আপোনাৰ সন্তানৰ যদি স্মৃতিশক্তি বঢ়াব বিচাৰে অতিশীঘ্ৰ এইবিধ সেউজীয়া শাক খোৱাওক।

Spread the love

ব্ৰাহ্মী শাকঃ

সকলো শাকৰ ভিতৰত ব্ৰাহ্মী শাকৰ গুন সম্পূৰ্ন বেলেগ।

ব্ৰাহ্মী শাক আমাৰ সকলোৰে পৰিচিত।

গ্ৰাম্য অঞ্চলৰ প্ৰায় মানুহৰ ঘৰতে ব্ৰাহ্মী শাক পোৱা যায় নহয় নে?

বৰ্তমান সময়ত প্ৰায়ভাগ সচেতন অভিভাৱকে সৰু ল’ৰা-ছোৱালীক স্মৃতিবৰ্ধক হিচাপে ব্ৰাহ্মী শাক খুওৱা দেখা যায়৷

এইবিধ শাক অকল স্মৃতিবৰ্ধকে নহয়, ই আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী৷

ব্ৰাহ্মী হৈছে এক ঔষধি উদ্ভিদ।

যাৰ পাত, ফুল, ফল, বীজ আৰু শিপা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।

ইয়াক “brain booster” বুলিও কোৱা হয়।

ব্ৰাহ্মীৰ কাণ্ড আৰু পাতবোৰ কোমল আৰু মণ্ডযুক্ত আৰু বগা ফুল থাকে।

ভাৰতত ইয়াক বিভিন্ন নামেৰে জনা যায়।

যেনে- সৌম্যলতা, নীৰব্ৰাহ্মী, দ্ৰৱণ, জলব্ৰাহ্মী, জলনিম, জলবুটী ইত্যাদি।

ব্ৰাহ্মীত যথেষ্ট পৰিমাণৰ এছকৰ্বিক এচিড, নিক’টিনিক এচিড, বেক’চাইড এ, বেক’চাইড বি, ব্ৰাহ্মাইন, ছেপ’নিন, হাৰ্পেস্তাইন, এলেনাইন, বিটা-চিটোস্টেৰ’ল আছে।

আমি সকলোৱে খাওঁ কিন্তু ব্ৰাহ্মী শাকৰ বিষয়ে কম – পৰিমানে হে জানো।

আজি আমি জানো আহক ব্ৰাহ্মী শাকৰ গুন সমূহৰ বিষয়ে :-

1. ব্ৰাহ্মী শাকে মস্তিস্কৰ পৰা নিঃসৰিত ড’পামিনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি পৰ্কিন্ছনিজম্ নিয়ন্ত্ৰণত সহায় কৰে।

2. আঘাতজনিত স্মৃতিভ্ৰংশ বা বাৰ্ধক্যজনিত স্মৃতিভ্ৰংশ ৰোগৰ উপশমত ব্ৰাহ্মীয়ে বিশেষ সহায় কৰে।

3. ব্ৰাহ্মী শাকে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণত সহায় কৰে।

4. শিশুৰ Attention Deficit Hyperactive Disorder আৰু Obscessive Compulsive Disorder ত ও ব্ৰাহ্মী শাকে ধনাত্মক ফল দিয়ে।

5.১০ মিঃলিঃ ব্ৰাহ্মী তেল মুৰত লগাই প্ৰতিদিনে ১০ মিনিটকৈ এমাহলৈ মালিচ্ কৰিলে চুলি সৰা বন্ধ হয়, চুলি দীঘল আৰু ঘন হয় ।

6. শাক হিচাপে গোঘৃতৰ লগত ভাজি প্ৰতিদিনে এবাৰকৈ ভাজি খাব পাৰি। তাৰোপৰি ১০-২০ মিঃলিঃ ৰস প্ৰতিদিনে দুবাৰকৈ খালে স্নায়ু উদ্দজীৱিত হয়,স্মৃতিশক্তি আৰু মনোযোগ বৃদ্ধি পায়।
নিয়মিত ব্ৰাহ্মী খালে মানসিক অৱষাদ-চাপ-উদ্দ্বেগ হ্ৰাস পায়।

7. ব্ৰাহ্মী শাকে মস্তিস্কৰ পৰা ছেৰোটোনিন নিঃসৰণক প্ৰভাৱিত কৰি নিদ্ৰাহীনতা নাশ কৰে।

8. ব্ৰাহ্মী শাকে মস্তিস্ক সুস্থ, সবল, সতেজ আৰু তৰুণ কৰি ৰাখে ।

9. ব্ৰাহ্মীশাক গৰুৰ খাতি ঘিউৰ সৈতে ভাজি খালে শক্তি আৰু স্মৃতি দুয়োটাই বৃদ্ধি পায়।

10. সতেজ ব্ৰাহ্মীশাকৰ ১০-২০ মিঃলিঃ ৰস আহাৰ খোৱাৰ পাছত প্ৰতিদিনে দুবাৰকৈ খালে স্নায়ুজনিত মানসিক চাপ হ্ৰাস পায়।

11. ব্ৰাহ্মীত থকা বেক’চাইড এ আৰু বি নামৰ উপাদান দুবিধে মৃগী ৰোগৰ উপশমত সহায় কৰে ।
13. আমাৰ দৈনন্দিন জীৱনত দুঃচিন্তা, উদ্বেগ, ভয়, শংকা আদিয়ে খেদি ফুৰে, বিশেষকৈ এক অনিশ্চয়তাৰ ভৱিষ্যতে আমাৰ এই চিন্তাসমূহ বৃদ্ধি কৰে ৷

এই সমূস্যাসমূহে এজন ব্যক্তিৰ কেৱল মানসিক স্বাস্থ্যত প্ৰভাৱ পেলোৱাই নহয় শাৰিৰীক স্বাস্থ্যতো যথেষ্ট প্ৰভাৱ পেলায় ৷
এই ক্ষেত্ৰত ব্ৰাহ্মী শাক খাব লাগে।

 

এতিয়া জানো আহক ব্ৰাহ্মী শাক কেনেকৈ ব্যৱহাৰৰ কৰিব লাগে :-
1. ৰস খালে ১০-২০ মিঃলিঃ প্ৰতিদিনে দুবাৰ খাব।

2.কেপ্চুল বা টেবলেত খালে দিনে দুটকৈ দুবাৰ খাব।

3.শাক হিচাপে ভাজি খালে নিয়মীয়া পৰিমাণে খাব।

4. সুফল পাবলৈ ব্ৰাহ্মীশাক সদায় ঘিউৰ লগতহে ভাজি খাব লাগে ।
কিয়নো, ব্ৰাহ্মীত থকা উপাদানসমূহে ঘিউৰ লগত সহজে Blood Brain Barrier অতিক্ৰম কৰি মস্তিস্কত শীঘ্ৰে কাম আৰম্ভ কৰিব পাৰে।

 

বাহ্মী শাক কেতিয়া খাব নালাগেঃ

1.খালি পেটত ব্ৰাহ্মীৰস খাব নালাগে।

খালেও মৌ বা এৱা গাখীৰৰ লগতহে খাব লাগে।

পেটৰ আল্চাৰ থাকিলে, থাইৰ’ইডৰ বেমাৰ থাকিলে, শ্বাসৰোগ থাকিলে বা ব্ৰাহ্মীৰ প্ৰতি বিশেষ এলাৰ্জী থাকিলে ব্ৰাহ্মী শাক খাব নালাগে।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

ব্ৰাহ্মী শাকৰ আয়ুৰ্বেদিক ঔষধসমূহ হ’লঃ Mentat টেবলেত আৰু চিৰাপ, Brahmi চিৰাপ আৰু কেপচুল, ব্ৰাহ্মী ৰসায়ন, ব্ৰাহ্মী ৱতী, ব্ৰাহ্মী ঘৃত আদি।

গতিকে ব্ৰাহ্মী শাক খাওঁক আৰু স্মৃতিশক্তি বঢ়াই শৰীৰটো ভালে ৰাখক।

NE HYGIENE SOLUTIONS

SERVICES  :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning

Phone No – 8861255323 / 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *