অমৃতযুক্ত এইবিধ ফল খাওঁক আৰু নিৰোগী হৈ থাকক।

Spread the love

গৰম দিনত নেমুৰ চৰবত এগিলাচৰ প্ৰয়োজন অনুভৱ কৰে নে?

মোৰ হ’লে নেমুটেঙা আটাইতকৈ প্ৰিয়, ন’হলে নহয়ে।

আমাৰ প্ৰায় সংখ্যক মানুহৰ ঘৰত নেমু গছ আছে।

নেমুটেঙাত চাইট্ৰিক এচিড, পটাচিয়াম, কেলচিয়াম, ফছফৰাছ আদি পোৱা যায়।

স্কাৰ্ভি’ নামৰ দাঁতৰ ৰোগ প্ৰতিৰোধ কৰাতো নেমুৱে সহায় কৰে।

স্কাৰ্ভিত আক্ৰান্ত হ’লে দাঁতৰ আলু ফুলে আৰু সোপোকা হয়।

লগতে যদি দাঁতৰ গুৰিৰ পৰা তেজ ওলায়, তেতিয়া নেমুৰ ৰসত নিমখ মিহলাই দাঁত ঘঁহিলে যথেষ্ট উপশম পোৱা যায়।

শাওন মাহত যেতিয়া পথাৰৰ আহি নেমুৰ চৰবত এগিলাচ খাবলৈ পালেই দেহ-মন জুৰ পৰি যায় নহয় নে?

ঘৰত কাৰোবাৰ বমি ভাব আহিলে আইতাই এতিয়াও নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়ে।

পেটৰ অসুখ হ’লে কাচৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে ভাল হয় ।

এতিয়া আহোঁ নেমুটেঙাৰ গুন সমূহৰ বিষয়েঃ

১/ জ্বৰ বা পানী লাগিলে নেমুৰ ৰস খোৱাটো অতি উত্তম।
নেমু ৰসত মৌ মিহলাই খালে শুকান কাহ, পানীলগা জ্বৰ ভাল হয়।
নেমুৰ ৰসত থকা ভিটামিন ʻচিʼয়ে দেহৰ প্ৰতিৰক্ষা শক্তি বঢ়ায়।

২/যকৃত শুদ্ধিৰ বাবে নেমুৰ সমান আন ঔষধ হয়তো নাই।
অজীৰ্ণ, বুকু, জ্বলা পোৰা কৰা, অতিসাৰ, কলেৰা, টেঙা উগাৰ, কাহ, শ্বাস আদি ৰোগ নেমুৰ দ্বাৰা ভাল হয়।

৩/কফি বনাই তাত অলপ নেমু টেঙাৰ ৰস দি দিনটোত তিনিবাৰকৈ খালে পুৰণি মেলেৰিয়া ৰোগ ভাল হয়।
নেমুটেঙাৰ গছৰ শিপাৰ বাকলি পিছি নেমু টেঙাৰে ৰসেৰে বড়ি বনাই শুকাই থʼব পাৰি।
এই বড়ি ৰাতিপুৱা ৩-৪টা ঠাণ্ডা পানীৰ লগত খালে পেট ফুলা কমি যায়।
এই বড়ি আকৌ খুব বেছি এমাহ হে ৰাখিব পাৰিব।

মিচিং স্বায়ত্ত শাসিত পৰিষদ
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

৪/নেমুটেঙাৰ ফুল এক গ্ৰাম চাউল ধোৱা পানীৰে বটি দিলে ৩-৪ বাৰকৈ সেৱন কৰিলে ৰক্তপিত্ত ৰোগ নিবাৰণ হয়।

৫/অনিয়মিত শৌচ, কোষ্ঠকাঠিন্য, উগাৰ অহা, খোৱাৰ পিছত বমিভাৱ হোৱা আদি ৰোগত আৰু শৰীৰৰ জলা-পোৰা আদি ৰোগত নেমুটেঙাৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে ভাল ফল পোৱা যায়।

৬/মাদক দ্ৰব্য সেৱনৰ কাৰণে নিচাসক্ত হ’লে সেই নিচা নিবাৰণ কৰিবলৈ নেমুটেঙাৰ ৰস খালে নিচা সোনকালে দূৰ হয়।

৭/নেমুটেঙাৰ ৰস,মৌজোল আৰু গৰম পানী, এই তিনিওটা মিহলাই আপুনি শৰীৰৰ পাচন প্ৰক্ৰিয়া বৃদ্ধি কৰি তুলিব পাৰে।
নেমুত থকা কিছুমান পোষক পদাৰ্থ লিভাৰৰ কাৰণে ভাল যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে ।

৮/মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।

৯/ চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।

১০/সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।

সেয়ে নেমুটেঙা নোখোৱা কৈ নাথাকিব।

ভূ-স্বৰ্গৰ অমৃত নেমুটেঙা খাওঁক আৰু নিৰোগী হৈ থাকক।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *