কেন্সাৰ, ডায়েবেটিছ, পিত্তদোষ, অম্লপিত্ত, তেজ গ্ৰহণী, ৰক্তপিত্ত, যকৃত ৰোগ, বমি, হাপানী আদি ৰোগৰ পৰা বাচিবলৈ খাওক এই বিধ ফল।

Spread the love

আমলখি প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু অন্যান্য এন্টি অক্সিডেন্টৰে ভৰপূৰ।

কেন্সাৰ, ডায়েবেটিছ, পিত্তদোষ, অম্লপিত্ত, তেজ গ্ৰহণী, ৰক্তপিত্ত, যকৃত ৰোগ, বমি, হাপানী আদি ৰোগৰ বাবে আমলখি অতি উত্তম।

প্ৰতিদিনে পুৱা খালী পেটত আমলখিৰ ৰস খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।

জানো আহক আমলখিৰ কি কি ঔষধিগুন আছেঃ

1.আমলখিয়ে পিত্তদোষ নিৰাময়ত সহায় কৰে।

2. আমলখিৰ ৰস চেনিৰ সৈতে নিয়মিয়াকৈ খালে অম্লপিত্ত ৰোগ পৰা উপশম পোৱা যায়।

3. নেমুৰ ৰস আৰু আমলখিৰ ৰস মিহলাই খালে তেজ গ্ৰহণীৰ পৰা আৰোগ্য পোৱা যায়।

4. আমলখিৰ ৰসৰ লগত চেনি মিহলি কৰি খালে ৰক্তপিত্ত ৰোগত যথেষ্ট আৰাম পোৱা যায়।

5. পাকস্থলিৰ ঘাঁ লাগিলে আমলখিৰ ৰস লগত মৌ মিহলাই ৰাতিপুৱা খালে সোনকালে ভাল হয়।

6. আমলখি ৰসৰ লগত চেনি মিহলাই খালে বমি বন্ধ হয়।

7. যকৃত ৰোগ হলে আমলখিৰ ৰস খালে অতিসোনকালে আৰোগ্য পোৱা যায়।

8. আমলখি আৰু গোলনেমুৰ ৰস সম পৰিমানে মিহলাই তাত অলপ কুহুমীয়া পানী দি সেই মিশ্ৰনেৰে মূৰ ধুলে ওকণি নোহোৱা হয়।

9. আমলখিৰ ৰসৰ লগত মৌ মিহলায় খালে অম্লশালত সুফল পোৱা যায়।

10. আমলখি মিচিৰিৰ সৈতে খালে স্নায়ৱিক দুৰ্বলতা ভাল হয়।

11. আমলখিৰ শিপাৰ ৰস দৈনিক ৪চামুচকৈ ব্যৱহাৰ কৰিলে হাপানী ৰোগ ভাল পোৱা যায়।

12. উচ্চ ৰক্তচাপ হলে আমলখি খুন্দি মিচিৰিৰ সৈতে খালে ৰক্তচাপ স্বাভাৱিক হয়।

13. কেঁচা আমলখি বটি গা,মুৰ,হাত,ভৰি,আদিত ঘহি আমলখিৰ ৰসেৰে গা ধুলে ছাল সোতৰা পৰাত সুফল পোৱা যায়।

14. আমলখিৰ ৰস ৰাতিপুৱা খালে অৰুচি দূৰ হয়।

15. আমলখিৰ পাতৰ ৰস ৰ লগত মৌজোল আৰু ছাগলীৰ গাখীৰ খালে গ্ৰহনী ৰোগ ভায় হয়।

16. চুলি পকিলে, সৰিলে আমলখি পিচি লগালে ভাল হয়।

17. শুকান আমলখি পিচি গুড়া কৰি তাত কলা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে পেটচলা ৰোগ ভাল হয়।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

সেয়ে দৈনিক এটাকৈ হ’লেও আমলখি খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি আৱশ্যক

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *