বিশিষ্ট লেখক, ঔপন্যাসিক, ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাঃ

Spread the love

ৰঞ্জু হাজৰিকাঃ এগৰাকী বিশিষ্ট লেখক, ঔপন্যাসিক, ৰহস্য সম্ৰাট, প্ৰেৰণা বঁটা আৰু সাহিত্য বঁটা প্ৰাপ্ত।

তেখেতৰ জন্ম হৈছিল ১৯৫২ চনৰ ২৪ জুলাই তাৰিখে শোণিতপুৰৰ মোনাবাৰী চাহ বাগিছাত

তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা

ৰঞ্জু হাজৰিকাই মোনাবাৰী চাহ বাগিছাত গাণনিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

তাৰ পিছত তেওঁ তিনি বছৰৰ বাবে SSB-ত চাকৰি কৰে।

SSB-ৰ চাকৰি এৰি তেওঁ এখন পান-তামোলৰ দোকান দিয়ে।

তাৰ পিছত তেওঁ বালিপাৰা চাহ বাগান আৰু আন দুখন চাহ বাগিছাত চাকৰি কৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগতেই লিখি উলিওৱা ‘বহুৰূপী‘ উপন্যাস সেই সময়তে ১৯৭৩ চনত প্ৰকাশ পায়।

১৯৮২ চনত তেখেতে ‘ত্ৰিশূল‘ আলোচনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে।

১৯৮৪ চনত গুৱাহাটীলৈ আহি ‘সংকেত‘ নামৰ আলোচনীৰ সম্পাদক হিচাপে কাম কৰে।

লগতে নিজে ‘কণ কণ‘ নামৰ এখন শিশু আলোচনী প্ৰকাশ কৰিবলৈ লয়।

পাছলৈ তেখেতে ‘হিয়া‘, ‘তাল‘, আৰু ‘কাৰেং‘ আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনাজাত হাজৰিকাই কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, জ্যোতিষ আদি বিষয়তো বহু গ্ৰন্থ লিখি উলিয়াইছে।

১৯৭৩ চনত প্ৰথম উপন্যাস প্ৰকাশ কৰাৰে পৰা বৰ্তমানলৈ তেখেতৰ প্ৰায় ৭৫০খন গ্ৰন্থ প্ৰকাশ পাইছে

তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান গ্ৰন্থ হৈছে :-

শেষ প্ৰহৰৰ খেলা, প্ৰহৰী, জুল, সেই প্ৰেম সেই তৃষ্ণা, উত্তৰ ফাল্গুনী, নৰকৰ ফুল, এটা দ্বীপত সাতটা কবৰ, স্নায়ুৰ লালসা, অচিন দ্বীপ অশান্ত সাগৰ, স্তদ্ধ অৰুণা।

২০০৮ চনত “ৰহস্য সম্ৰাট” উপাধি লাভ কৰে।

২০০৮ চনত প্ৰেৰণা বঁটা আৰু ২০১১ চনত সাহিত্য বঁটা লাভ কৰে।

২০২১ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে।

১৯৮৪ চনত প্ৰণীতা হাজৰিকা ৰ লগত বিবাহ পাশত আবদ্ধ হয়।
তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।

 

তেখেতৰ উপজা দিনত Rnewsindia24 পৰিয়ালে অশেষ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

R News India 24 ৰ বাতৰি নিয়মীয়াকৈ পঢ়ক আৰু নিয়মীয়াকৈ উপহাৰ লাভ কৰক। সবিশেষ জানিবলৈ R News India 24ত যোগাযোগ কৰক ধন্যবাদ।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *