"Kapé MAC" - R News India 24
Skip to content
⚫ ২১/১০/২০২৫
মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৯৯ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া খেৰকটা মহাবিদ্যালয়ৰ তিনিমহলীয়া প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে খেৰকটা মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত পেগু, সদৌ অসম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগু, যোগিসূতি ট্ৰাইবেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভদ্ৰ দলে, আম্বেদকাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক অনন্ত দাস, জিলা পৰিষদ সদস্য প্ৰণৱ পেগু, ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ উপ সভানেত্ৰী নিৰু লাগাছু, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
⚫ ২৩/১০/২০২৫
মিচিং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে পৰিষদৰ পৃষ্ঠপোষকতাত প্ৰতিবছৰে বিনামূলীয়া বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
তাৰে অংশস্বৰূপে লখিমপুৰ ছিয়াজুলি মধুকল্যা একুৱেটিক ফাৰ্মত ৩০ জনীয়া মীনপালকৰ দ্বিতীয়তো গোটৰ শুভাৰম্ভণি কৰে পৰিষদৰ মীন বিভাগৰ কাৰ্য্যবাহী সদস্য উমা পাথৰিয়ে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাং, মধুকল্যা একুৱেটিক ফাৰ্মৰ স্বত্বাধিকাৰী তথা মুখ্য প্ৰশিক্ষক বিকুল গোস্বামী আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া।
⚫ ২৪/১০/২০২৫
ধেমাজিৰ কাছাৰী ময়দানত ভাৰতীয় জনতা পাৰ্টি, ধেমাজি জিলা সমিতিৰ উদ্যোগত মিত্ৰজোঁটৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হকে “ন্যায় যাত্ৰা” কাৰ্য্যসূচী ৰূপায়ন কৰে।
উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা সন্মিলিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়া, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, নাৰীশক্তি সভানেত্ৰী ভৱানী দুৱৰা, বিজেপি, গণশক্তি, অগপ, অন্যান্য সংগঠনৰ বিষয়ববীয়া আৰু জিলাখনৰ প্ৰায় অৰ্ধ লক্ষাধিক জুবিন অনুৰাগী।
⚫ ২৫/১০/২০২৫
শিৱসাগৰ তলাতল ঘৰ সমীপত ৰাজ্যিক ভিত্তিক ‘ব্ৰহ্মপুত্ৰ কাপ’ পেনচাক্ চিলাট প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে সৰ্বভাৰতীয় পেনচাক চিলাট মহাসংঘৰ পেট্ৰন, সদৌ অসম পেনচাক চিলাটৰ প্ৰতিষ্ঠাপক সভাপতি তথা MACৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উপস্থিত থাকে অসম পেনচাক চিলাটৰ প্ৰতিষ্ঠাক সাধাৰণ সম্পাদক তথা কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলে আৰু অসম পেনচাক চিলাটৰ অন্যান্য বিষয়ববীয়া, শিৱসাগৰ জিলাৰ বহু গণ্য মান্য ব্যক্তি আৰু চিলাট সকল।
♦️ বাটঘৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত অনুষ্ঠিত হোৱা মেগা স্বাস্থ্য কেম্প “শুশ্ৰূষা সেতু” অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
⚫ ২৬/১০/২০২৫
মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰ ৫ লাখ টকা ব্যয়েৰে নৱ নিৰ্মিত টঙানী মাজগাঁৱৰ ৰাজহুৱা নামঘৰটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু পৰিষদৰ কাৰ্য্যবাহী সদস্য যজ্ঞেশ্বৰ কুটুমে।
উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গণশক্তি, BJP, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।
Post navigation
Go Top