মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু মিচিং জনগোষ্ঠীৰ বাবে ঐতিহাসিক দিন। - R News India 24
Skip to content
মিচিং স্বায়ত্বশাসিত পৰিষদে অসম চৰকাৰ তথা নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্বাচিত হোৱাৰে পৰা অৰ্থাৎ ২০১৩ চনৰ পৰা পৰিষদীয় এলেকাৰ সৰ্বাংগীন উন্নয়নৰ লগতে নিবনুৱা সমস্যা নিৰ্মূলৰ বাবে বহুটো পদক্ষেপ গ্ৰহণ কৰি আহিছে।
তাৰে অংশস্বৰূপে শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক জীৱন জীৱিকা অভিযানৰ অধীনত কৃষি, মীন পালন, উদ্যান শস্য, পশুপালন আৰু কুটীৰ শিল্প আদি বিভাগৰ দ্বাৰা বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।
উক্ত অভিযানৰ ভিতৰত অন্যতম হৈছে শিক্ষিত নিবনুৱা যুৱকসকলৰ নাপিত অৰ্থাৎ কেশকাৰৰ প্ৰশিক্ষণ।
২০২২ বৰ্ষত ২০০ গৰাকী শিক্ষিত নিবনুৱা যুৱকক সফলতাৰে প্ৰশিক্ষণ প্ৰদান কৰে।
প্ৰশিক্ষণপ্ৰাপ্ত কেশকাৰ সকল বৰ্তমান স্ব-নিয়োজিত হোৱাৰ উপৰিও চৰকাৰী নিযুক্তি পৰ্যন্ত পাবলৈ সক্ষম হয়।
টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত গোগামুখত অনুষ্ঠিত হোৱা মিচিং স্পৰ্টচ কাৰ্নিভেল স্থলীত এই অভিলাসী তথা যোগাত্মক পদক্ষেপৰ বাবে পৰিষদক ২৫ অক্টোবৰ ২০২৫ তাৰিখে এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ পৰা আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰমাণপত্ৰ প্ৰদান কৰে।
এই ঐতিহাসিক তথা গৌৰৱময় ক্ষণত কেশকাৰৰ কাৰ্যৰে পৰিষদীয় এলেকাত স্বাৱলম্বিতাৰ নতুন অধ্যায় সূচনা কৰা পৰিষদৰ দ্বাৰা স্বীকৃতি তথা প্ৰশিক্ষণপ্ৰাপ্ত প্ৰতিগৰাকী কেশকাৰ আৰু সমূহ পৰিষদ বাসী ৰাইজলৈ মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য কাৰ্য্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এছিয়া বুক অফ ৰেকৰ্ডছৰ পৰ্যবেক্ষক সঞ্জয় ভ’লা।
সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূবন গাম, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, লখিমপুৰ আৰু ধেমাজিৰ আৰক্ষী অধীক্ষক, টাকাম মিচিং মিমৌ কৗবাঙৰ সভানেত্ৰী তথা জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, টাকাম মিচিং পৰিন কৗবাঙৰ সভাপতি তিলক দলে, পৰিষদৰ সমূহ কাৰ্য্যবাহী/সাধাৰণ সদস্য/সদস্যা, ছয় মিচিং জাতীয় সংগঠন MBK, MAK, MMK, MDK, TMMK, TMPKৰ বিভিন্ন বিষয়ববীয়া, বিভিন্ন জিলাৰ গণ্য-মান্য ব্যক্তি সকল আৰু স্থানীয় ৰাইজ।
উল্লেখ্য যে, মিচিং স্বায়ত্বশাসিত পৰিষদৰ হৈ এই বঁটা আৰু প্ৰমাণপত্ৰ গ্ৰহণ কৰে মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।