এই মূহুৰ্তৰ বিগ ব্ৰেকিং ৰাজ্য চৰকাৰৰ নতুন SOP ঘোষণা

Spread the love

Assam, July 19 :

ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বাস্থ্যমন্ত্ৰী কেশব মহন্তই ঘোষনা কৰা SOP অহা মঙ্গলবাৰ (২০ জুলাই/২০২১)ৰ পুৱা ৫ বজাৰ পৰা এসপ্তাহলৈ প্ৰযোজ্য হ’ব।

সোমবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন SOP অনুসৰি ৫খন জিলা; গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ জিলাত পুনৰ এসপ্তাহৰ বাবে বাহাল থাকিব ‘টোটেল ক’নটেইনমেণ্ট’ ব্যৱস্থা।

এই জিলাসমূহত বিয়লি পাঁচ বজালৈ খোলা থাকিব গেলামালৰ দোকান আৰু শাক-পাচলি, ফলমূলৰ বিপণী।

তাৰ বিপৰীতে কাৰ্যালয়, আন সামগ্ৰীৰ দোকান আৰু যাতায়াত ব্যৱস্থাত সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।

ইফালে মৰিগাঁও আৰু গোৱালপাৰা জিলাত লকডাউন শিথিল কৰি দুপৰীয়া ১২ বজালৈকে সকলো কাৰ্যালয় আৰু দোকান, জিলাৰ ভিতৰত পৰিবহন তথা যাতায়াত ব্যৱস্থা মুকলি থাকিব।

দুপৰীয়া ১ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন।

গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফলমূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা থাকিব।

আনহাতে কামৰূপ (মহানগৰ), শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগচা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাচাৰ, কাৰ্বি আংলং,ধুবুৰী, দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দিকে ধৰি ২৮খন
জিলাত বিয়লি ৪ বজালৈকে খোলা থাকিব সকলো কাৰ্যালয়, দোকান, জিলাৰ ভিতৰত পৰিবহন তথা যাতায়াত ব্যৱস্থা।

বিয়লি পাঁচ বজাৰ পৰা ৰাতিপুৱা পাঁচ বজালৈ সান্ধ্য আইন।

আজি ঘোষিত নতুন SOP‘ৰ জড়িয়তে বিয়া-বাৰু, মৃতকৰ সৎকাৰ, শ্ৰাদ্ধ আদিত ১০ জনতকৈ অধিক লোক যাতে সমবেত নহয়, সেয়া কঠোৰ ভাৱে বলৱৎ কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশনা দিয়া হৈছে।

তাৰ সমান্তৰালকৈ মছজিদ-ঈদগাহত মাথো ৫গৰাকী লোকক ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে।

নতুন নীতি-নিৰ্দেশনা অনুসৰি পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব।

অৱশ্যে পৰৱৰ্তী ঘোষনা পৰ্যন্ত ৰাজ্যত যান বাহন চলাচলৰ ক্ষেত্ৰত Odd/Even ব্যৱস্থা বাহাল থাকিব।

 

জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট : R News India 24

One thought on “এই মূহুৰ্তৰ বিগ ব্ৰেকিং ৰাজ্য চৰকাৰৰ নতুন SOP ঘোষণা

Leave a Reply

Your email address will not be published. Required fields are marked *