R News India 24

“KAPÉ MAC”

Spread the love

♦️মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত নিয়োগ মেলা।

০৯/১১/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু Confederation of Indian Industry, CII Model Career Centre ৰ সহযোগত পৰিষদীয় এলেকাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বী তথা নিয়োগ প্ৰদান কৰাৰ উদ্দেশ্যে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC অৰ্থাৎ গ্রাম্য জীৱিকা সমল কেন্দ্রত বিশেষ নিয়োগ মেলা অনুষ্ঠিত কৰে।

মেলাৰ শুভাৰম্ভণি কৰে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে।
উপস্থিত থাকে পৰিষদৰ মুখ্য সহায়ক বিপিন গাম, RLRC ৰ সঞ্চালক চত্ৰ মেদক আৰু পৰিষদৰ অন্যান্য বিষয়ববীয়া।

নিয়োগ মেলাত খুচুৰা বিপণী, আতিথ্য উদ্যোগ, বস্ত্র উদ্যোগ, ম’বাইল এছেম্বলী, মেচিন হার্ণেছিং, সৌন্দর্য আৰু সুস্বাস্থ্য, লজিষ্টিক আৰু বি পি অ’ ইত্যাদি অন্যান্য বিভাগৰ লগতে মাইহাং আৰু আৰ নিউজ ইণ্ডিয়া ২৪ প্ৰতিষ্ঠানৰ বিভিন্ন পদৰ বাবে সাক্ষাৎ গ্ৰহণ কৰে।

উল্লেখ্য যে, উক্ত মেলাত প্ৰায় ২০০ গৰাকী শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।

 

♦️ড° নাহেন্দ্ৰ পাদুনক সাক্ষাৎ মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।

০৯/১১/২০২৫ তাৰিখে গুৱাহাটী এপল’ চিকিৎসালয়ৰ ICU ত চিকিৎসাধীন হৈ থকা যশস্বী সাহিত্যিক, ভাষাতত্ত্ববিদ, গৱেষক, সাহিত্যাচাৰ্য-আগম মিগাং উপাধিৰে সন্মানিত ড° নাহেন্দ্ৰ পাদুন দেৱক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

সাক্ষাৎকালত মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীক সংগ দিয়ে পৰিষদৰ কাৰ্য্যবাহী সদস্য জহান দলে, MBK ৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াই।

আনহাতে, ০৮/১১/২০২৫ তাৰিখে পৰিষদৰ কাৰ্য্যবাহী সদস্যত্ৰয় পুৰুষোত্তম দলে, জহান দলে, প্ৰশান্ত কুমাৰ বড়ি আৰু মুখ্য সচিব যাদৱ পেগুৱে ড° পাদুন দেৱৰ স্বাস্থ্যৰ বুজ লয়।

উল্লেখ্য যে, ড° নাহেন্দ্ৰ পাদুন দেৱৰ প্ৰাৰম্ভিক চিকিৎসাৰ বাবে পৰিষদৰ তৰফৰ পৰা ১ লাখ টকা আৰ্থিক সাহাৰ্য্য আগবঢ়াই তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে দঃঞি পঃলৰ ওচৰত প্ৰাৰ্থনা জনায়। লগতে পৰৱৰ্তী চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো সহায়-সহযোগীতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

 

♦️মিচিং স্বায়ত্বশাসিত পৰিষদৰ Standing সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক।

পৰিষদৰ আইন উপদেষ্টা‌ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ উপস্থিতিত গুৱাহাটী উজান বজাৰস্থিত হোটেল ব্লুমুনত Standing সমিতিৰ এখনি বিশেষ বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত পৰিষদৰ সাধাৰণ আৰু কাৰ্যবাহী সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাত আইনী সমস্যাসমূহ দূৰীকৰনৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ সম্পৰ্কে আলোচনা কৰে ।

বৈঠকত উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্যত্ৰয় পুৰুষোত্তম দলে, জহান দলে, প্ৰশান্ত বড়ি, পৰিষদৰ মুখ্য সচিব যাদৱ পেগু।

উল্লেখ্য যে, উক্ত বৈঠকত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় অধিবক্তা ক্ৰমে- জিতেন পায়েং, গণেশ পেগু আৰু বিজয় পেগুক MAC ৰ Standing Counsel ৰ সদস্য হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰে।

 

♦️সন্মিলিত গণশক্তি অসম আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াৰ সৈতে বিশেষ বৈঠক পৰমানন্দ চায়েঙীয়াৰ।

লখিমপুৰ জিলা মিচিং জাতীয় সংগঠন আৰু গণশক্তিৰ বিষয়ববীয়াৰ সৈতে বৰিমুড়িস্থিত লখিমপুৰ মিব’ অকুম’ত সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু আগন্তুক সাংগঠনিক কাৰ্য্যসূচী ৰূপায়ন সম্পৰ্কে বিশেষ আলোচনাত মিলিত হয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা সন্মিলিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়া।

উক্ত পৰ্যালোচনা সভাত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং, দেৱৰঞ্জন মৰাং, বিজু পেগু, গণশক্তি, MMK, TMMK, TMPKৰ কেন্দ্ৰীয় , জিলা খণ্ড আৰু আঞ্চলিকৰ বিষয়ববীয়া।

 

♦️৫,৫০০ গৰাকী টেট উত্তীৰ্ণ প্রার্থীক নিযুক্তি প্রদান।

০৯/১১/২০২৫ তাৰিখে অসম চৰকাৰৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত নিযুক্তি-পত্র প্রদান অনুষ্ঠান।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৫,৫০০ গৰাকী টেট উত্তীৰ্ণ প্রার্থীক নিযুক্তি-পত্র প্রদান কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা সন্মিলিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়া, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অসম চৰকাৰৰ শিক্ষা আৰু অন্যান্য বিভাগৰ বিষয়া-কৰ্মচাৰী লগতে মিত্ৰজোঁটৰ বিভিন্ন বিষয়ববীয়া।

 

♦️ভাৰতৰত্ন ড° ভূপেন হাজৰিকাক বিশেষ শ্ৰদ্ধাঞ্জলি।

০৫/১১/২০২৫ তাৰিখে
বিশ্ববৰেণ্য শিল্পী ‘ভাৰতৰত্ন’ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী মৈদানত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

উক্ত অনুষ্ঠানত প্ৰায় পাঁচ হাজাৰ জনতাই সমস্বৰে “মানুহে মানুহৰ বাবে” গীতটি গাই সুধাকণ্ঠক একাঁজ্বলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

অনুষ্ঠানত উপস্থিত থাকে অসম‌ চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, ধেমাজি জিলাৰ বিশিষ্ট ব্যক্তি, প্ৰশাসনৰ বিষয়ববীয়া‌ৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page –
https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel –
https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *