® Tani FM আৰু মিচিং আগম কৗবাঙৰ বিশেষ বৈঠক।১/০১/২০২৬ তাৰিখে মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগুৰ বাসগৃহত মিচিং ভাষা প্ৰধান প্ৰথম FM অৰ্থাৎ Tani FM আৰু মিচিং আগম কৗবাঙৰ মাজত এখনি বৈঠক অনুষ্ঠিত হয়।
বৈঠকত আগম কৗবাং আৰু Tani FM এ যুটীয়াভাৱে ৰূপায়ন কৰিবলগীয়া কাৰ্য্যসূচী সমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰে।
উক্ত আলোচনাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য যজ্ঞেশ্বৰ কুটুম, সাধাৰণ সদস্য কনক দলে, প্ৰতাপ টায়ে, মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগু, উপ-সভাপতি কালিনাথ পাংগিং, সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্তাক আৰু অন্যান্য কেন্দ্ৰীয় বিষয়ববীয়া।
আনহাতে, Tani_FM ৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে শিৰোমণি দলে।
পৰিদৰ্শন কালত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মহাবিদ্যালয়খনৰ অধ্যক্ষ গুণিন্দ্ৰ পেগু,TMPK ৰ সহ সম্পাদক যতীন পেগু, ঢকুৱখনা জিলা সম্পাদক অমৰজিৎ দলে আৰু মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৬ বৰ্ষৰ প্ৰথম সাধাৰণ পৰিষদ সভা অনুষ্ঠিত কৰাৰ বাবে ১/০১/২০২৬ তাৰিখে বেছামৰা আৰু মাছখোৱাত স্থান পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীক সংগ দিয়ে সাধাৰণ সদস্য বানিকান্ত দলে, সাধাৰণ সদস্যা লাবণ্য মিলি আৰু মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলাৰ বিষয়ববীয়াই।
আধাৰশিলা স্থাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য বানিকান্ত দলে, ৰাজু পেগু, TMPK সাধাৰণ সম্পাদক চান পাংগিং, বিজেপি, গণশক্তি, অগপ আৰু মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা, খণ্ড আৰু আঞ্চলিকৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।