৰ্মিলা পায়েং, অসমৰ বিভিন্ন ছাত্ৰ সংগঠন আৰু MBK, MAK, MMK, MDK, TMMK, TMPK, গণশক্তিৰ বিভিন্ন বিষয়ববীয়া, বিভিন্ন জিলাৰ গণ্য-মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।

উল্লেখ্য যে, অনুষ্ঠানত মালয়েছিয়াত অনুষ্ঠিত হোৱা WFFYSI, এছিয়া পেচিফিক যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৫ ত ৰূপৰ পদক বিজয়ী দেৱীলতা দলেক বিশেষভাৱে সম্বৰ্দ্ধনা জনাই।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page –
https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel –
https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *