অমিতাৰ এই কেইটা গুন জনাটো অতি প্ৰয়োজন। নহ’লে আপুনি বিপদত পৰিব।

Spread the love

Assam August 2 :-

পকা অমিতা আমাৰ স্বাস্থৰ বাবে কিমান উপকাৰি জানে নে?

আমাৰ বাৰীতে থকা অমিতা জোপাত সেই পকি ৰঙা হৈ থকা অমিতাটোক চৰাইক খাবলৈ নিদি আমি যদি তাক ভালকৈ চাফা কৰি খাওঁ কেনে হব বাৰু?

 

অমিতা এবিধ এনেধৰণৰ ফল য’ত ভিটামিন-চি ভিটামিন-এ, পটাছিয়াম ,কেলচিয়াম আৰু আয়ৰণৰ প্ৰচুৰ পৰিমাণে থাকে।

অমিতাই পেট, হৃদযন্ত্ৰ, লিভাৰৰ বিভিন্ন ৰোগ দূৰ কৰাত সহায় কৰে।

অমিতাই পেটৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধিতো সহায় কৰে

মোৰ আকৌ পকা অমিতা বৰ প্ৰিয়।

এটা কথা কি জানে আমাৰ বাৰিত থকা অমিতা জোপালৈও মোৰ ঘনাই চকু যায়, কিজানিবা পকিছে!

এতিয়া জানো আহক অমিতাৰ উপকাৰিতা বিষয়েঃ

১/ অমিতাই পেটৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে।
২/ অমিতাই ওজন হ্ৰাস কৰাত সহায় কৰে।

৩/ অমিতাত নিহিত হৈ থকা আঁহে কোষ্ঠ-কাঠিন্য দূৰ কৰে, চকুৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী, চকুৰ ৰশ্মি কম হোৱা আৰু ছানি পৰা ৰোগ নিৰাময় কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

৩/ অমিতাই মহিলাৰ মাহেকীয়াৰ নিয়মিতকৰণ আৰু মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা পৰিত্ৰাণ কৰে।

৪/ অমিতাই শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি ৰক্ষা কৰে আৰু কৃমিৰোগৰ বাবে অমিতা মহৌষধ ৷

৫/ অমিতা ডায়েবেটিছ ৰোগীৰ বাবে উত্তম লগতে প্ৰত্যেকদিনাই অমিতা খালে ডায়েবেটিছ হোৱাৰ আশংকা নাথাকে।

৬/ অমিতা খালে ক’লন আৰু প্ৰ’ষ্টেট গ্ৰন্থিৰ কেন্সাৰৰ পৰা ৰক্ষা পাব পাৰি, অমিতাই হতাশা দূৰ কৰে।

৭/ অমিতাত থকা ফাইবাৰে হজম শক্তি বৃদ্ধি কৰে আৰু ব্লাড প্ৰেছাৰ হ্ৰাস কৰে।

৮/অমিতা ছালৰ বাবে বহুতো উপকাৰী, যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয়।

৯/ অমিতা গছৰ পৰা ওলোৱা বগা ৰস খিনি লগালে জুয়ে পোৰাৰ দাগ আতৰ হোৱাত সহায়ক হয় ৷

১০/ অমিতা হৃদযন্ত্ৰৰ বাবেও উপকাৰী, অমিতাই বাত বিষ, দাঁতৰ বিষ কমোৱাত সহায় কৰে।

পকা অমিতা ভাল পাও বুলি জোখতকৈ বেছিকৈ খালে আকৌ পেটৰ পোৰণি, এলাৰ্জী হ’ব পাৰে।

 

গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাত অমিতা খালে গর্ভপাত হ’ব পাৰে

NE HYGIENE SOLUTIONS

SERVICES :- Pest control, House keeping, Facility management, Deep cleaning, Supplying of Hygiene chemicals & Tools, Marble polishing, Sofa shampooing, Glan cleaning.

Phone No – 8861255323 / 9980130059
Email : Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com

 

এতিয়া জানিলে নহয় অমিতাৰ কিমান গুন আছে।
গতিকে কেচা বা পকা অমিতা খাওঁক আৰু শৰীৰটো সুস্থ- সবল কৰি ৰাখক।

 

R News India 24 ৰ বাতৰি নিয়মীয়াকৈ পঢ়ক আৰু নিয়মীয়াকৈ উপহাৰ লাভ কৰক। সবিশেষ জানিবলৈ R News India 24ত যোগাযোগ কৰক ধন্যবাদ।

 

Website Design, Digital Marketing Business, App Design, Online Games Design, A 2 Z Online Services. Call Now – 7099152095

 

 

 

News Editor Sangita Duttaৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *