পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী, কৃষি ৰত্ন ভাৰ্গিজ কুৰিয়েনৰ জীৱন যাত্ৰা ।

Spread the love

বিশিষ্ট সামাজ সংগঠক ভাৰ্গিজ কুৰিয়েনঃ

তেখেতক “ভাৰতৰ শ্বেত বিপ্লৱৰ জনক”, আৰু “ভাৰতৰ দুগ্ধ মানৱ” হিচাপে জনাজাত।
তেখেতে সংগঠিত কৰিছিল পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী “ভাৰতৰ দুগ্ধ বিপ্লৱ”।
এই কাৰ্যসূচীয়ে ভাৰতৰ দুগ্ধ উৎপাদনক পৃথিৱীৰ ভিতৰতে সৰ্ব্বোচ্চ কৰি তোলে। এখেতৰ যত্নতে দুগ্ধ উৎপাদন ভাৰতৰ বৃহত্তম স্ব-নিৰ্ভৰশীল কৃষি উদ্যোগত পৰিণত।

 

জানো আহক ভাৰ্গিজ কুৰিয়েনৰ জীৱনযাত্ৰাৰ বিষয়ে-

তেখেত জন্ম হয় ১৯২১ চনৰ ২৬ নৱেম্বৰত ব্ৰিটিছ অধ্যুষিত ভাৰতৰ মাদ্ৰাজ ৰাজ্যৰ কালিকট।

তেওঁৰ পিতৃ এগৰাকী চিভিল ছাৰ্জন আছিল।

জন্মসূত্ৰে কুৰিয়েন খ্ৰীষ্ট ধৰ্মী আছিল যদিও পাছলৈ তেখেতে ধৰ্মবিশ্বাস পৰিত্যাগ কৰি ‘নাস্তিক’ বুলি চিনাকি দিয়ে।

মাদ্ৰাজৰ লয়লা কলেজৰ পদাৰ্থবিজ্ঞান বিষয়ত স্নাতক উপাধি গ্ৰহন কৰে।

কুৰিয়েনে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰপৰা মেকানিকেল ইঞ্জিনীয়াৰিঙত বি.ই. ডিগ্ৰী লয়।

১৯৪৬ চনত জামছেদপুৰ টাটা ষ্টীল টেক্‌নিকেল ইন্‌ষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান ইউনিভাৰ্ছিটিত ধাতুবিদ্যা আৰু আণৱিক ইঞ্জিনীয়াৰিং পঢ়ে।

আমেৰিকালৈ যোৱাৰ আগেয়ে কুৰিয়েনে বেংগালুৰুৰ ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানত ‘দুগ্ধ প্ৰযুক্তি’ বিষয়ত এটা ৯ মহীয়া প্ৰশিক্ষণ লৈছিল।

পাছলৈ নিউজিলেণ্ডত কুৰিয়েনে দুগ্ধ প্ৰযুক্তিৰ বিষয়ে চৰকাৰী পৃষ্টপোষকতাত শিক্ষা লাভ কৰিছিল।

নিউজিলেণ্ড সেই সময়ত সমবায়ভিত্তিক দুগ্ধ উৎপাদনৰ অতি সফল দেশ আছিল।

১৯৪৮ চনত কুৰিয়েন স্বদেশলৈ উভতি আহে আৰু ভাৰত চৰকাৰৰ ‘ডেইৰী ডিপাৰ্টমেণ্ট’ত যোগদান কৰে।

১৯৪৯ চনৰ ১৩ মে-ত তেখেতক গুজৰাটৰ খেড়া (কৈৰা) জিলাৰ আনন্দত অৱস্থিত ‘কৈৰা জিলা সমবায় দুগ্ধ উৎপাদক সংগঠনত কৰ্মৰত হয়।

এই কামত তেখেতৰ মন বহা নাছিল কিন্তু সংগঠনটোৰ অধ্যক্ষ ত্ৰিভুৱনদাস পেটেলে তেখেতক আনন্দতে কাম কৰাৰ বাবে মান্তি কৰায়।

কুৰিয়েনৰ সহকৰ্মী তথা দুগ্ধ বিশেষজ্ঞ এইচ.এম. দালায়া-ই ম’হৰ গাখীৰৰপৰা ‘গাখীৰ পাউদাৰ’ আৰু ঘন গাখীৰ প্ৰস্তুত কৰাৰ কৌশল বিকশিত কৰে।

ইয়াৰ আগলৈ অকল গৰুৰ গাখীৰৰ পৰাহে এনে সামগ্ৰী প্ৰস্তুত কৰিব পৰা গৈছিল।

এই উদ্ভাৱনৰ লগে লগেই আমুল কোম্পানীয়ে পশ্চিমৰ বৃহৎ দুগ্ধ প্ৰতিষ্ঠান ‘নেছ্‌লে’ৰ লগত ফেৰ মাৰিব পৰা হৈ উঠে।

দেশৰ উদ্যোগিক ক্ষেত্ৰত সোনকালেই আমুল এক অতি সফল উদ্যোগ হিচাপে চিহ্নিত হয়।

আমুলৰ সাফল্যত উৎসাহিত হৈ ১৯৬৫ চনত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী-য়ে ‘ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন সমিতি‘ গঠন কৰে আৰু কুৰিয়েনক ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰে।

গুজৰাটৰ আন আন জিলাতো আমুলৰ একে আদৰ্শৰে অন্যান্য দুগ্ধ প্ৰতিষ্ঠান স্থাপিত হৈছিল।

ভাৰ্গিজ কুৰিয়েনে সকলো এনে প্ৰতিষ্ঠান একত্ৰীত কৰি ১৯৭৩ চনত GCMMF (Gujarat Co-operative Milk Marketing Federation Ltd) গঢ় দিয়ে।

GCMMF এ উৎপাদিত সামগ্ৰী একেটা ব্ৰেণ্ড নাম আমুলৰ অধীনত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।

বৰ্তমান আমুল দেশৰ লগতে কেবাখনো বিদেশ ৰাষ্ট্ৰটো উপলব্ধ।

আমুল, NDDB, GCMMF-ৰ বাহিৰেও আৰু কেবাটাও প্ৰতিষ্ঠানৰ লগত কুৰিয়েন জড়িত আছিল।

ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা স্থাপিত Viksit Bharat Foundation, গ্ৰাম্য ব্যৱস্থাপনা শিক্ষা প্ৰতিষ্ঠান আদিত কুৰিয়েনে উল্লেখনীয় পদবীত কৰ্মৰত হৈ প্ৰতিষ্ঠানকেইখন সুন্দৰকৈ গঢ়ি তুলিছিল।

দুগ্ধ উন্নয়নত ভাৰতক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ শক্তি হিচাপে পৰিগণিত কৰোৱা কুৰিয়েনে নিজে গাখীৰ নেখাইছিল।

মন্থন” চলচ্চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ কুৰিয়েনে পশু চিকিৎসক, দুগ্ধ প্ৰযুক্তিবিদ আৰু পশুখাদ্য বিশাৰদৰ একোটা গোট গঠন কৰি ছবিখনৰ লগতে গাঁৱসমূহলৈ প্ৰেৰণ কৰে।

তেওঁলোকে ছবিখন দেখুওৱাৰ পাছতে দুগ্ধ উৎপাদন বঢ়াবলৈ গো-ধনৰ উপযোগিতাৰ ওপৰত ব্যাখ্যা কৰে।

খেতিয়কসকলক দুগ্ধ আন্দোলনৰ প্ৰতি উন্মুক্ত কৰিবলৈ কুৰিয়েনে এই ব্যৱস্থা হাতত লৈছিল।

ৰাষ্ট্ৰ সংঘৰ বিকাশ কাৰ্যসূচী য়ে এই চলচ্চিত্ৰখন দক্ষিণ আমেৰিকাত প্ৰদৰ্শন কৰিছিল।

 

১৯৯৯ চনত ভাৰত চৰকাৰে পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰে।
১৯৯৩ চনত বছৰটোৰ ব্যক্তি বঁটা ।
১৯৮৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব খাদ্য বঁটা।
১৯৮৬ চনত কাৰ্নেগি প্ৰতিষ্ঠানে ৱাটেলাৰ শান্তি বঁটা।
১৯৮৬ চনত ভাৰত চৰকাৰে কৃষি ৰত্ন বঁটা।
১৯৬৬ চনত অসম চৰকাৰে পদ্মভূষণ বঁটা।
১৯৬৫ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধি।
১৯৬৩ চনত ৰেমন মেগছেছে প্ৰতিষ্ঠানে ৰেমন মেগছেছে বঁটা।

তেখেতক অশোক প্ৰতিষ্ঠানে বৰ্তমান বিশ্বৰ এগৰাকী প্ৰতিষ্ঠিত সমাজ উদ্যোগী বুলি অভিহিত কৰিছে।

 

২০১২ চনৰ ৯ ছেপ্টেম্বৰত ৯০ বছৰ বয়সত মৃত্যু হয়।

 

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsidia24.com.

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *