অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি।

Spread the love

চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ২৭ টকালৈ বৃদ্ধি।
বৃদ্ধি কৰা দৈনিক মজুৰি 1 আগষ্ট, 2022 ৰ পৰা কাৰ্যকৰী হৈছে।

বুধবাৰে চৰকাৰী পক্ষৰ পৰা জনােৱা হয় যে অসমত চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ২৭ টকা বৃদ্ধি কৰা হৈছে।

যোৱা বছৰৰ মে’ মাহত ৰাজ্যখনৰ শাসনলৈ অহা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এইয়া দ্বিতীয়বাৰৰ বাবে দৈনিক মজুৰি বৃদ্ধি কৰিলে।

বুধবাৰে হিমন্ত বিশ্ব শৰ্মা আৰু চাহ সংস্থাৰ লগতে শ্ৰমিক সংঘৰ প্ৰতিনিধিসকলৰ মাজত হােৱ‍া এখন বৈঠকত মজুৰি সংশোধনৰ সিদ্ধান্ত লোৱা হৈছিল।

সাংবাদিকেৰে হােৱা কথা বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰিয়াই জনাই যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণ সদায় তেওঁৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আহিছে।

লগতে তেওঁ জনাই যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰিৰ নগদ বৃদ্ধিৰ লগতে ৰেচন আৰু অন্যান্য লাভালাভাে তেওলােকে লাভ কৰিব ।
বাগিচাৰ সকলো কৰ্মীয়ে ৰেচন কাৰ্ড পাব আৰু আমি বাগিচা সমূহক “ফেয়াৰ প্ৰাইচ শ্বপৰ” অনুজ্ঞাপত্ৰ ল’বলৈ আহ্বান জনাইছাে।

বৈঠকত ইণ্ডিয়ান টি এছ’চিয়েচন, এন ই টি এছ’চিয়েচন, টি এছ’চিয়েচন অৱ ইণ্ডিয়া, ভাৰতীয় চাহ পৰিষদ, অসম চাহ প্লাণ্টাৰ এছ’চিয়েচন আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিসকল উপস্থিত আছিল ।

পৰম্পৰাগতভাৱে চাহ শ্ৰমিকৰ মজুৰি মুখ্যতঃ দুটা উপাদানত পৰিশোধ কৰা হয় –  নগদ ধন আৰু অন্যান্য লাভালাভ যেনে ৰেচন, স্বাস্থ্য সেৱা আৰু শিক্ষা

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে যোৱা বছৰ মে’ত পূৰ্বৰ মজুৰী সংশোধন কৰা হৈছিল, আৰু ইয়াক 22 ফেব্ৰুৱাৰী, 2021 তাৰিখে কাৰ্যকৰী কৰা হৈছিল।

বুধবাৰৰ বৈঠকত শৰ্মাই চাহ ৰোপণকাৰী সকলক গোঁড়া চাহৰ বাবে চৰকাৰী ৰাজসাহায্য প্ৰতি কিলোগ্ৰামত ৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধি কৰাৰ আশ্বাস দিয়ে।

ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই মঙলবাৰে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু শ্ৰমিক সকলৰ সৈতে মজুৰি নিৰ্ধাৰণৰ বাবে এখন বৈঠক আহ্বান কৰিছিল।

আশ্চৰ্য্যকৰ ভাৱে সৰু চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰিৰ বিষয়ে এতিয়ালৈকে কোনো ঘোষণা কৰা হোৱা নাই।

চাহ বোৰ্ড ইণ্ডিয়াৰ তথ্য অনুসৰি অসমে 2021 চনত 667.73 নিযুত কিলোগ্ৰাম চাহ উৎপাদন কৰিছিল, যাৰ ভিতৰত সৰু বাগিচা বোৰৰ আছিল 311.12 নিযুত কিলোগ্ৰাম

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

দেশত সামগ্ৰিক চাহ উৎপাদন আছিল 1,343.06 নিযুত কিলোগ্ৰাম

 

 

Executive Editor বিশ্বজিত দত্ত ৰ প্ৰতিবেদন Rnewsindia24

Leave a Reply

Your email address will not be published. Required fields are marked *