শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষা আৰু শিক্ষক নিযুক্তি সন্দৰ্ভত এক পৰ্য্যালোচনা
Assam, July 25
শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষা আৰু শিক্ষক নিযুক্তি সন্দৰ্ভত এক পৰ্য্যালোচনা :
– নিৰ্মল নৰহ
ভাষা বিজ্ঞানী সকলে আমাক সকলোকে জনাই আহিছে যে, সেই পৃথিৱীৰ বুকুৰ পৰা কিছুমান জাতি জনগোষ্ঠীৰ ভাষা সমূহ বিলুপ্তি হ’ব ।
এনেহেন সন্ধিক্ষনত মিচিং ভাষাকো আমি আমাৰ মিচিং সমাজৰ মাজৰ পৰা বিলুপ্তিৰ দিশলৈ ধাবমান হ’বলৈ দিছোঁ নেকি?
বাৰেৰহণীয়া ভাষা- সাহিত্যআৰু কৃষ্টি -সংস্কৃতিৰে সমৃদ্ধ বৰ অসমখনৰ মিচিং জনজাতীয় সকল অসমৰ দ্বিতীয় বহৎ জনগোষ্ঠী ।
আমি দৃঢ়তাৰে ক’ব পাৰোহক যে, ভাষা,সাহিত্য আৰু সংস্কৃতিৰ দিশত মিচিং জাতিটোঅতি চহকী জাতি।
মিচিং ভাষাৰ চৰ্চা, অধ্যয়ন আৰু গৱেষণা কৰিবলৈ যাৱতীয় পাঠ্য পুথি, ব্যাকৰণ,অভিধান আৰু অন্যান্য গ্ৰন্থ পুথি ভাষাবিদ আগম মিগাং টাবুৰাম টাইদ আৰু নাহেন্ৰ পাদুন দেৱে প্ৰকাশ কৰি দি মিচিং জাতিৰ ভাষা সাহিত্যলৈ বহুমূলীয়া অৱদান আগবঢ়াই সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।
মিচিং জাতিৰ ভাষা- সাহিত্য ক্ষেত্ৰত ব্যাকৰণ, অভিধান, প্ৰশাসনিক পৰিভাষা, নেওতাৰ লগতে বিদ্যালয়ত পাঠ্যক্ৰম হিচাপে অন্তৰ্ভুক্ত কৰিব পৰাকৈ গল্প,উপন্যাস, কবিতা, পূৰ্ণাঙ্গ নাটক, একাংকিকা নাটক,প্ৰবন্ধ
পুথি আদিৰ লগতে বিভিন্ন পাঠ্যপুথি মজুত হৈ আছে।
সিমানখিনি গ্ৰন্থ পুথি মিচিং ভাষাৰ সাহিত্যৰ ভঁৰালত মজুত হৈ থকাৰ স্বত্তেও কিয় আমি মিচিং অধ্যোষিত অঞ্চল সমূহৰ বিদ্যালয়ত মিচিং ভাষা শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছোঁ।
অসম চৰকাৰক বহুবাৰ আবেদন নিবেদন কৰি দাবী জনোৱাৰ পিছতো মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে আজিলৈকে ঘোষনা কৰা নাই।
নিজৰ মাতৃভাষাত কণ-কণ শিশু ছাত্ৰ- ছাত্ৰী সকলক পাঠদান দিব পৰাকৈ মিচিং ভাষাৰ শিক্ষক নিযুক্তি কিয় প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
সেইয়া আমাৰ মিচিং জাতিৰ অতি পৰিতাপৰ বিষয়।
মিচিং ভাষা ক শিক্ষাৰ আওতাত কিয় পেলাই সঠিক ৰূপত বিধান সভাৰ মজিয়াৰ বাজেট অধিবেশনত উত্থাপন কৰা নাই।
গত চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা
মহোদয়ে নিউজ চেনেলবোৰৰ
জৰিয়তে কেইবাবাৰো ঘোষনা কৰি কৈছিল – মিচিং,ৰাভা,
তিৱা ,জনজাতীয় লোক সকলৰ কণ- কণ ছাত্ৰ- ছাত্ৰী
সকলে নিজৰ মাতৃভাষাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান পাব।
বৰ্তমান সুদক্ষ তথা অভিজ্ঞ
ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে কিয় আজিকোপতি আমাৰ মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে
ঘোষনা কৰি মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ সু- ব্যৱস্থা কৰি দিয়া নাই।
অসম চৰকাৰৰ মাননীয় মূখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰি শিক্ষক নিযুক্তি দিয়াৰ সন্দৰ্ভত মিচিং জাতীয় সংগঠন সমূহৰ লগতে মিচিং আগম কৌবাঙেও তেখেতক সাক্ষাৎ কৰি আবদেন পত্র সন্মান সহকাৰে দাখিল কৰি
অৱগত কৰিছে।
বৰ্তমান অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু মহোদয়কো আমি কাতৰ আহ্বান জনাইছোঁ মিচিং ভাষাক জীয়াই ৰাখিবৰ বাবে ৰাষ্ট্ৰীয় লিক্ষা নীতিৰ আধাৰত মিচিং ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ সন্দৰ্ভত আমাক সু- ব্যৱস্থা কৰি দিলে মিচিং ভাষাটো বিশ্বৰ বুকুত জীয়াই থাকিব বুলি আমাৰ একান্ত কামনা।
মাননীয় শিক্ষা মন্ত্ৰী আমাৰ জাতিটোৰ মেৰুদণ্ড স্বৰূপ।
আপুনি আমাৰ সন্মানীয় সুদক্ষ আৰু অভিজ্ঞ মন্ত্ৰী হিচাপে সন্মান জনাই বিপুল সমৰ্থন জনাই আহিছোঁ।
মিচিং ভাষাৰ চৰ্চা, অধ্যয়ন আৰু গৱেষণাৰ কৰি মিচিং ভাষাক প্ৰচাৰ , প্ৰসাৰ আৰু অধিক উত্তৰণৰ কথা চিন্তা- চৰ্চা কৰি মিচিং ভাষাক সঁচা অন্তৰেৰে ভাল পোৱা মিচিং ভাষা প্ৰেমী স্বনামধন্য ব্যক্তি সকলে ১৯৭২চনৰ ১৮ এপ্ৰিলৰ দিনা দিচাংমুখত ” মিচিং আগম কৌবাঙ” নামেৰে সভা প্ৰতিষ্ঠা কৰি ভাষাবিদ আগম মিগাং টাবুৰাম টাইদক সভাপতি আৰু আগম মিগাং নাহেন্দ্ৰ পাদুন দেৱক সম্পাদক হিচাপে আসনভাৰ অলংকৃত কৰিছিল।
তেতিয়াৰে পৰা বৰ্তমানলৈকে মিচিং আগম কৌবাঙে নিৰৱচ্ছিন্ন ভাৱে মিচিং ভাষাৰ উত্তৰণৰ বাবে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি কাৰ্য পন্থাবোৰ চলাই আহিছে।
মিচিং আগম কৌবাঙৰ প্ৰতিষ্ঠা কৰাৰ পাছৰ পৰাই মিচিং ভাষাৰ লিপি আঁচনিৰ নিৰ্ধাৰনৰ ক্ষেত্ৰত বহু লানি সভা- সমিতি পাতি ভাষাবিদ আৰু ভাষা বিশেষজ্ঞ ব্যক্তি সকলক লৈ মিচিং ভাষাৰ লিপি নিৰ্ধাৰণ কৰি মিচিং ভাষাক চৰকাৰে শিক্ষাৰ মাধ্যম হিচাপে কৰি দিবৰ বাবে আৰু মিচিং অধ্যোষিত অঞ্চল সমূহৰ বিদ্যালয়ত মিচিং ভাষাৰ শিক্ষক নিযুক্তি পোৱাৰ সন্দৰ্ভত সৰ্বসন্মতি প্ৰস্তাৱ গ্ৰহণ কৰি সিদ্ধান্ত গ্ৰহণ কৰি গৃহীত কৰিছে।
মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে পাবৰ বাবে
