বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ জীৱন যাত্ৰা ।
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্ত আজিৰ দিনটোতে মৃত্যু হৈছিল।
তেখেতে অসমীয়া গ্ৰাম্য জীৱনৰ লোক সংগীতক চহকী কৰি থৈ গ’ল।
তেওঁৰ সুৰৰ মায়াজালেৰে বন্দী কৰিছিল শ্ৰোতা-দৰ্শকক আৰু গীতৰ কথাৰে চলিছিল সমাজৰ অন্তৰংগ আলাপ।
তেখেতে বহুকেইখন অসমীয়া কথাছবিত কণ্ঠ নিগৰাইছিল আৰু অসমীয়া আধুনিক গীত, ভক্তিমূলক গীত, বিহুগীতত কণ্ঠদান কৰিছিল।
জানো আহক অৰ্চনা মহন্তৰ জীৱনযাত্ৰাৰ বিষয়েঃ
তেখেত জন্ম হৈছিল ১৯৪৯ চনৰ ১৮ মাৰ্চত।
পিতৃৰ নাম আছিল মাধৱ দাস আৰু মাতৃ আছিল লাবণ্য দাস।
অৰ্চনা মহন্তৰ পিতৃ-মাতৃৰো সংগীতৰ প্ৰতি অনুৰাগ আছিল।
বিশেষকৈ মাতৃয়ে তেওঁৰ মনত সংগীতৰ প্ৰতি আকৰ্ষণ জগাই তুলিছিল আৰু সংগীতৰ অ-আ-ক-খ শিকাবলৈ প্ৰয়াস কৰিছিল।
মাকে অৰ্চনাক আবুল হুছেইন নামৰ এগৰাকী সংগীতজ্ঞৰ ওচৰত সংগীতৰ শিক্ষা দিয়াইছিল।
আনহাতে জীতেন দেৱৰ ওচৰত তেখেতে আধুনিক সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লৈছিল।
সৰুৰেপৰাই অৰ্চনা মহন্তই ভজন, লোকগীত আদি পৰিৱেশন কৰিছিল।
অৰ্চনা মহন্তই বিভিন্ন অনুষ্ঠানত মহাত্মা গান্ধীৰ ভজন গাই তেওঁ শ্ৰোতাক মোহিত কৰিছিল।
তেওঁ গোকুল পাঠকৰ পৰা কামৰূপী লোকগীত শিকিছিল।
অৰ্চনা মহন্তই গ্ৰামোফোন ৰেকৰ্ডত সত্তৰ দশকতে ‘অ সুন্দৰী ৰাধে মাই, বৃন্দাবন চাৰিয়া কৃষ্ণই মথুৰাক যায়‘ আদি লোকগীত গাইছিল।
১৯৬৫ চনত তেখেতে আকাশবাণীৰ শিল্পী ৰূপে স্বীকৃতি লাভ কৰিছিল।
অষ্টম মান শ্ৰেণীত পঢ়ি থাকোঁতে অৰ্চনা মহন্তই এখন ছবিতো অভিনয় কৰিছিল।
ছবিখনৰ নাম আছিল ‘মাটিৰ স্বৰ্গ‘।
অৰ্চনা মহন্তৰ মোমায়েক গিৰীশ চৌধুৰী আৰু অনিল চৌধুৰীয়ে এই ছবিখন প্ৰযোজনা কৰিছিল।
তেওঁলোকৰ পৰা উৎসাহ পাই অৰ্চনাই নাটকতো অভিনয় কৰিছিল।
নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰা ‘সুৰৰ আকাশত হ’লোঁ মই দিশহাৰা, কত যে মনৰ কত যে পদূলি‘ আছিল তেওঁৰ প্ৰথমটো গীত।
১৯৬৬ চনত অৰ্চনা মহন্তই প্ৰথমটো গীত ৰেকৰ্ড কৰিছিল।
তাৰ পিছত অৰ্চনা মহন্তই আকাশবাণীৰ ‘বি হাই গ্ৰেড‘ স্বীকৃতি পাইছিল।
আকাশবাণীৰ পৰা ‘বি হাই গ্ৰেড’ স্বীকৃতি লাভ কৰা তেওঁ প্ৰথমগৰাকী শিল্পী।
তেখেতে প্ৰায় তিনি শতাধিক গীতত কণ্ঠ নিগৰাইছিল।
খগেন মহন্তৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পাছতো অৰ্চনা মহন্তই শাস্ত্ৰীয় সংগীত শিকি আছিল।
সেই সময়ত তেওঁৰ গুৰু আছিল অনিমেষ দত্ত।
আকাশবাণীৰ এখন সংগীতালেখ্যত অৰ্চনা মহন্ত আৰু খগেন মহন্তই একেলগে গোৱা প্ৰথমটো গীত গাইছিল।
গীতটো আছিল ‘বাঁহৰ কাঠি তোলাই বাঁহনিতাৰ সাজিলোঁ‘।
উল্লেখ্য যে, খগেন মহন্ত-অৰ্চনা মহন্ত অসমীয়া সংগীত জগতৰ এটা বিখ্যাত যুটি।
তেওঁলোকে একেলগে মঞ্চত আৰু এলবামত কণ্ঠদান কৰা গীতসমূহে শ্ৰোতা-দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিছিল।
১৯৯৩ চনত তেওঁলোকে আমেৰিকাকে ধৰি বিদেশৰ একাধিক মঞ্চত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ পাইছিল।
অৰ্চনা মহন্তই কলকাতাত আয়োজিত ‘ৱৰ্ল্ড পীচ ফেষ্টিভেল’, ইণ্ডিয়া ইণ্টাৰনেচনেল ফক মিউজিক ফেষ্টিভেল , আকাশবাণীৰ আঞ্চলিক গীতৰ ৰাষ্ট্ৰীয় অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল।
১৯৭৩ চনত অৰ্চনা মহন্ত আৰু বিহু সম্ৰাট খগেন মহন্তৰ লগত বিবাহ পাশত আৱদ্ধ হয়।
তেওঁলোকৰ পুত্ৰ অংগৰাগ মহন্ত (পাপন) দেশৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী।
তেওঁৰ জীয়ৰী হৈছে কিংকিনী মহন্ত।
অৰ্চনা মহন্তই কণ্ঠদান কৰা কেইটামান জনপ্ৰিয় গীত হৈছেঃ
1.আগ চোতাল ভাৰত পৰি, কাউৰীজনীৰ কলকলনি।
2.শালিকী অ’ অবুজন চৰাইজনী।
3.মই কেতিয়াবা অকলশৰে তোমাৰ কথাকে ভাবোঁ।
4.কিমান নাও যে ঘাটত লাগিল।
5.হোমৰ জুই জ্বলিছে।
অসম চৰকাৰে অৰ্চনা মহন্তক “শিল্পী বঁটা“ৰে সন্মানীত কৰিছে।
২০২০ চনৰ ২৭ আগষ্টত তেখেত মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন Rnewdindia24