সংবিধান দিৱসৰ প্ৰাসংগিকতা কিমান ? 

Spread the love

সংবিধান দিৱস

সংবিধান দিৱসৰ প্ৰাসংগিকতা কিমান ?

 

২৬ নৱেম্বৰত ভাৰতীয় সংবিধান দিৱস।

২৬ নভেম্বৰ ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ পৱিত্ৰ সংবিধান (Constituent Assembly of India) আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল। ড° ভীমৰাও আম্বেদকাৰৰ অধ্যক্ষতাত গঠিত ভাৰতীয় সংবিধান সভাৰ খচৰা প্ৰস্তুত সমিতিয়ে ৰচনা কৰা দেশৰ পৱিত্ৰ সংবিধানখন সংবিধান সভাই সৰ্বসন্মতভাৱে গ্ৰহণ কৰিছিল। ২৬ জানুৱাৰী ১৯৫০ চনৰ পৰা কাৰ্য্যকৰী কৰা দেশৰ পৱিত্ৰ সংবিধানখনৰ সোঁৱৰণত আজি ২৬ নভেম্বৰ তাৰিখে সমগ্ৰ ৰাষ্ট্ৰই পালন কৰে সংবিধান দিৱস। উল্লেখ্য যে বাবা আম্বেদকাৰৰ নেতৃত্বত ৰচিত দেশৰ সংবিধানখনৰ লক্ষ্য, উদেশ্য, পৰাকাষ্ঠা, উৎকৰ্ষ তথা মাহাত্ম্যক চিৰ সজীৱ কৰি ৰাখিবলৈ আৰু তাৰ গুৰুত্ব, মহত্ব বৃদ্ধি তথা সম্প্ৰসাৰিত কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ আজিৰ দিনটোতে ঘোষণা কৰিছিল যে, প্ৰতি বছৰে ২৬ নবেম্বৰৰ দিনটো সংবিধান দিৱস (Constitution Day) হিচাবে পালন হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণাক সকলোৱে সঁহাৰি জনাইছিল, আমিওঁ হয়ভৰ দিছিলোঁ,- কাৰণ যি সংবিধানে জাতি, ধর্মৰ উৰ্দ্ধত গৈ ‘ধৰ্ম নিৰপেক্ষতা’ৰ ধৰ্ম পালনৰ কথা কয়, তেনেকুৱা এখন সাৰ্বজনীন সংবিধানৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ খুবেই প্ৰয়োজন। পিছে আজি সংবিধান অনুসাৰে দেশ পৰিচালিত হৈছেনে? সংবিধানৰ ধৰ্ম ‘ধৰ্ম নিৰপেক্ষতা’ অক্ষুন্ন আছেনে? এই প্রশ্নৰ উত্তৰ অৱশ্যে কাৰো নজনা নহয়। বছৰে বছৰে কেৱল সংবিধান দিৱস পালন কৰিয়েই দায়-দায়িত্ব সাৰিলেই নহব, পৱিত্ৰ সংবিধানৰ আত্মাৰ আৱাজ’ও শুনিব লাগিব, সংবিধানে বিছৰা ধৰনে দেশ পৰিচালিত হ’ব লাগিব, তেহে সংবিধানৰ লক্ষ্য আৰু উদেশ্য ফলৱতী হ’ব। দেশৰ পৱিত্ৰ সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু ইয়াৰ সকলো জনসাধাৰণৰ বাবে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ন্যায়, ধর্ম, সমতা, চিন্তা, মতপ্ৰকাশ, বিশ্বাস, আস্থা আৰু উপাসনাৰ স্বাধীনতা, মৰ্যাদা, অধিকাৰ, বিকাশ তথা সুযোগ-সুবিধাৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আৰু তেওঁলোক সকলোৰে মাজত একতা-ভাতৃত্ববোধ, মান-মৰ্যদা, ব্যক্তিসন্মান তথা ৰাষ্ট্ৰীয় ঐক্য, অখণ্ডতা প্ৰসাৰৰ নিমিত্তে দৃঢ় সংকল্পবদ্ধ। কিন্তু আজি সেই মহান সংবিধানৰ পৱিত্ৰ বিধি-নিয়ম যেন ধুৱা চাঙত। কি শাসক, কি বিৰোধী, কি জনগণ কোনেও দেশৰ পৱিত্ৰ সংবিধানখনক এশ শতাংশ মানি চলা পৰিলক্ষিত হোৱা নাই। পদে পদে সংবিধান অৱমাননাৰ ঘটনা দৃশ্যমান। এই অৱস্থাত সংবিধান দিৱস পালনৰ প্ৰাসংগিকতা কিমান ?

 Reporting by  জুলহাছ আলী আহমেদ 

R News India 24 

 

Leave a Reply

Your email address will not be published. Required fields are marked *