ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা জীৱেশ্বৰ ডেকা (দধিচী)ৰ জীৱন যাত্ৰা।
জীৱেশ্বৰ ডেকাঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ জনপ্ৰিয় অভিনেতা।
তেওঁ অসমৰ প্ৰতিখন ভ্ৰাম্যমান থিয়েটাৰতে অভিনয় কৰিছিল।
মুকুন্দ থিয়েটাৰত ‘দধিচী‘ নাটকত ‘নন্দ পাঠক’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয় হোৱাৰ লগতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছিল।
দধিচী নাটকত দক্ষ অভিনয়ৰ বাবে ‘দধিচী’ নামেৰে জনাজাত।
তেখেতে অসমীয়া সাংস্কৃতিক জগতখনৰ পৰা বহুতো বঁটা আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে।
জীৱেশ্বৰ ডেকা দেৱৰ জীৱনযাত্ৰাঃ
তেখেত জন্ম হৈছিল ১৯৪৬ চনৰ ২০ জুলাইত নলবাৰী জিলাৰ বেলশৰ গাঁৱত।
১৯৬৭ চনত পোনপ্ৰথমে ‘বেলশৰ স্মৃতি নাট্যসংঘ’ৰ জৰিয়তে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।
তাৰ পিছত তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত প্ৰবেশ কৰে আৰু থিয়েটাৰৰ মঞ্চত অভিনেতা হিচাপে অভিনয় জীৱন আগবঢ়াই লৈ যায়।
তেওঁ নটৰাজ, ৰূপকোঁৱৰ, বিষ্ণুজ্যৌতি, ভাগ্যদেৱী, মুকুন্দ, আৱাহন, জ্যৌতিৰূপা, অনুৰাগ, মনালিছা, মাধৱদেৱ, ৰূপায়ণ, নয়নতৰা আদি থিয়েটাৰত প্ৰায় ২০০ খনৰো অধিক পৌৰাণিক ধৰ্মমূলক, সামাজিক নাটকত ভিন্নসুৰী চৰিত্ৰত অভিনয় কৰিছিল।
১৯৭০-৭১ চনৰ নাট্যবৰ্ষত মৰোৱাৰ শৰত্ মজুমদাৰ প্ৰযোজিত ‘ভাগ্যদেৱী নাট্য সমিতি নাট্যকাৰ উগ্ৰ মেনাৰ ৰচনা আৰু ভৈৰৱ বৰ্মনৰ পৰিচালনাত মঞ্চস্থ কৰা নাট ‘মিলনমালা’ত নায়ক ‘মিলন’ৰ চৰিত্ৰত অভিনয় কৰা জীৱেশ্বৰ ডেকাৰ অভিনয় দৰ্শকে যথেষ্ট ভাল পাইছিল।
সেই বৰ্ষতে মিলনমালা নাটকখন বৰপেটাত ১১ টাকৈ দৰ্শনী মঞ্চস্থ কৰিব লগীয়া হৈছিল।
১৯৮৭-৮৮ চনৰ নাট্যবৰ্ষত টিহুৰ মাখিবাহাৰ অতুল ভট্টাচাৰ্য প্ৰযোজিত ‘মুকুন্দ থিয়েটাৰ’ত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত আৰু হেম ভট্টাচাৰ্য পৰিচালিত প্ৰভাত শৰ্মাৰ সংগীতেৰে ‘দধিচী’ নাটকত ৪১ বছৰীয়া জীৱেশ্বৰ ডেকাই ৯৫ বছৰীয়া ‘নন্দ পাঠক’ৰ চৰিত্ৰত অভিনয় কৰে।
এই নাটকখনৰ নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ, সাংস্কৃতিক শিল্পী ৰত্ন ওজা, সাংবাদিক কনকসেন ডেকাই একেলগে নাটখন উপভোগ কৰি অভিভূত হৈ পৰিছিল।
‘দধিচী’ নাটকৰ নন্দ পাঠকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জীৱেশ্বৰ ডেকাক ১৯৮৮ চনত অসম চৰকাৰৰ পৰা ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ প্ৰদান কৰা হয়।
জীৱেশ্বৰ ডেকাৰ বঁটা আৰু সন্মানঃ
২০২০ চনত মঘাই মোহন কৃষ্টি সংঘৰ ‘নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী সোঁৱৰণী বঁটা ।
২০১১ চনত সাংস্কৃতিক মহাসভা অসমৰ পৰা ‘জীৱনজোৰা সংস্কৃতি সাধনা বঁটা’।
১৯৮৮ চনত অসম চৰকাৰৰ ‘নটসূৰ্য ফণী শৰ্মা বঁটা’।
১৯৯০ চনত অসম শিল্পী দিৱস বঁটা ।
১৯৯৩ চনত মুনলাইট মিডিয়া বঁটা।
২০০৭ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন।
২০১৪ চনত অসম যুৱ-ছাত্ৰ পৰিষদৰ ‘ভবেন বৰুৱা সোঁৱৰণী বঁটা’।
২০১৬ চনত ৰবীন নেওগ সোঁৱৰণী এনাজৰী বঁটা।
২০১৮ চনত অখিল ভাৰত হিন্দু মহাসভা অসম প্ৰদেশৰ পৰা ‘লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা’ ।
২০১৯ চনত থিয়েটাৰ ভাগ্যদেৱীৰ ‘শৰত্ মজুমদাৰ সোঁৱৰণী বঁটা’।
২০১৯ চনত অচ্যুত লহকৰ সোঁৱৰণী বঁটা।
২০১৯ চনত দপবাশা নাট্য সন্মিলনৰ ‘কামিনী মোহন শৰ্মা জীৱনজোৰা সাধনা বঁটা’।
তেখেত হৃদৰোগত আক্ৰান্ত হৈ ২০২০ চনৰ ২৪ আগষ্টত ৭৫ বছৰ বয়সত মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com
News Editor Sangita Dutta Reports R News India 24