"Kapé MAC" - R News India 24
Skip to content
♦️ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত জনজাতীয় গৌৰৱ দিৱস উদযাপন।
১৫/১১/২০২৫ তাৰিখে পৰিষদৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখ আবুতানি লত্তাত ‘জনজাতীয় গৌৰৱ দিৱস’ উদযাপন কৰে।
দেশৰ মহান স্বাধীনতা সংগ্ৰামী, ধৰ্মগুৰু, লোকনায়ক, প্ৰতিবাদী কণ্ঠৰ গৰাকী, ভগৱান বীৰ বিৰছা মুণ্ডাৰ ১৫০তম পৱিত্ৰ জন্মবাৰ্ষিকীত উদযাপিত হোৱা উক্ত দিৱসত মহান ব্যক্তিগৰাকীৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰাৰ লগতে স্বকীয় ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ মিচিং, বড়ো, সোণোৱাল, দেউৰী, ৰাভা, হাজং, কাৰ্বি আৰু তিৱা জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু।
সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, যজ্ঞেশ্বৰ কুটুম, জহান দলে, অনিল পায়েং, দেৱৰঞ্জন মৰাং আৰু কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, ৰেখা কুটুম, সাধাৰণ সদস্য ৰাজু পেগু, বাণীকান্ত দলে, মুকুল পেগু, প্ৰতাপ টায়ে, সাধাৰণ সদস্যা লাৱণ্য মিলি, গণশক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰমা পাইট, MBKৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, দঃঞি পঃল য়েলাম কৗবাঙৰ সভাপতি একলব্য গাম, মৰনৈ সোৱণশিৰি জিলা পৰিষদ সদস্যা তথা TMMK ৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, পৰিষদৰ মুখ্য সচিব যাদৱ পেগু, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিলীপ কুমাৰ ঝা, গোগামুখ জিলা পৰিষদ সদস্যা জ্যোতিপ্ৰভা পেগু দলে, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ভৱানী হাজৰিকা।
আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ধেমাজি কৃষি বিকাশ কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী ডাঃ গুঞ্জন গগৈ, বিজ্ঞানী ক্ৰমে – মনোৰঞ্জন গগৈ, ড° প্ৰজ্বলিতা পাঠক, ভূপেন কুমাৰ দাফলাৰী, ৰেখামণি গগৈ, ডাঃ আমজাদ বালাংগে, ড° অমিত কুমাৰ শ্ৰীবাস্তৱ, গোগামুখ পশু চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ পেগু, সমাজকৰ্মী, শিক্ষাবিদ, গাম, মিচিং জাতীয় সংগঠন MBK, MAK, MMK, MDK, TMMK, TMPKৰ লগতে অসমৰ বিভিন্ন সংগঠনৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
উল্লেখ্য যে, উক্ত অনুষ্ঠানত পাছিঘাটৰ বিশিষ্ট সমাজকৰ্মী তথা TMPKৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সহকাৰী সাধাৰণ সম্পাদক কুমছান পাংগিং, গোগামুখৰ পৰ্য্যটন ক্ষেত্ৰৰ অগ্ৰনী যুৱক ফাৰুক পাংগিং, জেংৰাইমুখৰ অনুষ্ঠান ব্যৱস্থাপনাৰ বিষেশজ্ঞ লৰেঞ্চ দলে, জোনাইৰ প্ৰগতিশীল কৃষক ঝন কুম্বাং, চিমেন চাপৰিৰ প্ৰগতিশীল কৃষক ধনেশ্বৰ বসুমতাৰী, গোগামুখৰ প্ৰগতিশীল কৃষক গিৰিজাপ্ৰসাদ দলে, জয়ৰামপুৰৰ প্ৰগতিশীল কৃষক বাবুল নাৰ্জাৰী আৰু বৰদলনীৰ প্ৰগতিশীল কৃষক উৎপল সোণোৱালক পৰিষদৰ তৰফৰ পৰা মানপত্ৰ আৰু প্ৰতিচ্ছবি সম্বলিত বিশেষ ট্ৰফিৰ লগতে ২০.০০০ হাজাৰ টকাৰ চেক প্ৰদানেৰে সম্বৰ্দ্ধনা জনাই।
♦️ মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ হ’বলগীয়া প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন।
১৪/১১/২০২৫ তাৰিখে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অধ্যক্ষ সুনীল কুমাৰ পেগুৰ উপস্থিতিত পৰিষদৰ আৱণ্টিত পুঁজি প্ৰায় ৫০ লাখ টকা ব্যয়েৰে গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰ্মান হ’বলগীয়া প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
লগতে ২০২৬ বৰ্ষৰ ২০, ২১ আৰু ২২ মাৰ্চ তাৰিখে বিদ্যালয়খনৰ গৌৰৱময় সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ হকে লাইখুঁটা স্থাপন কৰে।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, গোগামুখ অঞ্চলৰ বিশিষ্ট ব্যক্তি, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, MMK, TMMK, TMPK আৰু গণশক্তি মিত্ৰজোঁটৰ অন্যান্য বিষয়ববীয়া।
♦️ মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা ‘মিচিং ভৱন’ৰ শুভ উদ্বোধন শিক্ষামন্ত্ৰীৰ।
১২/১১/২০২৫ তাৰিখে গুৱাহাটী বেলতলাত মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে প্ৰাৰম্ভিক পৰ্য্যায়ত নিৰ্মাণ কৰা “মিচিং ভৱন”ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যদ্বয় জহান দলে, বিজু পেগু, গুৱাহাটী মিচিং কৗবাঙৰ সভাপতি/সম্পাদককে ধৰি মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।
উল্লেখ্য যে, উক্ত স্থানত বহু মহলীয়া তথা বহুমুখী এক অত্যাধুনিক সামূহিক সুবিধা কেন্দ্ৰ নিৰ্মান কৰা হ’ব।
যিটো কেন্দ্ৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, সভাকক্ষ আৰু দূৰ-দূৰণিৰ পৰা গুৱাহাটী মহানগৰীত স্বাস্থ্য আৰু শিক্ষা বিষয়কে ধৰি অন্যান্য জৰুৰীকালীন কাৰ্য্যৰ বাবে অহা জনসাধাৰণৰ সুবিধাৰ ব্যৱস্থা উপলব্ধ কৰোৱা হ’ব বুলি R News India 24ক জানাই কাৰ্য্যবাহী সদস্য জহান দলেয়ে।
♦️ মিচিং স্বায়ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালীন সমিতিৰ দ্বিতীয় খন সাধাৰণ পৰিষদৰ বৈঠক ।
১৭/১১/২০২৫ তাৰিখে এম.এ.চিৰ সভাকক্ষত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ সভাপতিত্বত অন্তৱৰ্তীকালীন সমিতিৰ দ্বিতীয় খন সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰে।
উক্ত বৈঠকত মিচিং জনগোষ্ঠীৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক তথা সৰ্বাংগীন উন্নয়নৰ হকে বিভিন্ন দিশত আলোচনা কৰে।
বৈঠকত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অসম চৰকাৰৰ শিক্ষা ও ভৈয়াম জনজাতিৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন গাম, পৰিষদৰ মুখ্য সচিব যাদৱ পেগু, সমূহ কাৰ্য্যবাহী আৰু সাধাৰণ সদস্য/সদস্যা, অন্যান্য বিষয়ববীয়া।
♦️ মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত “মিচিং সমাজৰ পৰম্পৰাগত লোকবিশ্বাস আৰু গুৰু সন্মিলন”।
১৬/১১/২০২৫ তাৰিখে চিলাপথাৰ কাৰেং চাপৰি ইক’ কেম্পত মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত ‘মিচিং সমাজৰ পৰম্পৰাগত লোকবিশ্বাস বিষয়ক সামৰি এক বিশেষ গুৰু সন্মিলন’ অনুষ্ঠিত কৰে।
উক্ত অনুষ্ঠানত মিচিং জনগোষ্ঠীৰ মাংগলিক পৰম্পৰা, ধৰ্মীয় বিশ্বাস, সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ-প্ৰসাৰৰ ওচৰত বিশেষভাৱে আলোচনা কৰে।
অনুষ্ঠানত মিচিং সমাজৰ ঐতিহ্য, উপাসনা, পৰম্পৰাৰ ওপৰত বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক ভাষণ আগবঢ়াই মিচিং বাঃনৗ কৗবাঙৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে।
উপস্থিত থাকে আদি আগম কৗবাঙৰ সভাপতি তথা আঃবাং আৰু দঃঞি পঃল য়েলামৰ বিশেষজ্ঞ, ধৰ্মগুৰু কালিং বৰাং, মিচিং মিমাগ কৗবাঙৰ সভাপতি তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে – পুৰুষোত্তম দলে, জহান দলে, যজ্ঞেশ্বৰ কুটুম, নৰেশ্ব কুম্বাং, সাধাৰণ সদস্য ক্ৰমে – প্ৰতাপ টায়ে, ৰাজু পেগু, কনক দলে, সদস্যা লাৱণ্য মিলি, নিভা মিলি, দঃঞি পঃল য়েলাম কৗবাঙৰ সভাপতি একলব্য গাম, সম্পাদক বিনোদ কুম্বাং, মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায় পেগু, সম্পাদক সোমেশ্বৰ কপ্তাক, TMMK ৰ সভানেত্ৰী তথা জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, MMK ৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMPK ৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান পাংগিং, MDK ৰ সম্পাদক তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি, TMMKৰ সম্পাদিকা শৰ্মিলা পায়েং, জিলা পৰিষদ সদস্যা বন্তিবালা পেগু, মিচিং জনগোষ্ঠীৰ বিশিষ্ট গাম, পুৰোহিত, সাতুলা সকল, সমাজকৰ্মী, শিক্ষাবিদ, MBK, MAK, MMK, MDK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিকৰ বিষয়ববীয়া।
♦️ বিশিষ্ট শিল্পী প্ৰয়াত গজেন নৰহৰ প্ৰতিমূৰ্তি আৰু স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ ভূমি পৰিদৰ্শন পৰিষদ কৰ্তৃপক্ষৰ।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ পৰামৰ্শ অনুসৰি মিচিং লোক-সংস্কৃতিৰ সাধক তথা বিশিষ্ট শিল্পী প্ৰয়াত গজেন নৰহৰ প্ৰতিমূৰ্তি আৰু স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ বাবে ভূমি পৰিদৰ্শন কৰে পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয় পুৰুষোত্তম দলে, প্ৰশান্ত কুমাৰ বড়ি আৰু সাধাৰণ সদস্যদ্বয় প্ৰতাপ টায়ে, মূলচন পেগুৱে।
লগতে শিল্পী গৰাকীৰ দদগাং আয়োজন কৰা সম্পৰ্কে শদিয়াত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত অংশগ্ৰহন কৰে।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে TMPKৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহক গৌৰৱ পাদুন, TMMKৰ AGS পুনম টায়ে মৰাং, MMK ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক বাণীকান্ত টায়ে আৰু MMK, TMMK, TMPK শদিয়া জিলা সমিতিৰ সভাপতি/সম্পাদকৰ লগতে স্থানীয় ৰাইজ।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।
Post navigation
Go Top