Kapé MAC - R News India 24
Skip to content
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ চতুৰ্থ সংখ্যক সাধাৰণ পৰিষদীয় সভা।
ধেমাজিস্থিত বেচামৰা কৃষ্টি ভৱন প্ৰেক্ষাগৃহত ১৬/০২/২০২৬ তাৰিখে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ সভাপতিত্বত অন্তৰ্ৱৰ্তীকালীন সমিতিৰ ‘চতুৰ্থ সংখ্যক সাধাৰণ পৰিষদীয় সভা’ অনুষ্ঠিত কৰে।
উক্ত সভাত উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, কাৰ্য্যবাহী সদস্য ক্ৰমে – পুৰুষোত্তম দলে, যজ্ঞেশ্বৰ কুটুম, দেৱৰঞ্জন মৰাং, অনিল পায়েং, বিজু পেগু, উমা পাথৰি, নৰেশ্ব কুম্বাং, প্ৰশান্ত কুমাৰ বড়ি, কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, ৰেখা কুটুম, পৰিষদৰ সাধাৰণ সদস্য ক্ৰমে – বানিকান্ত দলে, দিলীপ পেগু, ৰাজু পেগু, মুকুল পেগু, প্ৰতাপ টায়ে, কনক দলে, ত্ৰৈলোক্য পামেগাম, সুধিৰ চন্দ্ৰ মৰাং, ববিকান্ত পেগু, মূলচন পেগু, সাধাৰণ সদস্যা লাৱণ্য মিলি, নিভা পেগু মিলি, লিভা পেগু, মিচিং জাতীয় সংগঠন MBK ৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, MAKৰ সম্পাদক সোমেশ্বৰ কপ্তাক, TMMKৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, সম্পাদিকা শৰ্মিলা পায়েং, TMPKৰ সাধাৰণ সম্পাদক চান পাংগিং, পৰিষদৰ কাৰ্য্যবাহী অভিযন্তা গ’মোগ পেগু, মুখ্য সহায়ক বিপিন গাম আৰু গণশক্তি, MBK, MMK, MDK, TMMK, MAK, TMPKৰ অন্যান্য বিষয়ববীয়া।
® জীৱন জীৱিকা অভিযানৰ অধীনত প্ৰমাণ পত্ৰ বিতৰণ।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ জীৱন জীৱিকা অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষাৰ্থীক ২৩/০২/২০২৬ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত প্ৰেক্ষাগৃহত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগুৰ উপস্থিতিত আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰে।
আদৰণি ভাষণ আগবঢ়াই মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।
অনুষ্ঠানটিত উপস্থিত থকা প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
অনুষ্ঠানত উদ্যান শস্য বিভাগত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ২০০ গৰাকী, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ১৬৪ গৰাকী।
পশুপালন আৰু পশু চিকিৎসা বিভাগত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ৩১ গৰাকী, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৯৬ গৰাকী।
মীন পালন বিভাগত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ৩০৬ গৰাকী, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ২০০ গৰাকী।
সৰ্বমুঠ ৯৯৭ গৰাকীক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, ৰেখা কুটুম, কাৰ্য্যবাহী সদস্য পদুম ৰায়, সাধাৰণ সদস্য বানীকান্ত দলে, দিলীপ পেগু, ৰাজু পেগু, মুকল পেগু, সাধাৰণ সদস্যা লাৱণ্য মিলি, পৰিষদৰ মুখ্য সচিব যাদৱ পেগু, মুখ্য সহায়ক বিপিন গাম, পৰিষদৰ সমূহ কৰ্মচাৰী, মিচিং জাতীয় সংগঠন MMK, TMMK, TMPK, গণশক্তিৰ অন্যান্য বিষয়ববীয়া।
® শৈক্ষিক ভৱনৰ শুভ উদ্বোধন ।
২২/০২/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত
পুঁজিৰ ৪৯.৯৯ লাখ টকা ব্যয়েৰে গোগামুখ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত শৈক্ষিক ভৱনৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
লগতে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজন ব্যৱস্থাপনাৰ বাবে অসম চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া এটি ৰান্ধনীঘৰৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে।
® বহুমুখী ভৱনৰ শুভ উদ্বোধন।
গোগামুখ আবুতানি লত্তাত ২২/০২/২০২৬ তাৰিখে নৱনিৰ্মিত বহুমুখী ভৱনৰ শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত নিৰ্মিত উক্ত ভৱনটোত দোকানঘৰৰ লগতে এটা যোগাভ্যাস কেন্দ্ৰ আৰু এটা বহুমুখী শৰীৰ চৰ্চা কেন্দ্ৰ স্থাপন কৰা হৈছে।
অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, সাধাৰণ সদস্য ৰাজু পেগু, সন্মিলিত গণশক্তি অসমৰ সাধাৰণ সম্পাদক ৰমা পাইট, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া, যোগাভ্যাস কেন্দ্ৰ আৰু বহুমুখী শৰীৰ চৰ্চা কেন্দ্ৰ খনৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।
® বিদ্যালয়ৰ শ্ৰেণীকোঠা শুভ উদ্বোধন।
২২/০২/২০২৬ তাৰিখে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ দ্বাৰা পৰিষদৰ অন্তৰ্গত ৫খন প্ৰাথমিক বিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা শ্ৰেণীকোঠা শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
প্ৰতিটো শ্ৰেণীকোঠা ১৫.৭০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে-
1. ২৫৪নং বেৰভঙা নিম্ন প্ৰাথমিক বিদ্যালয়।
2. দিপা এম ই নিম্ন প্ৰাথমিক বিদ্যালয়।
3. মিংমাং চৰিয়নি নিম্ন প্ৰাথমিক বিদ্যালয়।
4. মইনাপৰা নিম্ন প্ৰাথমিক বিদ্যালয়।
5. উজনি ওখমাটি নিম্ন প্ৰাথমিক বিদ্যালয়।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, সাধাৰণ সদস্য ৰাজু পেগু, উল্লেখ্যিত বিদ্যালয়সমূহৰ শিক্ষক বৃন্দ, ছাত্ৰ-ছাত্ৰী, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।
Post navigation
Go Top