সাহিত্য অকাডেমি বঁটা বিজয়ী ৰেৱতী মোহন দত্তচৌধুৰী তথা শীলভদ্ৰ দেৱৰ জীৱনযাত্ৰাঃ

Spread the love

শীলভদ্ৰ অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ আছিল

তেখেত জন্ম হয় ১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত গৌৰীপুৰত ।

 

পিতৃৰ নাম আছিল ৰমনী মোহন দত্তচৌধুৰী আৰু মাকৰ নাম আছিল অমিয়লতা দত্তচৌধুৰী।

গৌৰীপুৰৰ পি. চি. প্ৰতিষ্ঠানৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা আই.এচ.ছি পৰীক্ষাত উত্তীৰ্ণ হয়।

পূৰ্ববংগৰ ৰংপুৰৰ কাৰমাইকেল কলেজ ৰ পৰা বি.এছ.ছি আৰু কলকাতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম.এছ.ছি পাছ কৰে।

তেখেতৰ চাকৰিৰ বাবে প্ৰথম আহ্বান আহে এম.চি. কলেজ ৰ পৰা।

পিছত প্ৰৱক্তা হিচাপে কটন মহাবিদ্যালয় ১৯৪৭ চনৰ পৰা ১৯৪৯ চনলৈ চাকৰি কৰে।

তাৰপিচতে ১৯৫৫ চনত তেওঁ দ্যা আছাম ট্ৰিবিউন ৰ কামত যোগদান দিয়ে যদিও কিছুদিন চাকৰি কৰি এছিচটেণ্ট মেনেজাৰ হিচাপে চাহ-বাগানত যোগদান কৰে।

চাহ বাগিচাত ১৯৫৫-৫৭ চনলৈ কাম কৰে।
ইয়াৰ পিছত ৰেৱতী মোহন দত্তচৌধুৰীয়ে অসম অভিযান্ত্ৰিক কলেজত গণিতৰ শিক্ষক হিচাপে যোগদান কৰে।

অসম অভিযান্ত্ৰিক কলেজত তেওঁ ১৯৫৭-৮২ চনলৈকে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে।

তেওঁ ১৯৬৫ – ৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ত অংশকালীন শিক্ষক হিচাপে সুখ্যাতিৰে সেৱা আগবঢ়ায়।

 

১৯৬৪ চনত অসম বাতৰি কাকত ত প্ৰকাশিত ‘অভিযোগ‘ চুটিগল্পৰে সাহিত্য জগতলৈ আত্মপ্ৰকাশ কৰে।

১৯৭১ চনত প্ৰকাশিত ‘মধুপুৰ আৰু তৰংগিনী‘ উপন্যাসৰ জৰিয়তে শীলভদ্ৰই ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰে।

তেওঁৰ বাকী উপন্যাসকেইখন হ’ল- অনুসন্ধান, গধূলি, আগমনীৰ ঘাট, আহঁতগুৰি, অবিচ্ছিন্ন, প্ৰাচীৰ, অনুসন্ধান, উপন্যাস সমগ্ৰ

তেখেতে মুঠ ২৬ খনমান গল্পপুথি ৰচনা কৰে।

তাৰ ভিতৰত উল্লেখযোগ্য গল্পপুথি হৈছেঃ আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, শীলভদ্ৰৰ কুৰিটা গল্প, মেজাজ, ৰতুবাবুৰ গেৰেজ,প্ৰতীক্ষা
উত্তৰণ, বিশ্বাস আৰু অন্যান্য গল্প, দায়িত্ব আৰু অন্যান্য গল্প, জীৱন আৰু অন্যান্য গল্প

আত্মজীৱনীঃ মধুপুৰৰ স্মৃতি,
স্মৃতিচাৰণ, অতীতৰ খণ্ডিত চিত্ৰ

তেখেতক ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা।
১৯৯০ চনত অসম প্ৰকাশন পৰিষদ বঁটা।
২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা।
১৯৯০ চনত ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে।

তেখেতে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব।

২০০৮ চন ২৯ ফেব্ৰুৱাৰীত তেখেত মৃত্যু হয়।

মিচিং স্বায়ত্তশাসিত পৰিষদ  Mising Autonomous Council
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *