অভিনেতা দিলীপ কুমাৰ।
ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ।
প্ৰকৃত নাম (মহম্মদ ইউচুফ খান ।
দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত৷
ট্ৰেজেদী কিং’ নামেৰে প্ৰসিদ্ধ অভিনেতা জনৰ প্ৰথম ছবি আছিল ১৯৪৪ চনৰ ‘জোৱাৰ ভাটা’।
নায়ক হিচাপে ছটা দশকত ৬০ খনৰো ওপৰত ছবিত অভিনয় কৰিছিল।
তেখেতে ১৯৯১ চনত পদ্মভূষণ, ১৯৯৪ চনত দাদাচাহেব ফাল্কে বঁটা, ২০১৫ চনত পদ্মবিভূষণ আদিৰে বিভূষিত হৈছে।
১৯৯৮ চনত দ্বৈত ভূমিকাত অভিনয় কৰা ‘কিলা’ ছবিখনেই আছিল দিলীপ কুমাৰৰ জীৱনৰ শেষ ছবি।
এসময়ৰ মোহময়ী অভিনেত্ৰী চায়ৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
দিলীপ কুমাৰে অভিনয় কৰা ৬ খন ছবিত কণ্ঠ নিগৰাইছিল গায়ক মান্না দেই।

সেইকেইখন হৈছে ইনসানিয়ৎ, দেৱদাস, মুছাফিৰ, মধুমতী, পৈগাম আৰু ক্ৰান্তি।
২০২১ চনৰ ৭জুলাই তাৰিখে ৯৮ বছৰ বয়সত মুম্বাইৰ হিন্দুজা হস্পিটেলত মৃত্যু হয়।
তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