মিচিং আগম কৌবাঙৰ সংবিধান খনতো এনেদৰে উল্লেখ কৰা আছে – “To work for introduction of Mising as a medium of instruction and or as a subject ” মিচিং সকলৰ নিজস্ব ভাষা,সাহিত্য,সংস্কৃতি, ধৰ্ম আৰু জাতীয় সত্তাক জীয়াই ৰাখিবৰ বাবে সদৌ মিচিং ছাত্ৰ সণ্হাও ১৯ ‘৮৪চনৰ ৫ মে তাৰিখে অসম চৰকাৰক ১৪দফীয়া দাবী জনোৱাৰ কথা সদৰি কৰিব পাৰোঁ।
সদৌ অসম মিচিং ছাত্ৰ সণ্হাৰ ১৪দফীয়া দাবী খনৰ 1নং দাবীতে সেই দৰে উল্লেখ কৰি
লিখিত ভাবে দাবী জনাইছিল যে- ” Demand No:1 , Immediate introduction of the Mising Language as a Medium of instroction in the primary School in the state of Assam ,
(a ) Introduction the Mising Language as a Medium of intruction in the primary School in the
State immediately ,
(b ) Adequate number of posts be created to implement the provision of the article – 350A of the constitution in respect of the Misings,As regards the Medium of intruction in the Schools in in the first two years the lesson should be imparted in the Tribal dialect to make the tribal boys and girls to follow the lessons ৹”
মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে কৰাৰ সন্দৰ্ভত ১৯৯৩ চনত গোগামুখ অধিৱেশন।
১৯৯৩ চনত ৰঙানদীৰ বামুনদলনিৰ গগন পায়েং ক্ষেত্ৰৰ ১০ তম্ বিশেষ অধিবেশনৰ প্ৰতিনিধি সভাত।
২০১৪ চনৰ ২১ সংখ্যক ধেমাজি অধিবেশনৰ প্ৰতিনিধি সভাত আৰু আকৌ পুনৰবাৰ চলিত বৰ্ষতে২/১২/২০১৪ তাৰিখে বহা চিমেন চাপৰিৰ চমকং আগম কৌবাঙৰ বিশেষ অধিবেশনৰ প্ৰতিনিধি সভাত বিস্তৃত আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মিচিং আগম কৌবাঙৰ প্ৰতিটো বাংকে আগমকৌবাঙ সমূহৰ সভাপতি আৰু সম্পাদকসকলৰ পৰা লিখিত মতামত গ্ৰহণ কৰা হৈছিল।
লগতে ভাষাবিদ তথা অভিজ্ঞ বিশেষজ্ঞ সকলৰ পৰাও মত অভিমত লিখিত বাবে গ্ৰহণ কৰি তেতিয়াৰ মিচিং আগম কৌবাঙৰ সম্পাদক কালিনাথ পাংগিং দেৱৰ অশেষ প্ৰচেষ্টাৰে আৰু সমূহ মিচিং ভাষি ৰাইজৰ সহযোগত মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে কৰাত পূৰ্ণ সমৰ্থন কৰিছিল।
২০১৫ চনত শিক্ষাৰ মত- অভিমত নামৰ এখনি পুথিও মিচিং আগম কৌবাঙে প্ৰকাশ কৰি উলিয়াইছে।
মত- অভিমত পুথি খনত বাংকে আগম কৌবাং আৰু ভাষাবিদ,শিক্ষা বিদ তথা ভাষা বিশেষজ্ঞ সকলে লিখিত বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে মিচিং ভাষাক অসম চৰকাৰে শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰি মিচিং ভাষাৰ শিক্ষক নিযুক্তি দিয়া সন্দৰ্ভত বিতংভাৱে আলোচনা আগবঢ়াইছে।
মত- অভিমত পুথি খনলৈ লিখিত বাবে মতামত আগবঢ়োৱা স্বনামধন্য ব্যক্তি সকল হ’ল- ভাষাবিদ আগম মিগাং টাবুৰাম টাইদ, ভাষাবিদ আগম মিগাং নাহেন্দ্ৰ পাদুন, মিচিং আগম কৌবাঙৰ প্ৰাক্তন সভাপতি ডা: বিদ্যেশ্বৰ দলে, বসন্ত কুমাৰ দলে, মানিক চন্দ্ৰ টাইদ,ভৃগুমুনি কাগয়ুং, কৃষ্ণৰাম মিলি, ইন্দেশ্বৰ পেগু,ডা:জৱাহৰজ্যোতি কুলি আৰু ড: ঘনকান্ত লাগাচু আদি বিশিষ্ট ব্যক্তি সকলে সু- পৰামৰ্শ আগবঢ়োৱাৰ লগতে অসম চৰকাৰে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰি মিচিং ভাষাৰ শিক্ষক নিযুক্তি দিয়া সন্দৰ্ভত আহ্বান জনাইছে।
চলিত বৰ্ষৰ যোৱা ইংৰাজী ৬/৭/২০২১ তাৰিখে টাকাম মিচিং পৰিণ কৌবাঙৰ উদ্যোগত মূৰব্বী মিচিং জাতীয় সংগঠন মিচিং বা:নৌ কৌবাঙ, মিচিং আগম কৌবাঙ, মিচিং টাকাম মিচিং পৰিণ কৌবাঙ, মিচিং দৃৰবৃ কৌবাং,মিচিং মিমৌ কৌবাং আৰু মিচিং মিমাগ কৌবাঙৰ সহযোগত গোগামুখৰ ডিৰপাইস্হিত Eco- Camp ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
ইক্ – কেম্পত অনুষ্ঠিত জাতীয় সংগঠনৰ যৌথ সভাত অসম চৰকাৰে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ লগতে মিচিং ভাষাৰ শিক্ষক নিযুক্তি প্ৰদান কৰা সন্দৰ্ভত একেলগে কাম কৰি যোৱাৰ সংকল্প লোৱাৰ লগতে সিদ্ধান্ত গ্ৰহণ কৰে।
চলিত ২০২১ বৰ্ষৰ ২০জুন তাৰিখে বৰ্তমানৰ মিচিং আগম কৌবাঙৰ সভাপতি গোবিন্দ আৰু সম্পাদক ডিম্বেশ্বৰ দলে দেৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি
এখনি ৭ দফীয়া দাবী উত্থাপন কৰি আবেদন পত্রও দাখিল কৰিছে।
৭ দফীয়া মিচিং আগম কৌবাঙৰ দাবী খনত এনেদৰে উল্লেখ কৰা আছে-
দাবী নং :১ -২০২২চনৰ শিক্ষা বৰ্ষৰ পৰা পাঠদান আৰম্ভ কৰিব পৰাকৈ মিচিং ভাষাক প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰমাধ্যম হিচাপে প্ৰৱৰ্তন কৰা ।
দাবী নং :২- ছাত্ৰ- ছাত্ৰীৰ সংখ্যাৰ আধাৰত শিক্ষক নিযুক্তিৰ পৰিবৰ্তে শ্ৰেণী হিচাবত অৰ্থাৎ প্ৰতিটো শ্ৰেণীত একোজনকৈ শিক্ষক নিযুক্তিৰ ব্যবস্থা কৰক।
দাবী নং:৩- অতি ক্ষিপ্ৰতাৰে মিচিং ভাষাৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে প্ৰয়োজনীয় পাঠ্যক্ৰমৰ প্ৰস্তুত আৰু পাঠ্যপুথি প্ৰণয়নৰ ব্যৱস্থা কৰিব লাগে।
দাবী নং:৪ – মিচিং ভাষাৰ শিক্ষকৰ বাবে বিশেষ টেট ( Special TET Examination)ক পৰীক্ষা পতাৰ ব্যৱস্থা কৰিব লাগে।
দাবী নং:৫ – জনজাতীয় ভাষা শিক্ষাৰ বাবে সুকীয়া নীতি প্ৰস্তুত কৰিবলাগে।
দাবী নং: ৬ – জনজাতীয় ভাষাৰ শিক্ষাৰ মাধ্যমৰ কাৰণে বিশেষ শিক্ষক
নিযুক্তিৰ বিধি প্ৰস্তুত কৰিব লাগে।
দাবী নং:৭ – শিক্ষাদানৰ সুস্থ পৰিৱেশ ৰচনা কৰিবৰ কাৰণে বিদ্যালয় সমূহৰ আন্ত: গাঠনি উন্নত কৰিব লাগে।
আমি আমাৰ মিচিং আগম কৌবাঙৰ সৈতৈ মিচিং সমাজৰ পিতৃ তথা মুৰব্বী সংগঠন মিচিং বা:নৌ কৌবাং , টাকাম মিচিং পৰিণ কৌবাং , মিচিং দৃৰবৃ কৌবাং, টাকাম মিচিং মিমৌ কৌবাং আৰু মিচিং মিমাগ কৌবাঙৰ দীৰ্ঘা দিনীয়া দাবী আৰু আশা আকাংক্ষাক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে আৰু মাননীয় শিক্ষা মন্ত্ৰী
ডা:ৰনোজ পেগু ডাঙৰীয়াই
পূৰণ কৰিব বুলি আমি আশাবাদী।
আৰু অধীৰ অপেক্ষাৰত নিশ্চয় আমি দাবী আৰু আশাঁ কৰা মিচিং ভাষাটো শিক্ষাৰমাধ্যম হিচাপে প্ৰৱৰ্তন কৰি দিয়াৰ লগতে মিচিং ভাষাৰ শিক্ষক নিযুক্তি
মিচিং অধ্যুষিত অঞ্চল সমূহৰ বিদ্যালয়বোৰত পাই কণ -কণ
ছাত্ৰ -ছাত্ৰী সকলক নিজৰ মাতৃভাষাত পাঠদান দিবলৈ পাম।
আমি মিচিং ভাষাক শিক্ষাৰমাধ্যম হিচাপে প্ৰৱৰ্তন কৰাটো বিচাৰো।
আনপ্ৰকাৰে
ঐচ্চিক বিষয় হিচাপে পোৱাটো অসম চৰকাৰে প্ৰদান নকৰিবৰ বাবে কাতৰ মিনতি জনাইছোঁ।
যিহেতু অসম চৰকাৰে মিচিং ভাষাটো শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰি দিলেহে
মিচিং ভাষা এই পৃথিৱীখনৰ বুকুত যুগে যুগে জীয়াই থাকিব।
নহ’লে মিচিং ভাষাটো সেই আমাৰ জনগোষ্ঠীয় মিচিং ভাষাটো পৃথিৱীৰ বুকুৰ পৰা বিলুপ্তি হোৱাটো নিশ্চিত।
সেয়েহে পুনৰবাৰ আমি সন্মান সহকাৰে মাননীয় মূখ্য মন্ত্ৰী তথা মাননীয় শিক্ষা মন্ত্ৰীক কাতৰ আহ্বান আপোনাৰ চৰকাৰ খনে মিচিং জাতিৰ প্ৰতি সন্মান জনাই মিচিং জাতীয় সংগঠনৰবিচৰা ধৰণে
মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ লগতে বিদ্যালয় সমূহত শ্ৰীঘ্ৰেই মিচিং ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্হা গ্ৰহণ কৰা হওক।
নিৰ্মল নৰহ
গাঁও- পোতাবিল
জিলা- লখিমপুৰ
ফোন- 8761929624 ।
R News India 24
Airu:pé ainé agomékké lutung…🙏🙏
Ngoluk Misíng agomdém school lo porai dopé émnamdé aipé ainé agomé. Next session dokké ludung, aidag, émpigel, ngoluk grammar dé ready la dun kaman édém ka:po:pé lagiyé émna ngo médag. Kapila émmílo, senior Lok grammar dé junior kídídok légangé kabomapésin ilado.
Odok buluk légangé ngoluk Agom Kébang, Ba:né Kébang kídíngé airu:pé research works ipélagiyé…
manabjyotipegu27@gmail.com
Aipw ainw doying ko lukanto