বোকাখাতত লাটমণ্ডল খগেন শইকীয়াৰ নেতৃত্বত সংঘটিত হৈছে বৃহৎ ভূমি কেলেংকাৰী। - R News India 24
Skip to content
বোকাখাতত বৃহৎ ভূমি কেলেংকাৰী।
অৰ্ধশতাধিক পৰিয়ালক বঞ্চিত কৰাৰ অপৰাধত লিপ্ত লাটমণ্ডল খগেন শইকীয়া।
২০১৫ চনত বোকাখাত ৰাজহ চক্ৰৰ বংকোৱালৰ লাট মণ্ডল খগেন শইকীয়াৰ নেতৃত্বত অবৈধভাৱে কেৱল এজন ব্যক্তিৰ নামত কৰা মাদীকৰণৰ ফলত সৰ্বমুঠ ৪৩ টা পৰিয়াল মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱা এক ঘটনা পোহৰলৈ আনিছে জীপাল কৃষক শ্ৰমিক সংঘই।
এই ঘটনাৰ উচিত তদন্ত, উচিত শাক্তি আৰু ন্যায্যতা বিচাৰি আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত সঁজাতি দললৈ স্মাৰক পত্ৰ প্ৰদান কৰে জীপাল কৃষক শ্ৰমিক সংঘই।
উল্লেখ্যনীয় পৰিতাপৰ কথা যে বংকোৱালৰ বাণ গড়াখহনীয়াৰ কবলত পৰা কাঠনি বাৰী, কলাবাৰী, এৰাবাৰী আৰু মাজগাঁৱৰ জনসাধাৰণ ২০০১-০৩ চনৰ ভিতৰত বংকোৱাল বালি চাপৰিত প্রায় অৰ্ধশতাধিক পৰিয়াল সংস্থাপিত হৈছিল।
উত্তৰ মহুৰা গাওঁপঞ্চায়তৰ অন্তৰ্গত বংকোৱাল চিনিয়ৰ বেচিক স্কুল ভোট কেন্দ্ৰ তথা মহুৰা মৌজাৰ অতি পৰিত্যক্ত গাওঁ
খনক কিন্তু অতি তাৎপর্যপূর্ণ যে চৰকাৰী ৰাজহ বিভাগৰ বোকাখাত চক্র বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল খগেন শইকীয়াৰ নেতৃত্বত অবৈধ ভাবে আৰু অ-সাংবিধানিক ভাৱে দাঁতি কাষৰীয়া কোনো লোকৰ শুনানী নোলোৱাকৈ ২০১৫ চনত অতি সংগোপনে কেৱল এটা পৰিয়ালৰ নামত উক্ত ভূমি এলেকাক নামজাৰী কৰি এক নজিৰ বিহীন অপৰাধত লিপ্ত হোৱা ঘটনা শেহতীয়াকৈ
উন্মোচিত হৈছে।
উল্লেখযোগ্য যে আমাৰ হাতত পৰা তথ্য মতে উক্ত ৪৬ টা পৰিয়ালৰ ভিতৰত কেবল ফুলেশ্বৰ হাত, আনন্দ দাও আৰু তমা দাও (পিতা প্ৰয়াত বগা দাও আৰু মাতৃ সৰুমতী দাও)ৰ নামত ৰাজহ বিভাগৰ লাট মণ্ডল খগেন শইকীয়াৰ সতে উক্ত পৰিয়ালে এক গোপন বুজাবুজিকে অবৈধ ভাবে কৰা ম্যাদী কৰাৰ ফলত আজি আমি ৪৩টা পৰিয়াল মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে।
ইয়াৰ ফলত আক্ৰা হোৱা পৰিয়ালসমূহৰ চমু প্রতিক্রিয়া এনেধৰণৰ:-
১) চৰকাৰী আবাস যোজনাৰ ঘৰৰ সুবিধাৰ পৰা বঞ্চিত হৈছে।
২) উক্ত ভোগ দখল কাৰী সকল মাটি ম্যাদী কৰিবলৈ যাওঁতে ৰাজহ বিভাগৰ পৰা বঞ্চিত হৈ ঘূৰি আহিব লগা হৈছে।
৩) নিজ ভূমিত স্থায়ী নির্মাণৰ কাম হাতত তুলি ল’বলৈ যাওঁতে এক ভ্রাতৃঘটি সংঘর্ষ লিপ্ত হোৱাৰ পৰিবেশ সূচনা হৈছে।
৪) বিভাগীয় কৰ্তৃপক্ষৰ এক অদৃশ্য শক্তিৰ ফলত সংখ্যাগুৰু সমাজকো ভয়ভীতি প্রদর্শন কৰি মাটি এৰি গুচি যাবলৈ দিয়া ভাবুকি স্বৰূপ
সহ্যাতীত কাহিনী আম
সংগঠনটিৰ হাতত আহি পৰিছে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
গতিকে উক্ত বিষয়ৰ সম্পৰ্কত পূর্বেও ৰাইজে আবেদন-নিবেদন কৰিও নিষ্পত্তি কামনা কৰিছে যদিও আজি পৰিমিত কোনো সুফল নোপোৱাত সাংগঠনিক ভাবে দাবী সম্বলিত স্মাৰক পত্ৰৰ যোগেদি নায্যতা বিচাৰিবলৈ বাধ্য হৈছে সংগঠনটিয়ে।
১) ইয়াৰ নিৰপেক্ষ এক উচিত তদন্ত।
২)বে আইনী ভাবে কেবল এটা পৰিয়ালক কাষৰীয়া কোনো লোকৰ শুনানি নোলোৱাকৈ কৰা ম্যাদি কৰি দিয়াৰ লগত জড়িত লাট মণ্ডল খগেন শইকীয়াক তদন্তৰ আওঁতালৈ অনা ।
৩)চৰজমিন জৰীপ কৰি প্ৰতিটো সংস্থাপিত পৰিয়ালক সমবিতৰণ আৰু নামজাৰি ম্যাদীৰে ন্যায্যতা প্ৰদান কৰা।
ইয়াৰ বাবে জীপাল কৃষক শ্রমিক সংঘৰ তৰফৰ পৰা ১০ দিনৰ শেষ সময়সীমা প্ৰদান কৰিছে।
লগতে এই এক পক্ষীয় দুষ্কার্যত লিপ্ত হোৱা প্ৰতিটো ব্যাক্তিক তদন্তৰ
আওঁতালৈ অনাৰ দাবীও জনাইছে, অন্যথা এক আপোচহীন গণতান্ত্রিক আন্দোলন কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ম বুলি মুখপাত্ৰ প্ৰবীন পেগু, যুটীয়া সম্পাদক বিজু চাওঁতাল ,জেহিৰুদ্দিন আহমেদ আৰু মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহৰ স্বাক্ষৰিত স্মাৰক পত্ৰ প্ৰদান কৰে বোকাখাত SDOক জীপাল কৃষক শ্রমিক সংঘয় ।
By: R News India 24