বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা বিশেষঃ

Spread the love

আজি অসমীয়া ভাদ মাহৰ অন্তিমটো দিন অৰ্থাৎ ভদ্ৰ সংক্ৰান্তি।

প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি দিনা বিশ্বকৰ্মা পূজা পালন কৰা হয়।

হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়

পুৱাৰে পৰা ব্যস্ততা ৰাজ্যবাসী
নিজ নিজ প্ৰতিষ্ঠানৰ পূজা মণ্ডপ সমূহ আকৰ্ষণীয়ভাৱে সজাই-পৰাই তুলাত ।

উদ্যোগ, কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠান আদি সকলোতে আজি এক ব্যস্ততাময় পৰিৱেশ ।

সকলোৱে আৰাধনা কৰিছে
বিশ্ব খনিকৰ বিশ্বকৰ্মাক ।

বিশ্বকৰ্মা পূজাই ধৰালৈ উৎসৱৰ আগমনৰ বতৰা কঢ়িয়াই আনে ।

বিশ্বকৰ্মা পূজাক ‘বিশ্বকৰ্মা জয়ন্তী’ বুলিও জনা যায় ৷

ভগৱান বিশ্বকৰ্মাই সকলোৰে বাবে কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা ।

নিখুঁত ভাস্কৰ্যৰ দৰেই বিশ্ব খনিকৰে কৰ্ম বিশ্বাসী ভক্ত প্ৰাণ ৰাইজক নিপুনতৰ শক্তি প্রদান কৰক তাৰেই কামনা কৰিলোঁ।

শুভ বিশ্বকৰ্মা পূজা

 

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *