জিকাৰ এই মহান গুণৰ বিষয়ে আপুনি জানে নে ?

Spread the love

সুস্থ-অসুস্থ সকলো লোকেই নিয়মীয়াকৈ খাব পৰা পাচলি বিধেই হৈছে জিকা।

জিকাক ইংৰাজীত Ridged gourd বুলি কোৱা হয়।

জিকাত থকা উপাদানবোৰ হৈছে- প্ৰ’টিন, চৰ্বি, কাৰ্ব’হাইড্ৰেট, কেলচিয়াম,
মেগনেছিয়াম, ফছফৰাছ,
আইৰন, ছডিয়াম, পটাছিয়াম, কপাৰ, ছালফাৰ, ক্ল’ৰিন, ভিটামিন-এ, ভিটামিন-বি১, ভিটামিন-বি২, ভিটামিন-বি৩, ভিটামিন-চি, অক্জেলিক এচিড আদিৰে ভৰপূৰ।

জিকাক মধুৰ, স্নিগ্ধ, শীতবীৰ্য, পিত্তনাশক, মৃদুবিৰোচক, কৃমিনাশক আৰু জ্বৰ, কুষ্ঠ আদিৰ উপশম কাৰক ৰূপে গণ্য কৰা হয়।

জানো আহক জিকাত কি কি ঔষধি গুন আছে-

1. জিকাত থকা ভিটামিন চি আৰু ভিটামিন এ এণ্টিঅক্সিডেণ্টে দেহৰ পৰা ক্ষতিকাৰক মুক্ত ৰেডিকেল আঁতৰ কৰাত, স্বাস্থ্যৱান ছালৰ কোষকলাৰ অক্সিডেটিভ ক্ষতি প্ৰতিহত কৰাত আৰু তেজক বিষমুক্ত তথা বিশুদ্ধ কৰাত সহায় কৰে।

2. জিকাত প্ৰচুৰ পৰিমাণে পানী থাকে যিয়ে শীতল প্ৰভাৱ প্ৰদান কৰে আৰু শৰীৰৰ অত্যাধিক তাপ হ্ৰাস কৰে।

3. জিকায়ে হজমী শক্তি, ইনচুলিন কাৰ্যকলাপ উদ্দীপিত কৰে আৰু ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

4. জিকা খালে ওজন হ্ৰাস হয়।

5.জিকাই যকৃতৰ স্বাস্থ্য আৰু পিত্তৰ কাৰ্য উন্নত কৰে।

6.জিকা খালে কোষ্ঠ্য-কাঠিন্যতা দূৰ হয়।

7. জিকাই দৃষ্টি শক্তি বৃদ্ধি কৰে।

8. জিকাই লিভাৰক ডিটক্সিফাই কৰাত সহায় কৰে।

9. জিকাই শৰীৰত থকা ময়লা দূৰ কৰাত সহায় কৰে।

10. কুকুৰীকণা ৰোগীৰ বাবেও জিকা অতি উত্তম খাদ্য।

সেয়ে জিকা খাই স্বাস্থ্যটো ভালে ৰাখো আহক।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *