LDCM

LDCM তদাৰকী সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Spread the love

বিগত ২০২৪ বৰ্ষৰ ২৮ অক্টোবৰ তাৰিখে জ’নাইৰ কৃষ্টি ভৱনত মিচিং বাঃনৗ কৗবাঙৰ নেতৃত্বত উক্ত সংগঠনকে ধৰি মুঠ ৬ টা মিচিং জাতীয় সংগঠনৰ লগত জাতিটোৰ সুৰক্ষা আৰু সর্বাংগীন উন্নয়ন তথা বিকাশৰ হকে ঐক্যৱদ্ধভাৱে কাম বা সংগ্ৰাম কৰাৰ এক ঐতিহাসিক চুক্তি সম্পন্ন হৈছিল।

কিন্তু অতি পৰিতাপৰ বিষয় যে, সংগঠনৰ সভাপতি ৰোহন পাতিৰে যেনেধৰণে ভূমিকা পালন কৰিব লাগিছিল তাৰ বিপৰীতে কেৱল বাহিৰত থাকি LDCM তথা জাতীয় সংগঠনসমূহৰ লগত ধনাত্মক আলাপ-আলোচনা নকৰাকৈ বা যোগসূত্ৰ ৰখাৰ পৰা আঁতৰি থাকি Remote Control System ত LDCM ৰ কাম-কাজ কৰাৰ অভিযোগ সংবাদমেলৰ জৰিয়তে উত্থাপন কৰে LDCM তদাৰকী সমিতিয়ে।

উক্ত সংবাদমেলত LDCM ৰ বিষয়ববীয়াই প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে, LDCM কৰ্মী সকলে সভাপতি গৰাকীৰ পৰা নীতি-নির্দেশনা, সু-দিহা পৰামৰ্শ কামনা কৰি আহিছিল যদিও তেখেতে সকলো সময়তে তেওঁলোকৰ পৰা আঁতৰি থাকি টুলুঙা বা দায়মৰা মন্তব্যৰে ব্যতিব্যস্ত কৰি আহিছে।

তেনেবোৰ ব্যৱহাৰ, কাৰু-কাৰ্যই এখন সমাজ আৰু জাতিটোৰ শুভলক্ষণ হ’ব নোৱাৰে, তেনে এজন নেতাৰ পৰা কেতিয়াও সংগঠন এটাক সুচাৰুৰূপে পৰিচালনা কৰা আৰু এখন সমাজ সমৃদ্ধিশালী কৰি তুলিব বুলি আশা কৰিব নোৱাৰি।

গতিকে, জাতীয় সংগঠনসমূহৰ লগত সমিল মিলেৰে, ঐক্যৱদ্ধ সংগ্ৰামৰ চুক্তিৰ মৰ্যদা অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত LDCM সদায় সজাগ আৰু দৃঢ় সংকল্পৱদ্ধ।

সদায় জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা অব্যাহত থাকিব।

অতি চিন্তনীয় বিষয় এইয়ে যে, LDCM ৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত পাতিৰ আৰু পূৰ্বৰ সেনাধ্যক্ষ বৰ্তমানৰ উপ-সভাপতি বিষ্মান পাতিৰ উভয়কে যোৱা ইংৰাজী ২৬/১০/২০২৫ তাৰিখে কেন্দ্ৰীয় সভাপতি ৰোহন পাতিৰে সামাজিক মাধ্যমৰ জৰিয়তে বহিস্কাৰ কৰা বুলি ঘোষণা কৰা কাৰ্যত সকলো আচম্বিত হৈ অসন্তুষ্টি প্রকাশ কৰিছোঁ।

তেনে হতকাৰী সিদ্ধান্ত বা কাৰ্যক সংবিধান বিৰোধী নীতিবহির্ভূত আৰু স্বৈৰাচাৰী শাসন ব্যৱস্থা বুলি গণ্য কৰা হয়।

ইয়াৰ দ্বাৰা এইটোৱে প্রমাণিত আৰু সহজে অনুমেয় যে, তেনেধৰণৰ নেতাৰ কাৰ্যই সংগঠনৰ মাজত অৰাজকতা বা বিশৃংখল কৰা বৃথা চেষ্টা কৰিব বিচৰাৰ বাদে আন একোৱেই হ’ব নোৱাৰে।

লগতে কেইজনমান সাংগো-পাংগো কর্মীক ভুল পথে পৰিচালিত কৰি এই ঐতিহাসিক চুক্তিক ল’ৰা-ধেমালিৰ দৰে আচৰণ কৰা কাৰ্যই কেতিয়াও দুর্বল বা ক্ষতি সাধন কৰিব নোৱাৰে বুলি স্পষ্টীকৰণ প্ৰকাশৰ লগতে সকিয়নী প্রদান কৰোঁ।

LDCM সদায় অটল আৰু সংবিধানত বিশ্বস্ত আৰু তেনে কার্যক একে মুখে ধিক্কাৰ দিছোঁ।

যোৱা ইংৰাজী ২৮/১০/২০২৫ তাৰিখে উক্ত বিষয় সমূহৰ ওপৰত পুংখানু-পুংখভাৱে পর্যালোচনা কৰিবৰ বাবে এখন জৰুৰী সভা অনুষ্ঠিত কৰি এখনি সবল তদাৰকী সমিতি গঠন কৰা হয়।

০৯/১১/২০২৫ তাৰিখে সভাপতি পাতিৰে প্ৰচাৰ মাধ্যমৰ জৰিয়তে ঘোষণা কৰা কর্মীদ্বয়ক বহিস্কাৰ কৰা কার্য গ্রহণযোগ্য আৰু যুক্তিসংগত কাৰণ সংবিধানৰ নিৰ্দিষ্ট অনুসূচী আৰু ধাৰা তদাৰকী সমিতিক ১০ (দহ) দিনৰ ভিতৰত অর্থাৎ ১৮/১১/২০২৫ তাৰিখে কাৰণ দর্শাবৰ বাবে তদাৰকী সভাই পত্ৰ প্ৰেৰণ কৰিছিল।

কিন্তু এই সময়সীমা কেইবাদিনো উকলি যোৱাৰ পাছতো সভাপতি ৰোহন পাতিৰৰ পৰা কোনো প্রত্যুত্তৰ বা সহাঁৰি লাভ কৰা নাই।

ফলস্বৰূপে প্ৰেছ বাৰ্তাৰ যোগেদি তদাৰকী সমিতিৰ বৈঠকৰ সিদ্ধান্তবোৰ অৱগত কৰোঁ।

ইয়াৰ লগতে অন্য এক উদ্বেগজনক, সাংগঠনিক লজ্জাজনক কৰা বিষয় হ’ল যে, LDCM ৰ সদস্য ক্রমে উমাকান্ত দলে আৰু সমীৰ পাতিৰে সংগঠন বিৰোধী কিছু অসামাজিক কার্যকলাপত জড়িত হৈছে বুলি বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে।

তেনে সংগঠন বিৰোধী দুষ্কার্যত লিপ্ত থকা ব্যক্তিক LDCM সংগঠনে কেতিয়াও ক্ষমা নকৰে আৰু আশ্রয় নিদিয়ে।

গতিকে সমীৰ পাতিৰ আৰু উমাকান্ত দলেয়ে ১৮/১১/২০২৫ তাৰিখৰ পৰা ১০ (দহ) দিনৰ ভিতৰত সংগঠনৰ মজিয়াত আহি স্পষ্টীকৰণ দিবৰ বাবে LDCM তদাৰকী সমিতিয়ে নির্দেশ প্ৰেৰণ কৰে। স্পষ্টীকৰণ নিদিয়া পর্যন্ত সংগঠনৰ কোনো কার্যত জড়িত নহ’বলৈ সকিয়নী প্ৰদান কৰে।

LDCMৰ তদাৰকী সমিতিয়ে গ্ৰহণ কৰা কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ক্ৰমেঃ- 

(১) LDCMৰ কেন্দ্রীয় সভাপতি ৰোহন পাতিৰে সংগঠনৰ স্ব-বিৰোধী নীতি গ্রহণ কৰা আৰু তদাৰকী সমিতিৰ নিৰ্দেশনাক উপেক্ষা কৰাৰ বাবে ১৮/১১/২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছে।

(২) LDCM ৰ কেন্দ্রীয় সাধাৰণ সম্পাদক জয়ন্ত পাতিৰ আৰু পূৰ্বৰ সেনাধ্যক্ষ তথা বৰ্তমানৰ উপ-সভাপতি বিষ্মান পাতিৰক সভাপতি ৰোহন পাতিৰে বহিস্কাৰ কৰা হতকাৰী কাৰ্যক সম্পূর্ণ ভিত্তিহীন, নীতিবিৰুদ্ধ, স্বৈৰাচাৰী শাসন ব্যৱস্থা বুলি গণ্য কৰি তদাৰকী সমিতিয়ে উভয়কে পূৰ্বৰ দৰেই নিজ নিজ বিষয়বাবদ থাকি দায়িত্বভাৰ নিষ্ঠা সহকাৰে পালন কৰি যোৱাৰ অনুমতি প্রদান কৰে।

(৩) অহা ২০ আৰু ২১ নৱেম্বৰ, ২০২৫ তাৰিখে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰোহন পাতিৰৰ নেতৃত্বত গুৱাহাটীত অনুষ্ঠিত হ’বলগা Six Schedule National Convention ত LDCM ৰ কোনো এজন কর্মী আৰু জাতীয় সংগঠনসমূহৰ কোনো কর্মী তথা বিষয়ববীয়াক অংশগ্ৰহণ নকৰিবলৈ বিনম্রতাৰে অনুৰোধ জনোৱা হ’ল।

কিয়নো উক্ত Conventionত LDCM ৰ সমূহ কৰ্মীৰ অজ্ঞাত, কেৱল সভাপতি পাতিৰৰ ব্যক্তি কেন্দ্ৰীকতাৰ এক স্বার্থ জড়িত ষড়যন্ত্র বুলি গণ্য কৰা হৈছে।

LDCM সংগঠনৰ তদাৰকী সমিতি সভাপতি- সুভা পেগু, উপ সভাপতি- লক্ষ্মণ পেগু, সম্পাদক- নৱকুমাৰ পেৰমে, সদস্য ক্ৰমে – বকুল পেগু, ৰাজ পায়েং, ৰমেন টাইদ, বিকী মৰাং, খৰ্গেশ্বৰ নৰহ, গোবিন্দ পেণ্ড, কমল পায়েং, মনোজ ভাটে, মোহন টাইদ, লেখান কমল দলে, হৰেশ পেগু।

 

প্ৰিয় পাঠক, দৈনন্দিন বিভিন্ন খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page –

https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel –

https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *