বিশ্ববৰেণ্য শিল্পী, ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জীৱন যাত্ৰা ।
আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্মদিন।
তেখেত একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, সাংবাদিক, অধ্যাপক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক আৰু সংগীত নাটক একাডেমীৰ শ্বেয়াৰমেন পদ লাভ কৰা প্ৰথমগৰাকী অসমীয়া।
কিছু দিনৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল।
তেখেতক বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়।
জানো আহক ড° ভূপেন হাজৰিকা দেৱৰ জীৱনযাত্ৰাৰ বিষয়ে –
ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ শদিয়াত।
তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।
নাজিৰাৰ আমোলাপট্টিত
দেউতাকৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত থাকিব লগা হৈছিল।
ড॰ হাজৰিকাই তেওঁৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিবেশৰ পৰাই লাভ কৰিছিল।
তেখেতৰ দেউতাক প্ৰথমে আছিল শিক্ষক, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়।
তেওঁক ঘৰত সদায় ডাঙৰমইনা বুলি মাতিছিল।
ভৰলুমুখৰ ঘৰত থাকোঁতেই মাহীয়েক ভৱপ্ৰিয়া দাসে ভূপেন হাজৰিকাক এখন হাৰমনিয়াম আনি দিছিল।
ভূপেন হাজৰিকাৰ মাকে পদ্মধৰ চলিহাৰ গীত, ব্ৰাহ্মসংগীত, বঙালী গীত, ৰবীন্দ্ৰসংগীত গাইছিল।
ঘৰত বৰগীতৰ চৰ্চাও চলিছিল।
এনেকৈয়ে সৰুতে নিজৰ ঘৰখনত ভূপেন হাজৰিকাৰ সংগীতৰ লগত পৰিচয় হৈছিল।
তেখেতে গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে।
ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট, ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ৰ’ল অৱ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন‘ বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে।
তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচ্চিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্ল ফেল’শ্বিপ লাভ কৰিছিল।
১৯৩৬ চনত দেউতাকে ভূপেন হাজৰিকাক তেজপুৰ
চৰকাৰী হাইস্কুলত নাম লগাই দিছিল ক্লাছ ছিক্সত।
তেজপুৰতেই ভূপেন হাজৰিকাই বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক লগ পাইছিল লগতে পাৰ্ৱতি প্ৰসাদ বৰুৱা, পদ্মধৰ চলিহা আদিৰ নাম শুনে, চিনাকি হয়।
তেজপুৰত এক মঞ্চত এবাৰ ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে।
লগতে সোণৰ মেডেল এটাও পায়।
১৯৩৭ চনত ১১ বছৰ বয়সত ভূপেন হাজৰিকাই প্ৰথমটো গীত ৰচনা কৰে।
গীতটি এনেধৰণৰ আছিল:-
“কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে
ধৰিছিল নামৰে তান,
নামৰে সুৰতে আনন্দত নাচিছিল
পৱিত্ৰ বৰদোৱা থান…”।
তেখেতে কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।
১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল।
১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল।
নাওবৈচা বিধানসভা সমষ্টিৰ পৰা তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
বিধায়ক হৈ থকাৰ সময়ত তেখেতে এখন ফিল্ম ষ্টুডিঅ‘, এখন আৰ্ট গেলাৰী আৰু এক বিশেষ জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল।
তেখেতে কাৰ্যনিৰ্বাহ কৰা অন্যান্য পদসমূহ হ’ল :-
1. চেয়াৰমেন, এপেলেট বডী অৱ চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চেঞ্চৰ্ছ, ভাৰত চৰকাৰ।
2. মেম্বাৰ, স্ক্ৰীপ্ট কমিটী অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া।
3. ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দ্য ব’ৰ্ড অৱ ডাইৰেক্টৰ্ছ অৱ নেশ্যনেল।
ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ভাৰত চৰকাৰ।
4. এক্জিকিউটীভ কাউনঞ্চিল মেম্বাৰ, চিল্ড্ৰেঞ্চ ফিল্ম ছ’চাইটী।
5. মেম্বাৰ, ব’ৰ্ড অৱ ট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্ট্ছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ।
6. চেয়াৰমেন, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড্ছ।
7. ১৯৫৮-৯০ লৈকে কেইবা বাৰো জুৰী মেম্বাৰ, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড্ছ।
8. মেম্বাৰ, পি চি জোশী কমিটী।
9. মেম্বাৰ, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পলিচী মেকিং বডী, ভাৰত চৰকাৰ।
১৯৫০ চনত নিউয়ৰ্কৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত তেওঁ বিবাহ পাশত আবদ্ধ হয়।
তেওঁলোকৰ একমাত্ৰ সন্তান তেজ হাজৰিকা।
২০১৮ চনৰ ৩০ অক্টোবৰত কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ‘ভূপেন হাজৰিকাঃ এজ আই নিউ হিম‘ প্ৰকাশ পায়।
ড॰ হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত।
তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল।
১৯৩৬ চনত তেওঁলোকেই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত ‘শোণিত কুঁৱৰী‘ আৰু ‘জয়মতী‘ নাটক দুখনৰ গীত বাণীবদ্ধ কৰায়।
একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত ‘উলাহতে নাচিবাগি হ’লি বিয়াকুল‘ আৰু ‘কাষতে কলচী লৈ‘ গীত দুটিও বাণীবদ্ধ কৰোৱায়।
১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাবে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে।
১৯৫৫ চনত দিল্লী অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অৰ্জন কৰে।
ড॰ ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলা হয়।
তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰ’বচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল।
তেখেতৰ উল্লেখযোগ্য কেইটামান গীত হৈছে :- অগ্নিযুগৰ ফিৰিঙতি মই, সাগৰ সংগমত কতনা সাগৰ সাঁতুৰিলোঁ, মানুহে মানুহৰ বাবে, কত জোৱানৰ মৃত্যু হল, আকাশী গঙ্গা বিচৰা নাই, মই এটি যাযাবৰ, বুকু হম হম কৰে মোৰ আই, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, জিলিকাব লুইতৰ পাৰ, অ’ বিদেশী বন্ধু ইত্যাদি।
অসম সাহিত্য সভাই ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত হাজৰিকাৰ সাহিত্যকৰ্মৰ বাবে ‘সাহিত্যাচাৰ্য‘ উপাধি প্ৰদান কৰে।
ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি ১৯৫৬ চনত “এৰা বাটৰ সুৰ” মুক্তি পায়।
তেওঁ ছবিখন পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল।
তেওঁ পৰিচালনা কৰা আন কেইখনমান ছবি হৈছে শকুন্তলা, প্ৰতিধ্বনি, লটিঘটি, চিকমিক বিজুলী, ছিৰাজ আদি।
১৯৬১ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
১৯৬৪ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
এই ছবিখন ফ্ৰাঞ্চৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ লৈ আমন্ত্ৰিত হৈছিল।
১৯৬৬ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘লটিঘটি‘ প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলি মেমচা’ব’ ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে।
এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে ‘ৰজত কমল বঁটা‘ আৰু নগদ দহ হাজাৰ টকাৰে সন্মান যাচে।
১৯৭৮ চনত দুখন অসমীয়া গীতৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ ‘আমি এক যাযাবৰ‘ বুলি আঠোটা বঙালী গীতৰ এল পি ৰেকৰ্ডৰ বাবে এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে।
১৯৭৭ চনত পশ্চিমবঙ্গৰ ‘বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতি‘য়ে ‘দম্পতী‘ ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান যাচিছিল।
১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।
১৯৭৮ চনত ‘সীমনা পেৰিয়ে‘ৰ সংগীত পৰিচালনাৰ কাৰণে ‘বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ‘ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল।
১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক ‘মেৰা ধৰম মেৰি মা‘ নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল।
১৯৭৯ চনত মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা।
১৯৮৭ চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা।
১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
১৯৮৭ চনত ইন্দিৰা গান্ধী স্মৃতি বঁটা।
১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল।
১৯৯৩ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।
১৯৯৩ চনত ড॰ হাজৰিকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা‘ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে।
২০০১ চনত পদ্মভূষণ বঁটা।
২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা।
২০০৬ চনত তেওঁৰ বঙালী গীত “মানুষ মানুষেৰ জন্য” বিবিচি বঙালীৰ শ্ৰোতা জৰীপত “সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বঙালী গীত“ৰ তালিকাত দ্বিতীয় স্থান লাভ কৰে।
২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান লাভ কৰে।
২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা।
২০১২ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ ৰে সন্মানিত হয়।
২০১৯ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন ৰে সন্মানিত হয়।
২০১১ চনৰ ৫ নৱেম্বৰত বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি ৮৫ বছৰ বয়সত মুম্বাইত মৃত্যু হয়।
তেখেতে কালজয়ী সৃষ্টি ৰাজিৰে অসমীয়া জাতিলৈ যি অৱদান তথা আদৰ্শ আগবঢ়াই থৈ গ’ল তাৰ বাবে তেওঁ সদায় চিৰস্মৰণীয় হৈ থাকিব।
Rnewsindia24 পৰিয়ালেও তেখেতৰ জন্ম বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুৱৰিছোঁ।
এনে মহান ব্যক্তিসকলৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24