গৰ্ভৱতী মহিলাই পালেং শাক কিয় খাব লাগে জানে নে ? চকুৰ ৰশ্মি, ৰক্তহীনতা, মুখত সাঁচ পৰা, হিম’গ্লবিন বৃদ্ধিত, পেস্ৰাৱ হালধীয়া আদি বিভিন্ন ৰোগত পালেং শাকে আমাক সহায় কৰিব পাৰে কেনেকৈ ?

Spread the love

পালেং শাক অত্যন্ত পুষ্টিকৰ।

পালেং শাকত প্ৰটিন, খনিজ লৱণ, ভিটামিন A, বিটাকেৰটিন, কেলচিয়াম, আইৰণ, আহ, কাৰ্বহাইড্ৰেত, অজৈৱিক নাইট্ৰেত, প্লেবোন’ইড্স আদি থাকে।

পালেং শাকৰ ইংৰাজী নাম Spinach আৰু বৈজ্ঞানিক নাম Spinica loeracea 

 

পালেং শাকত কেলছিয়াম, ভিটামিন চি আৰু লৌহ পদাৰ্থ বেছি পৰিমাণে থকাৰ বাবে, ই শৰীৰৰ বাবে উপকাৰী।

অসমৰ অন্যতম জনপ্ৰিয় ব্যঞ্জন ৰৌ মাছ আৰু পালেং শাক।

জানো আহক পালেং শাকৰ উপকাৰিতাৰ সম্পৰ্কেঃ

1. গৰ্ভৱতী মহিলাৰ বাবে পালেং শাক অতি উপকাৰী। পালেং শাক খালে সন্তানৰ ওজন বঢ়াৰ লগতে গৰ্ভস্থ সন্তানে প্ৰয়োজনীয় খাদ্য লাভ কৰে।

2. পালেং শাকে কেন্সাৰ ৰোধ কৰাত সহায় কৰে।
পুৰুষৰ প্রষ্টেট কেন্সাৰৰ সম্ভাৱনাকো বহুখিনি কমায় পালেং শাকে।

3. পালেং শাক খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।

4. পালেং শাক খালে কুকুৰীকণা ৰোগ, চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।

5. পালেং শাক নিয়মিত খালে ৰক্তহীনতা দূৰ কৰে ৷

6. পালেং শাক তেজগ্ৰহণীৰ বাবে উত্তম আৰু বাৰ্ধক্য চাপ পৰাত ৰোধ কৰিব পাৰি।

7. পালেং শাকৰ পাতৰ ৰস লগালে মুখত সাঁচ পৰা, ক’লা দাগ আৰু শালমন আদিত লগালে ভাল হয়।

8. পালেং শাক খালে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ নিৰাময় কৰাত সহায় কৰে।

9. গৰম দিনত পেস্ৰাৱ হালধীয়া হ’লে পালেং শাকৰ ৰস খুৱাব লাগে।

10. পালং শাকে হাঁড় আৰু মাংসপেশী সবল কৰে।

11. এনিমিয়াত ভোগা লোকে, পালেং শাক খালে ভাল ফল খাব লাগে।

12. গাজৰৰ ৰসৰ লগত পালেং শাকৰ ৰস মিহলাই খালে ভোক বৃদ্ধি হয় আৰু টোপনি ভাল হয়।

13. হিম’গ্লবিন বৃদ্ধিত পালেং শাকে সহায় কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

গতিকে আজিৰ পৰা নিয়মীয়াকৈ পালেং শাক খাই শৰীৰটো ভালে ৰাখো আহক।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *