শাওন মাহৰ সোমবাৰৰ বিশেষত্ব। শিৱ ভক্ত সকলে কি কৰিলে সু-ফল আৰু কি কৰিলে কু-ফল পাব জানিবলৈ চাওঁক এই প্ৰতিবেদন।
শাওন মাহৰ সোমবাৰৰ বিশেষত্বঃ
এই শাওন মাহত শিৱক আৰাধানা কৰাৰ ‘উত্তম মাহ’ বুলি ধৰা হয়।
শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয়।
শাওন মাহত সদাশিৱ ওপজিছিল বুলি বিশ্বাস কৰা হয়।
এই মাহত ভগৱান শিৱক পূজা কৰিলে বিশেষ পুণ্য লাভ কৰে।
এই মাহত শিৱলিংগত বেলপাত আগবঢ়োৱাটোও অতি শুভ বুলি গণ্য কৰা হয়।
শাওণ মাহত ভগৱান শিৱই ভক্তসকলৰ সকলো ইচ্ছা পূৰণ কৰে।
জীৱনত যদি বিবাহৰ লগত জড়িত কিবা সমস্যা আছে, তেন্তে সোমবাৰে ব্ৰত আৰু পূজা কৰিলে ফল পোৱা যায়।
শাওণ মাহত প্ৰতিদিনে সূৰ্য্য উদয়ৰ পূৰ্বে শোৱাৰ পৰা উঠি গা ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে।
শিৱলিংগত গাখীৰ ঢালিব লাগে।
ৰাতিপুৱা আৰু গধূলি ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে।
পূজাৰ বাবে তিল তেলৰ প্ৰদীপ জ্বলাই ভগৱান শিৱক ফুল প্ৰদান কৰিব লাগে।
জপ কৰাৰ পিছত শিৱক চুপাৰী, পঞ্চ অমৃত, তামোল আৰু বেলপাত আগবঢ়াব লাগে।
শাওন মাহত এইবোৰ কৰ্ম কৰিলে কু-ফল পাব:-
1. এই মাহত সাপ নিধন নকৰিব।সাপ হৈছে ভগৱান শিৱ বাবা অৰ্থাৎ মহাদেৱৰ গলমনি।
2. এই মাহত মাছ মাংস খোৱাৰ পৰা বিৰত থাকক।
3.এই মাহত বেঙেনা ভক্ষন নকৰিব।
শাওন মাহত এইবোৰ কৰ্ম কৰিলে সু-ফল পাব:-
1. ঘৰত থকা মকৰা জাল বা এলান্ধু আছে এইবোৰ দূৰ কৰক।
2.ঘৰত যদি ভগা চিগা আইনা আছে এইবোৰ নাচাব।
3. ঘৰৰ চাৰিওফালে থকা আৱৰ্জনাবোৰ পৰিস্কাৰ কৰি ৰাখক।
এনে কিছুমান কৰ্ম কৰিলে শিৱ সন্তোষ্ট হব।
শাওণ মাহৰ সোমবাৰৰ এক বিশেষ তাৎপৰ্য্য আছে।
সোমবাৰটোক শিৱৰ বাৰ বুলি কোৱা হয়।
শাওণ মাহৰ সোমবাৰৰ অতি মহত্ব আছে।
এইবাৰ শাওণ মাহত চাৰিটা সোমবাৰ আছে।
শাওণৰ প্ৰতি সোমবাৰে বেল পাতেৰে ভগৱান ভোলেনাথৰ পূজা কৰিলে ভক্তৰ মনোকামনা পূৰণ হয়।
এই মাহটোত শিৱলিংগত গংগাজল, বেলপাত, ধতুৰা, ভাং, কপুৰ, গাখীৰ, চাউল, চন্দন, ভষ্ম আদি অৰ্পিত কৰা হয়।
জ্যোতিষি সকলৰ মতে, ভগৱান শিৱক ৰুদ্ৰাক্ষ অৰ্পন কৰিলে বহু শুভ ফল পোৱা যায়।
শাস্ত্ৰত ভগৱান শংকৰৰ মহাপ্ৰসাদ ৰুদ্ৰাক্ষ বুলি কোৱা হয়।
বিভিন্ন বিধি বিধান মানি চলি এই ৰুদ্ৰাক্ষ পিন্ধিবও পাৰি।
শাওনাৰ মাহৰ সোমবাৰত আপুনি শিৱক ৰুদ্ৰাক্ষ অৰ্পন কৰিব পাৰে।
শাওনৰ সোমবাৰে উপবাসে থাকি,সোনকালে উঠি গা ধুব লাগে।
পৱিত্ৰ শাওন মাহৰ প্ৰথম দিন প্ৰথমটো সোমবাৰ।
সকলোলৈকে শুভেচ্ছা জনাইছোঁ।
আহঁক আমি সকলোৱে নীতি নিয়মেৰে শাওন মাহটো পালন কৰোঁ।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24 .