গুৰু পূৰ্ণিমা অৰ্থাৎ মহাভাৰত ৰচয়িতা ব্যাসদেৱৰ জন্ম দিন।

Spread the love

“গুৰু ব্ৰহ্মা গুৰু বিষ্ণু
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম
তস্মৈ শ্ৰীগুৰুৱে নমঃ”

আজি গুৰু পূৰ্ণিমা অৰ্থাৎ মহাভাৰত ৰচয়িতা ব্যাসদেৱৰ জন্ম দিন।

ব্যাসদেৱৰ পিতৃ আছিল পৰাশৰ মুনি আৰু মাতৃ মৎসকন্যা সত্যৱতী

যমুনাৰ দ্বীপত জন্মগ্ৰহণ কৰা বাবে ব্যাসৰ আন এটা নাম হ’ল দ্বৈপায়ন

তেওঁৰ দেহৰ বৰ্ণ ক’লা আছিল, সেয়ে তেওঁৰ সম্পূৰ্ণ নাম কৃষ্ণ-দ্বৈপায়ন

তেওঁৰ শিৰত কপিল বৰ্ণৰ জটা আছিল।

চকু উজ্জ্বল আৰু মুখত পিঙ্গল বৰ্ণৰ দাড়ি আছিল

মিচিং স্বায়ত্তশাসিত পৰিষদ Mising Autonomous Council Secretariat Gogamukh
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

তেওঁ তপস্যাৰ বলত মহৰ্ষিত্ব লাভ কৰি বেদক চাৰি ভাগত ভাগ কৰিছিল।

সেইবাবে তেওঁ বেদব্যাস বা ‘ব্যাস‘ নামে পৰিচিত।

জন্মৰ পিছতেই তেওঁ মাতৃ সত্যৱতীৰ পৰা অনুমতিলৈ তপস্যাৰ বাবে যাত্ৰা কৰে।

তেওঁ বদৰিকাশ্ৰমত তপস্যা কৰিছিল।

সেইকাৰণে তেওঁ বাদৰায়ণ নামেও জনাজাত।

ব্যাসদেৱক কিছুমানে আধ্যাত্মিক গুৰু হিচাপে লয়।

বিভিন্নজনে বেলেগ বেলেগ গুৰুৰ ওচৰত শিক্ষা লাভ কৰে আৰু গুৰু বুলি মানি লয়।

শৈৱ সকলে শিৱক নিজক গুৰু বুলি মানি লয়, বৈষ্ণৱ সকলে ভগৱান শ্ৰীকৃষ্ণ বা নাৰায়ণক, শাক্ত সকলে দেৱীক গুৰু বুলি মানি লয়

বিষ্ণু পুৰাণৰ মতে ব্যাসদেৱক ভগৱান নাৰায়ণৰ এটা অৱতাৰ হিচাপে মানি লোৱা হয়।

গুৰু পূৰ্ণিমা প্ৰকৃততে ব্যাসদেৱৰ বাবে বিশেষকৈ পালন কৰা হয়।

বেদক মানুহৰ বোধগম্য হোৱাৰ বাবে তেওঁ চাৰি ভাগত ভাগ কৰিছিল ।

গুৰু পূৰ্ণিমাত চন্দ্ৰৰ কথাও আহি পৰে ।

পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ যেতিয়া প্ৰদক্ষিণ কৰি ঘূৰে আৰু তেতিয়া সূৰ্য্যৰ পোহৰে পৃথিৱীৰ ফালে থকা চন্দ্ৰক উজ্বলাই তোলে, তেতিয়া আমি পূৰ্ণিমা হোৱা বুলি কওঁ।

আমি চন্দ্ৰৰ সদায় এটা ফালহে দেখা পাওঁ ইয়াৰ কাৰণ হৈছে পৃথিৱী আৰু চন্দ্ৰই একেটা সময়তে নিজৰ অক্ষত ঘূৰে ।

সাগৰৰ পানী, জীৱ-জন্তু, মানুহৰ শৰীৰ – মন সকলোতে পূৰ্ণিমাৰ প্ৰভাৱ পৰে।

বিশেষকৈ ভাৰতীয় সংস্কৃতিত পূৰ্ণিমাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ বা লঘুনে থকাৰ নিয়ম আছে ।

এগৰাকী গুৰুৱে শিষ্যৰ জীৱনত শিক্ষাৰ অমৃত প্ৰদান কৰি, শিষ্যগৰাকীক শিক্ষিত, চৰিত্ৰৱান আৰু সামৰ্থ্য কৰি তোলে।

প্ৰতিগৰাকী শ্ৰদ্ধাৰ গুৰুলৈ প্ৰণাম জনাইছোঁ আৰু সকলোকে গুৰু পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *