বিশিষ্ট লেখক, সাংবাদিক, সাহিত্য সমালোচক, প্ৰবন্ধকাৰ পদ্ম বৰকটকীৰ কৰ্ম জীৱনী।
Assam July 30 :-
পদ্ম বৰকটকীঃ
অসমৰ এজন বিশিষ্ট লেখক, সাংবাদিক, চুকাফা বঁটা প্ৰাপ্ত, সাহিত্য সমালোচক, প্ৰবন্ধকাৰ, ঔপন্যাসিক আছিল।
তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ৩০ জুলাই তাৰিখে যোৰহাটত।
পিতৃৰ নাম সূৰ্যধৰ বৰকটকী আৰু মাতৃৰ নাম বিনন্দী দেৱী বৰকটকী।
১৯৪৫-৪৬ চনত যোৰহাট জে বি কলেজ আৰু দৰং কলেজত শিক্ষাগ্ৰহণ কৰিছিল।
১৯৪৭ চনত আই এ পাছ কৰে।
১৯৬৪ চনত ইন্দিৰা বৰকটকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
১৯৫৬ চনত “হিন্দুস্তান ষ্টেণ্ডাৰ্ড” কাকতত ফিচাৰ লিখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
১৯৪৮ চনতে শ্বিলঙৰ পৰা প্ৰকাশিত “আছাম ট্ৰিবিউন” কাকতলৈকো তেওঁ নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল।
তেওঁ কেইবাখনো আলোচনী আৰু সংবাদ পত্ৰৰ সম্পাদক আছিল।
তাৰ ভিতৰত আমাৰ প্ৰতিনিধি, নতুন প্ৰতিনিধি, সমকালীন, মাতৃভূমি, ইস্তাহাৰ, The North East Daily, নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি উল্লেখযোগ্য।
ইয়াৰ উপৰিও তেওঁ চুটি গল্প, উপন্যাস, নাটক, কবিতা, শিশু সাহিত্য আৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছিল।
২০০৭ বৰ্ষত তেখেতক অসম চৰকাৰে চুকাফা বঁটাৰে সন্মানিত কৰিছিল।
তেওঁৰ গ্ৰন্থসমূহ হ’লঃ
উপন্যাস- নজ্বলা ধূপৰ ইতিকথা, পুতলাৰ নমস্কাৰ,
শিৰৰ সেন্দূৰে অঁকা ছবি, ঈক্ষিত ইলোৰা, নতুন প্ৰতীতি, অৱন্ধনা, নতুন দিনৰ কইনা
ৰঙা ৰঙা ৰং, চক্ৰান্তৰ নাগপাশ, স্বপ্ন সত্য বাস্তব, শ্ৰীমান মাইমন, আয়ুবট, ভয় নাই ভয় নাই, মনৰ দাপোণ, খবৰ বিচাৰি, বিচাৰৰ বাবে,
এটি ক্ষণ মাগোঁ মই, কোনো খেদ নাই, জীৱন এষণা
জীৱন অৰণি, অবিবাহিতাৰ মন, দুষ্মন্তৰ চুমা।
ইংৰাজী গ্ৰন্থঃ Hidden facts from the Magic Land of Assam, Clouds are not the Sky, Silent Revolution.
কবিতাপুথিঃ শুনা প্ৰিয়া মোৰ পৰিচয়।
গীতঃ সপোন দেখো মই।
চুটিগল্পঃ অশ্লীল, ৰীতাৰ প্ৰেম, বিয়াৰ প্ৰথম নিশা, মৰমৰ চিন, আঙুঠি পিন্ধোৱাৰ পিছত।
নাটকঃ সিঁচা পুখুৰীৰ মাছ, শংকৰদেৱ, আজিৰ দ্ৰৌপদী।
উপন্যাসিকাৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থকেইখন হ’লঃ ৰশ্মি সেই নিশা নাহিলত, খড়গহস্ত কাৰ্টিলেক তপস্বীৰ মুণ্ড, অৰিহণা, স্বপ্ন সত্য বাস্তৱ, সুখৰ বাবেই,
মোৰ জন্ম, মই আৰু ভয়।
অনূদতি উপন্যাসঃ প্ৰথম প্ৰেম, হে বিদেশী বন্ধু, সুৰীয়া বিহংগ, টিপি লিক্লিন।
শিশুৰ কিতাপঃ আমাৰ পৃথিৱী আৰু আমি, বৰণীয়সকলৰ বাল্যকাল, চিকিৎসাবিজ্ঞানৰ আধুনিক আৱিষ্কাৰৰ কাহিনী।
আৰু বহুতো গ্ৰন্থ লিখি অসমীয়া সাহিত্যলৈ আগবঢ়াই থৈ গৈছে।
পদ্ম বৰকটকী দেৱে আগবঢ়োৱা অৱদান সদায়েই একক আৰু অতুলনীয় হৈ থাকিব।
২০০৮ বৰ্ষৰ ১১ মাৰ্চত ৮৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
তেখেতৰ জন্ম বাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদিছোঁ।
R News India 24 ৰ বাতৰি নিয়মীয়াকৈ পঢ়ক আৰু নিয়মীয়াকৈ উপহাৰ লাভ কৰক। সবিশেষ জানিবলৈ R News India 24ত যোগাযোগ কৰক ধন্যবাদ।
News Editor Sangita Dutta ৰ প্ৰতিবেদন R News India 24