গল্পকাৰ, কবি, সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰা।
অসমৰ এজন গল্পকাৰ, কবি, সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰা।
১৯২৪ চনৰ ৬ জুলাই তাৰিখে দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে।
তেওঁৰ পিতৃৰ নাম গজেন নাথ বৰা আৰু মাকৰ নাম চন্দ্ৰকান্তি বৰা।
তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে।
তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে।
১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়।
১৯৫৭ চনত মহিম বৰাই জামুগুৰিহাটৰ দীপ্তিৰেখা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়।
তেখেতে অসমীয়া সাহিত্যলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে-
গ্ৰন্থ সমূহ হৈছে –
কাঠনিবাৰী ঘাট, দেহা গৰকা প্ৰেম, মই, পিপলী আৰু পূজা,
বহুভুজী ত্ৰিভুজ, এ কাঠনিবাৰী ঘাট, দেহা গৰকা প্ৰেম, মই, পিপলী আৰু পূজা,বহুভুজী ত্ৰিভুজ, এখন নদীৰ মৃত্যু, ৰাতি ফুলা ফুল, বৰযাত্ৰী, মোৰ প্ৰিয় গল্প। খন নদীৰ মৃত্যু, ৰাতি ফুলা ফুল, বৰযাত্ৰী, মোৰ প্ৰিয় গল্প।
প্ৰবন্ধ হৈছে –
চিন্তা বিচিত্ৰা, সাহিত্য বিচাৰ।উপন্যাস-হেৰোৱা দিগন্তৰ মায়া, পুতলা ঘৰ,
এধানি মাহীৰ হাঁহি,
বন্দুলি ফুলৰ ৰং।
শিশু সাহিত্য –
বত্ৰিশ পুতলাৰ সাধু,
তেজীমলা আৰু চিণ্ডেৰেলা। অনুবাদ গ্ৰন্থ- ৰাজা ৰামমোহন ৰায়।
সম্পাদিত গ্ৰন্থ –
শ্ৰীশ্ৰী শংকৰদেৱৰ নাট্যাৱলী। কবিতা পুথি- ৰঙা জিঞা,
জোনমণিৰ হাঁহি। ৰেডিঅ’ নাট- লাৰু গোপালৰ প্ৰেম, লাৰু গোপালৰ বিবাহ
লাৰু গোপালৰ ঘৰ-সংসাৰ,
পদুম কুঁৱৰী, নিৰ্মল ভকত,
পঞ্চস্বৰ, গৰখীয়া ভীম,
তিনিৰ তিনি গ’ল,পাখিলগা দিন।
অন্যান্য গ্ৰন্থ-
এই নদীৰ সোঁতে, মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা।
১৯৮০ চনত ‘ৰাতি ফুলা ফুল’ৰ গ্ৰন্থৰ বাবে প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।
১৯৯৬ চনত ‘গল্প সমগ্ৰ’ৰ বাবে ছগনলাল জৈন বঁটা লাভ কৰে।
১৯৯৮ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ২০০১ চনত ‘এধানি মাহীৰ হাঁহি’ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
২০০৮ চনৰ ৮ ফ্ৰব্ৰুৱাৰী দিনা সাহিত্যাচাৰ্য উপাধি লাভ কৰে।
২০১১ চনত পদ্মশ্ৰী আৰু
২০১৪ চনত গণেশ গগৈ বঁটা লাভ কৰে।
২০১৬ চনৰ ৩ আগষ্ট তাৰিখে তেখেতৰ মৃত্যু হয়।
তেখেতৰ জন্ম বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24