মানুহ কেনেকৈ অমানুহ হ’ব পাৰে ?

Spread the love

Assam, June 28:

মানুহ কেনেকৈ অমানুহ হ’ব পাৰে ?

হয়, জীৱশ্ৰেষ্ঠ মানুহ কেনেকৈ ইমান নিৰ্দয়, নিষ্ঠুৰ আৰু হৃদয়হীন পাষণ্ড হ’ব পাৰে?

হৃদয় থকা এগৰাকী বিবেকসম্পন্ন ব্যক্তি কেনেকৈ ইমান তললৈ নামিব পাৰে?

মানুহ এজনে কেনেকৈ পাৰে নিজৰ ফুলকুমলীয়া জীয়েক বা নাতিনীয়েকক ধৰ্ষণ কৰি হত্যা কৰিব?

আজি যেন সেয়াই হ’ল, অসম্ভৱকো সম্ভৱ কৰি নিজৰ কণ্যা বা নাতিনী তুল্য এগৰাকী ৯ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হ’ল।

যোৱা ২০ জুন তাৰিখে ভূৰাগাঁৱৰ বালিডোংগাত এগৰাকী ৬৫ বছৰ বয়সীয়া পাষণ্ডই নিজৰ জীয়ৰী বা নাতিনী তুল্য এজনী ৯ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ লগতে অতি নিৰ্দয়ভাৱে হত্যা কৰি মৰাপাটৰ খেতিত পেলাই থৈ যায়।

কেনেকৈ পাৰিলে এনেকুৱা বৰ্বৰ, জঘন্য, অমানৱীয়, পাশবিক আৰু অনুভূতিশূন্য পাপ কাৰ্য সংঘটিত কৰিবলৈ?

বুকুখন দুৰু দুৰু কঁপি উঠা নাছিল নেকি?

হাত দুখন থমকি ৰোৱা নাছিলনে?

কি হ’ল জীৱশ্ৰেষ্ঠ মানুহৰ? কেনেকৈ পাৰে এনেকুৱা আসুৰীক কৰ্ম কৰিবলৈ?

আজি যেন মানুহৰ মনুষ্যত্ব লুপ্ত হবলৈ ধৰিছে।

ক্ৰমান্বয়ে মানুহৰ হৃদয়ৰ পৰা দয়া, প্ৰেম, মানৱতা নোহোৱা হবলৈ ধৰিছে, তাৰ প্ৰমাণ ভূৰাগাঁৱৰ হৃদয়বিদাৰক, মৰ্মান্তিক ঘটনাটি।

৬৫ বছৰ বয়সীয়া চৈয়দ মালিক নামৰ কাল পিশাচ জনে এটি ৯ বছৰীয়া নিস্পাপ শিশুক ধৰ্ষণ কৰাৰ অন্তত নিশংসভাৱে হত্যা কৰি মানৱজাতিক লজ্জানত কৰাই নহয়, কলংকিত’ও কৰিলে।

অৱশ্যে ভুৰাগাঁৱত সংঘটিত হোৱা এই জঘন্য, অমানুষিক বলাৎকাৰ তথা হত্যা কাণ্ডৰ লগত জড়িত নৰাধম জনক ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতেই মানৱতাৰ শত্ৰু চৈয়দ মালিকক ভূৰাগাঁৱ আৰক্ষীয়ে আটক কৰিছে।

এতিয়া ভূৰাগাঁৱ আৰক্ষীৰ উচিত, সুৰুঙাবিহীন এটা কেচ ফাইল প্ৰস্তুত কৰা, দোষী যাতে প্ৰমাণৰ অভাৱত কোনো পধ্যেই সাৰি নেযায়।

 

জুলহাছ আলী আহমেদ  :  R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *