ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে কোৰোণাৰ সংক্ৰমণ।

Spread the love

Assam, June 13 :

ৰাজ্যত কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পৰিপেক্ষিতত ৰাজ্য চৰকাৰে এতিয়া নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে কিছু শিথিল কৰাৰ চিন্তা চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে।

যদিওঁ সকলো জিলাতে স্বাস্থ্যবিধি শিথিল কৰাৰ সম্ভাৱনা ক্ষীণ।

যিসমূহ জিলাত কৰোনা পৰিস্থিতি কিছু উন্নত হৈছে, সেইসমূহ জিলাতহে কভিড নীতি-নিৰ্দেশনা শিথিল কৰাৰ গুণা গঁথা চলি আছে।

এই সন্দৰ্ভত দেওবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক স্পষ্ট ইংগিত প্ৰদান কৰে।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘১৫ জুনৰ পিছত কভিড প্ৰটকলত কিছু শিথিলতা অনা হ’ব।

জিলা ভিক্তিক পৰ্য্যালোচনা কৰাৰ পাছতহে শিথিলতাৰ বিষয়টো স্পষ্ট হব।

অৱশ্যে ১৫ জুনলৈ বাহাল থাকিব স্বাস্থ্য বিভাগে জাৰি কৰা SOP।

তাৰ পিছৰ পৰ্যায়ৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে এইদৰে কয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

যিবোৰ জিলাত কভিড পৰিস্থিতি উন্নত হোৱাৰ দিশে গতি কৰিছে সেই জিলাসমূহত কিছু শিথিলতা অনা হ’ব।

এই সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে দুই এদিনতে সকলো কথা ৰাজহুৱা কৰিব।

গুৱাহাটী, নগাঁও আদিত কৰোনা পৰিস্থিতি আৰু অধিক উন্নত হ’ব লাগিব।

আনহাতে ভেকচিনৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ৰাজ্য চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণে ভেকচিন মজুত আছে।

ভেকচিন লবলগীয়া লোকৰ তালিকা জমা দিবলৈ ইতিমধ্যে প্ৰতিখন জিলাৰ স্বাস্থ্য বিষয়াক নিৰ্দেশ দিয়া হৈছে।

ইফালে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰসংগত স্বাস্থ্যমন্ত্ৰীয়ে স্পষ্টিকৰণ দি কয় যে, ‘পৰীক্ষা অনুষ্ঠিত কৰাক লৈ স্বাস্থ্য বিভাগে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীয়ে ইতিমধ্যে তেওঁলোকৰ প্ৰতিবেদন প্ৰস্তুত কৰি আছে।

উক্ত কমিটীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্য্যায়ত নিৰ্ণয় কৰিব পৰা যাব, আচলতে কি পদ্ধতিত পৰীক্ষা অনুষ্ঠিত হ’ব এই দৰে কয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

 

জুলহাছ আলী আহমেদৰ ৰিপৰ্ট   R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *