Mising Autonomous Council

“KAPÉ MAC”

Spread the love

Mising Autonomous Council

🔸 মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু জনতা চিনেমাৰ মাজত চুক্তি স্বাক্ষৰ।

২৭ অক্টোবৰ ২০২৫ তাৰিখে পৰিষদৰ অধীনত মিনি চিনেমা হল স্থাপন আৰু পৰিচালনাৰ বাবে পৰিষদৰ সচিবালয়ত জনতা চিনেমাৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

পৰিষদে প্ৰথম অৱস্থাত পাইলট প্ৰকল্প হিচাপে ৮টা মিনি চিনেমা হল মুকলি কৰিব, পৰৱৰ্তী পৰ্যায়ত আগ্ৰহী ব্যক্তিৰ আবেদনৰ ভিত্তিত ৪০টা হললৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে।

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ উপস্থিতিত উক্ত স্বাক্ষৰ প্ৰদান কৰে জনতা চিনেমাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ইউছুফ শ্বেইখ আৰু পৰিষদৰ মুখ্য সচিব যাদৱ পেগুৱে।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য জহান দলে, বলিউডৰ অভিনেতা তথা উত্তৰ-পূৰ্বাঞ্চল জনতা চিনেমাৰ মুখ্য পৰিচালক বিনোদ কুম্বাং, পৰিষদৰ আৰু জনতা চিনেমাৰ অন্যান্য বিষয়ববীয়া।

🔸পবা মহোৎসৱ উদযাপন সম্পৰ্কে ৰাজহুৱা সভা।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাইবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া তৃতীয় সংখ্যক পবা মহোৎসৱ উদযাপন সম্পৰ্কে ২৮/১০/২০২৫ তাৰিখে জোনাইৰ ঐৰামঘাটত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়।

সভাত পবা অভয়াৰণ্যত বসবাস কৰা বন্যপ্ৰাণী সুৰক্ষা, সংৰক্ষণ আৰু বনাঞ্চল উন্নীতকৰণৰ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰে।

উক্ত সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ্ব কুম্বাং, সম জিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰা, শ্ৰমিক শক্তিৰ সম্পাদক অতুল পেগু, বিশিষ্ট ব্যক্তি, গণশক্তি, MMK, TMMK, TMPKৰ বিভিন্ন বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

🔸 মিচিং স্বায়ত্বশাসিত পৰিষদৰ ‘দশম সংখ্যক কাৰ্য্যবাহী বৈঠক’।

৩১/১০/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ অধ্যক্ষতাত অন্তৱৰ্তীকালীন সমিতিৰ ‘দশম সংখ্যক কাৰ্য্যবাহী বৈঠক’ অনুষ্ঠিত হয়।

উক্ত বৈঠকত জনতা চিনেমা, জীৱন-জীৱিকা অভিযান, মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰে ৰূপায়ন কৰা আঁচনিৰ বিল পৰিশোধকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে।

বৈঠকত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সমূহ কাৰ্য্যবাহী সদস্য-সদস্যা, মুখ্য সচিব যাদৱ পেগু, বিভাগীয়  কৰ্মচাৰী সকল।

🔸 মিচিং বাঃনৗ কৗবাং আৰু নিছি এলাইট ছ’চাইটিৰ মাজত বন্ধুত্বৰ চুক্তি স্বাক্ষৰ।

২৯/১০/২০২৫ তাৰিখে অৰুণাচল প্ৰদেশৰ ইটানগৰত মিচিং বাঃনৗ কৗবাং আৰু নিছি এলাইট ছ’চাইটিৰ মাজত আনুষ্ঠানিকভাৱে ঐক্য আৰু পাৰস্পৰিক বন্ধুত্বৰ বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত কৰে।

অনুষ্ঠানত আগন্তুক দিনত নিছি আৰু মিচিং জনগোষ্ঠীৰ মাজত সুখ-শান্তি, সন্মান-স্বাভিমান তথা ভাতৃত্ববোধ, সাংস্কৃতিক ভাব-বিনিময় আৰু সহযোগিতাৰ বান্ধোন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উপস্থিত থাকে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, নিছি এলাইট ছ’চাইটিৰ সভাপতি অধ্যাপক টানা শ্বৌৰেন, দঃঞি পঃল য়েলাম কৗবাঙৰ সভাপতি একলব্য গাম, MMK ৰ সভাপতি তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, জহান দলে, বিজু পেগু, অনিল পায়েং, নৰেশ্ব কুম্বাং, প্ৰশান্ত বড়ি, সাধাৰণ সদস্যদ্বয় প্ৰতাপ টায়ে, দিলীপ পেগু, TMMKৰ সভানেত্ৰী তথা জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, TMPKৰ সভাপতি তিলক দলে, নিছি আৰু ছয় মিচিং জাতীয় সংগঠন MBK, MAK, MMK, MDK, TMMK, TMPKৰ অন্যান্য কেন্দ্ৰীয় বিষয়ববীয়া আৰু বহু গণ্য-মান্য ব্যক্তি।

🔸 লখিমপুৰ চিয়াজুলি মধুকল্যা একুৱেটিক ফাৰ্মত ৪ দিনীয়া মীন পালন প্ৰশিক্ষণ।

১/১১/২০২৫ তাৰিখে উক্ত প্ৰশিক্ষণৰ তৃতীয় গোটৰ শুভাৰম্ভণি কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু কাৰ্য্যবাহী সদস্য অনিল পায়েঙে।

উপস্থিত থাকে মধুকল্যা একুৱেটিক ফাৰ্মৰ স্বত্বাধিকাৰী তথা মুখ্য প্ৰশিক্ষক বিকুল গোস্বামী আৰু অন্যান্য বিষয়ববীয়া সকল।

🔸 জাতীয় সংগঠন DU:PUM AGER KÉBANG

২/১১/২০২৫ তাৰিখে গোগামুখৰ চেতিয়া গাঁৱস্থিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ছয় মিচিং জাতীয় সংগঠন MBK, MAK, MMK, TMMK, MDK আৰু TMPKৰ DU:PUM AGER KÉBANG অনুষ্ঠিত কৰে।

উক্ত বৈঠকত মিচিং জনগোষ্ঠীৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত পৰ্যালোচনা কৰে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মকভাৱে বক্তব্য আগবঢ়াই মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে মিচিং মিমাগ কৗবাঙৰ সভাপতি তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক আৰু অন্যান্য বিষয়ববীয়া।

🔸৪১ সংখ্যক ‘মিচিং ভাষা দিৱস’

৩০/১০/২০২৫ তাৰিখে লখিমপুৰ আগম কৗবাঙৰ উদ্যোগত চাবতি শান্তিপুৰ গাঁৱৰ পদ্মনাথ টাইড লত্তাত ৪১ সংখ্যক ‘মিচিং ভাষা দিৱস’ উদযাপন কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং, MAK, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

🔸 জোনাইত কাংকিন কৗবাং আৰু সম্বৰ্দ্ধনা অনুষ্ঠান

৩১/১০/২০২৫ তাৰিখে মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত টাকাম মিচিং পৰিণ কৗবাং জোনাই জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় ২০২৫ বৰ্ষৰ কাংকিন কৗবাং।

উক্ত অনুষ্ঠানত তৃতীয় সংখ্যক মিচিং স্পৰ্টচ কাৰ্নিভেলত পদক বিজয়ী খেলুৱৈসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যদ্বয় নৰেশ্ব কুম্বাং, পদুম ৰায়, TMPKৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, MMK, TMMK, TMPK জোনাই জিলা সমিতি বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

🔸প্ৰায় ১৬ লাখ টকা ব্যয় সাপেক্ষে মেচাকী টঙানী উচ্চ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ 

২৯/১০/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰ প্ৰায় ১৬ লাখ টকা ব্যয় সাপেক্ষে মেচাকী টঙানী উচ্চ মাধ্যমিক বিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা অতিৰিক্ত শ্ৰেণী কোঠাৰ শুভ উদ্বোধন কৰে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু পৰিষদৰ কাৰ্য্যবাহী সদস্য যজ্ঞেশ্বৰ কুটুমে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিষদ সদস্যা বণ্টীৱালা পেগু, মেচাকী টঙানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকবৃন্দ, বিজেপি, গণশক্তি, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page –
https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel –
https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *